ETV Bharat / international

নিজেৰৰ গণহত্যা: একেটা দিনতে ৫৮ গৰাকী ব্যৱসায়ীক গুলীয়াই হত্যা - বাণীবাংগৌৰ পশুধন বজাৰ

পশ্চিম আফ্ৰিকাৰ নিজেৰৰ সমস্যাজৰ্জৰ সীমান্তৰ সমীপত বাণীবাংগৌৰ পশুধন বজাৰৰ পৰা ঘৰলৈ ওভতা ব্যৱসায়ীৰ ওপৰত গুলীচালনা । সন্ত্ৰাসবাদীৰ গুলীত প্ৰাণ গ'ল ৫৮ গৰাকী ব্যৱসায়ীৰ । লগতে সন্ত্ৰাসবাদীয়ে লণ্ড-ভণ্ড কৰিলে খাদ্য সামগ্ৰীৰ বিপণী ।

নিজেৰৰ গণহত্যাঃ একেটা দিনতে ৫৮ গৰাকী ব্যৱসায়ীক গুলীয়াই হত্যা

author img

By

Published : Mar 17, 2021, 6:22 PM IST

ইণ্টাৰনেশ্যনেল ডেস্ক,১৭ মাৰ্চ: সোমবাৰে পশ্চিম আফ্ৰিকাৰ নিজেৰত সন্দেহযুক্ত সন্ত্ৰাসবাদীৰ গুলীত প্ৰাণ হেৰুৱালে ৫৮ গৰাকী নিৰীহ লোকে । বাইকেৰে অহা সন্ত্ৰাসবাদীয়ে নিৰ্বিচাৰ গুলীচালনা কৰে বাণীবাংগৌৰ পশুধন বজাৰৰ পৰা ঘৰলৈ ওভতা ব্যৱসায়ীসকলৰ ওপৰত । লগতে খাদ্য সামগ্ৰীৰ গুদাম জ্বলাই দিয়ে । নিজেৰৰ চৰকাৰী সূত্ৰই এই কথা প্ৰকাশ কৰিছে । সোমবাৰৰ গণহত্যাৰ ঘটনাৰ দায়িত্ব তাৎক্ষণিকভাৱে কোনেও স্বীকাৰ কৰা নাছিল ।

ইছলামিক ষ্টেটৰ গ্ৰেটাৰ চাহাৰা গোটৰ সন্ত্ৰাসবাদী যিহেতু তিলাবেৰী অঞ্চলত সক্ৰিয় বুলি তথ্য লাভ কৰা হৈছে, সেয়ে তেওঁলোকেই এই ঘটনা সংঘটিত কৰাৰ সন্দেহ কৰা হৈছে । সন্ত্ৰাসবাদী আক্ৰমণৰ বলি হোৱা লোকসকলে বাণীবাংগৌৰ পশুধন বজাৰৰ পৰা ঘৰলৈ ওভতাৰ পথতে এই শিহৰণকাৰী বৰ্বৰ কাণ্ড সংঘটিত হয় । মঙলবাৰে সন্ধিয়া নিজেৰৰ ৰাজ্যিক টেলিভিছনত চৰকাৰী মুখপাত্ৰ আব্দৌৰাহমানে জাকাৰিয়াই গণহত্যাৰ কথা ঘোষণা কৰে আৰু ভুক্তভোগী সকললৈ শ্ৰদ্ধা নিবেদন কৰি তিনিদিনৰ বাবে ৰাষ্ট্ৰীয় শোক দিৱস ঘোষণা কৰে ।

সোমবাৰৰ গণ আক্ৰমণে যোৱা ফেব্ৰুৱাৰী মাহত নিৰ্বাচিত হোৱা নিজেৰৰ নতুন ৰাষ্ট্ৰপতি মহম্মদ বাজৌমে সন্মুখীন হোৱা নিৰাপত্তাজনিত প্ৰত্যাহ্বানকে সূচাইছে ৷ বিশ্লেষকসকলৰ মতে, সন্ত্ৰাসবাদী সক্ৰিয় হৈ থকাৰ বাবে আন্তঃসাম্প্ৰদায়িক উত্তেজনা বৃদ্ধি হৈছে । বিশেষকৈ মালি আৰু নিজেৰৰ সীমান্তত উত্তেজনা বাঢ়িছে । সোমবাৰৰ আক্ৰমণে পুনৰ জানুৱাৰী মাহত সংঘটিত হোৱা গণহত্যাৰ ঘটনাৰ ক'লা স্মৃতি সজীৱ কৰি তোলে ।

এই আক্ৰমণত তিলাবেৰী অঞ্চলৰ দুখনকৈ গাঁৱত ১০০ জন লোকৰ মৃত্যু হৈছিল । ২০১৯ চনৰ ডিচেম্বৰ মাহত সন্ত্ৰাসবাদীয়ে তিলাবেৰী অঞ্চলত সামৰিক বাহিনীৰ ওপৰত আক্ৰমণ কৰিছিল আৰু ৭০ জনতকৈ অধিক লোকৰ মৃত্যু হৈছিল । ২০২০ চনৰ জানুৱাৰী মাহত ৮৯ জনতকৈও অধিক লোকক হত্যা কৰা হৈছিল । ২০১৭ চনতে এই অঞ্চলৰে সমীপত নাইজেৰিয়াৰ পাঁচজন সহকৰ্মীসহ আমেৰিকাৰ বিশেষ বাহিনীৰ চাৰিজন সৈনিকক হত্যা কৰা হৈছিল ।

লগতে পঢ়ক: ১ ফেব্ৰুৱাৰীৰ পৰা ম্যানমাৰত প্ৰায় ১৩৮ জনৰ মৃত্যু: ৰাষ্ট্ৰসংঘ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.