ETV Bharat / headlines

নগাঁৱৰ আছুৰ গণ সত্যাগ্ৰহ - নগাঁৱৰ আছুৰ গণ সত্যাগ্ৰহ

নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত চিৰাঙৰ বিভিন্ন স্থানতো অব্যাহত থাকে প্ৰতিবাদ ৷ নগাঁৱৰ নেহৰুৱালীত ছাত্ৰ সন্থাৰ উদ্যোগত আয়োজন কৰা হয় গণ সত্যাগ্ৰহ কাৰ্যসূচী ৷

AASU protest in Nagaon
নগাঁৱৰ আছুৰ গণ সত্যাগ্ৰহ
author img

By

Published : Dec 17, 2019, 10:41 PM IST

নগাঁও,চিৰাং,17 ডিচেম্বৰ: নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত মঙলবাৰে নগাঁৱৰ নেহৰুৱালীত ছাত্ৰ সন্থাৰ উদ্যোগত আয়োজন কৰা হয় গণ সত্যাগ্ৰহ কাৰ্যসূচী ৷ গণ সত্যাগ্ৰহ কাৰ্যসূচীত নগাঁৱৰ বাঙালী সন্মিলনী,সাহিত্য সভা,শিখ সমাজ,প্ৰশাসন কৰ্মচাৰী সন্থা,শিল্পী,সাংবাদিকৰ লগতে কেইবাটাও চৰকাৰী বেচৰকাৰী সংস্থাই অংশগ্ৰহণ কৰে । প্ৰতিবাদকাৰীসকলে অসমৰ শান্তি সম্প্ৰীতি বিনষ্ট কৰিবলৈ কেন্দ্ৰই এই আইন প্ৰণয়ন কৰাৰ অভিযোগ উত্থাপন কৰি আইনখন কোনোপধ্যে মানি নোলোৱাৰ হুংকাৰ দিয়ে ৷

নগাঁৱৰ আছুৰ গণ সত্যাগ্ৰহ

প্ৰতিবাদকাৰীসকলে নেহেৰুৱালীৰ পৰা নগাঁও চহৰৰ মাজেৰে কেইবা সহস্ৰাধিক লোকৰ এক বিশাল প্ৰতিবাদী সমদল উলিয়াই নগাঁও জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত উপস্থিত হৈ "হয় কা' বাতিল কৰক,নহ'লে আমাক গ্ৰেপ্তাৰ কৰক" শ্ল'গানেৰে পৰিৱেশ উত্তাল কৰি তোলে । নগাঁও জিলা ছাত্ৰ সন্থাৰ নেতৃত্বত যোৱা প্ৰতিবাদকাৰীসকলে জিলা উপায়ুক্তৰ জৰিয়তে প্ৰধানমন্ত্ৰীলৈ এক স্মাৰকপত্ৰও প্ৰেৰণ কৰে। লগতে নাগৰিকত্ব সংশোধনী আইন কাৰ্যকৰী হ'লে সমগ্ৰ মধ্য অসম বন্ধ দিয়াৰ হুংকাৰ দিয়ে প্ৰতিবাদকাৰীসকলে।

নগাঁৱৰ আছুৰ গণ সত্যাগ্ৰহ

নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত চিৰাংৰ বিভিন্ন স্থানত মঙলবাৰে অব্যাহত থাকে প্ৰতিবাদ ৷ চিৰাঙৰ বাসুগাঁওত সদৌ অসম ছাত্ৰ সন্থাই নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাত আক্ৰাছু, চিলাৰায় উন্নয়ন মঞ্চ,সূত্ৰধৰ ছাত্ৰ সন্থাকে আদি কৰি কেবাটাও সংগঠনৰ সহযোগত প্ৰতিবাদী সভা অনুষ্ঠিত কৰাৰ লগতে বাহিৰ কৰে প্ৰতিবাদী সমদল। চিৰাং বঙাইগাঁৱত এই আইনৰ বিৰুদ্ধে আমছুৰ চাৰিঘন্টীয়া অনশন কাৰ্যসূচী ৰূপায়ণ কৰে ৷ আনহাতে বঙাইগাঁও চহৰৰ মাজমজিয়াত শিল্পীসকলে একগোট হৈ গীত, কবিতাৰে বিৰোধিতা কৰে নাগৰিকত্ব সংশোধনী বিধেয়কৰ ৷ চৰকাৰে বলপূৰ্বকভাবে অসমবাসীৰ ওপৰত আইনখন জাপি দিব বিচাৰিলে প্ৰতিবাদকাৰীসকলে অনাগত দিনত তীব্ৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে ৷

লগতে চাওকঃবুধবাৰৰ পৰা আৰম্ভ হ'ব সকলো ৰে'লৰ চলাচল

Intro:নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত নগাঁৱত ছাত্ৰ সন্থাৰ উদ্যোগত গণসত্যাগ্ৰহত কেবাসহস্ৰাধিকৰ অংশগ্ৰহণ। প্ৰতিবাদী কাৰ্য্যসূচীত অংশগ্ৰহণ কৰি কা' আমি নামনো বুলি হুংকাৰ অন্যান্য সংগঠনৰ লগতে নগাওঁ বাঙালী সন্মিলনীয়েও। অসমৰ সম্প্ৰীতি বিনষ্ট কৰিবলৈ কেন্দ্ৰই এই আইন প্ৰণয়ন কৰা বুলি মন্তব্য বাঙালী সন্মিলনীৰ। প্ৰতিবাদী কাৰ্য্যসূচীত অংশগ্ৰহণ নগাঁৱৰ শিল্পী, সাংবাদিক, কৰ্মচাৰী সন্থা।

Body:কলঙৰ বাকৰিৰ পৰাই নাগৰিকত্ব সংশোধনী আইন নমনাৰ হুংকাৰ কেবাসহস্ৰাধিকৰ। হুংকাৰ বাঙালী সন্মিলনীৰো। হিন্দু বাঙালী বিদেশীক সুৰক্ষা দিয়াৰ নামত কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে আইনত পৰিণত কৰা নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে এইবাৰ নগাঁৱত ওলাই আহিছে নগাওঁ বাঙালী সন্মিলনী। ওলাই আহিছে হাজাৰ হাজাৰ জনতা। মঙলবাৰে নগাঁৱত নগাওঁ জিলা ছাত্ৰ সন্থাৰ উদ্যোগত গ্ৰহণ কৰা গণসত্যাগ্ৰহ কাৰ্য্যসূচীৰ দৃশ্য এয়া। নগাঁৱৰ নেহৰুৱালীত সমবেত হোৱা কেবাসহস্ৰাধিক লোকৰ সন্মুখত নগাওঁ বাঙালী সন্মিলনীৰো হুংকাৰ আমি কোনো কাৰণত নামনো নাগৰিকত্ব সংশোধনী আইন। দীৰ্ঘদিন ধৰি শান্তি সম্প্ৰীতিৰে বসবাস কৰি অহা লোকৰ মাজৰ সম্প্ৰীতি বিনষ্ট কৰিবলৈ কেন্দ্ৰই নাগৰিকত্ব সংশোধনী আইন প্ৰণয়ন কৰা বুলি মন্তব্য কৰে বাঙালী সন্মিলনীৰ নেতাই।
bite- ভাষণ বাঙালী সন্মিলনী।
vo- কলঙৰ বাকৰি নেহেৰুৱালীত অনুষ্ঠিত গণসত্যাগ্ৰহ কাৰ্য্যসূচীত নগাঁৱৰ শিখ সমাজ, শিল্পী, সাংবাদিক, প্ৰশাসন কৰ্মচাৰী সন্থা, নগাওঁ জিলা সাহিত্য সভাৰ প্ৰতিনিধিয়ে কা' ৰ বিৰুদ্ধে ভাষণ প্ৰদান কৰে। নেহেৰুৱালীৰ পৰা কেবাসহস্ৰাধিক লোকৰ এক বিশাল প্ৰতিবাদী সমদল উলিওৱা হয় নগাওঁ চহৰৰ মাজেৰে। সমদল কৰি প্ৰতিবাদী জনতা উপস্থিত হয় নগাওঁ জিলা উপায়ুক্ত কাৰ্য্যালয়ৰ সন্মুখত। হয় কা' বাতিল কৰক নহলে আমাক গ্ৰেপ্তাৰ কৰক শ্ল'গানেৰে উত্তাল কৰি তোলে পৰিবেশ। জিলা উপায়ুক্তৰ জৰিয়তে নগাওঁ জিলা ছাত্ৰ সন্থাই দেশৰ প্ৰধানমন্ত্ৰীলৈ প্ৰেৰণ কৰে স্মৰকপত্ৰ। ইপিনে নাগৰিকত্ব সংশোধনী আইন কাৰ্য্যকৰী হলে সমগ্ৰ মধ্য অসম বন্ধ দিয়াৰ হুংকাৰ নগাওঁ জিলা ছাত্ৰ সন্থাৰ।
bite-
-------------------------------------------------------
নগাঁৱৰ পৰা ৰকিবুল ওৱাহিদ, ই টি ভি ভাৰত অসম
১৭-১২-২৯

Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.