চিটাৰা ডেস্ক, 27 ছেপ্টেম্বৰ: মোহিত ৰাইনা আৰু কংকনা সেন শৰ্মাৰ অভিনীত মুম্বাই ডায়েৰীজৰ দ্বিতীয় ছিজন অতি সোনকালে মুক্তি পাব । শেহতীয়াকৈ এই ৱেব ছিৰিজৰ দ্বিতীয় ছিজনৰ কথা ঘোষণা কৰা হৈছিল । এতিয়া ২৭ ছেপ্টেম্বৰত অৰ্থাৎ আজি মুক্তি পালে মুম্বাই ডায়েৰীজৰ ছিজন ২ ৰ টিজাৰ ।
মুম্বাই ডায়েৰীজৰ প্ৰথম ছিজনত মুম্বাইত সংঘটিত ২৬/১১ সন্ত্ৰাসবাদী আক্ৰমণৰ কাহিনী আৰু এই ঘটনাৰ সময়ত চহৰখনত সৃষ্টি হোৱা বিশৃংখল পৰিৱেশৰ কাহিনী দেখুওৱা হৈছিল । একে সময়তে এইবাৰ অৰ্থাৎ দ্বিতীয় ছিজনত মুম্বাইৰ বানৰ কাহিনী দেখুওৱা হ’ব ।
- " class="align-text-top noRightClick twitterSection" data="">
দ্বিতীয় ছিজনত দেখুওৱা হ’ব বানৰ কাহিনী
মুম্বাই ডায়েৰীজৰ দ্বিতীয় ছিজনত বোম্বাই জেনেৰেল হাস্পতালৰ চিকিৎসক, প্ৰশিক্ষণৰ বাবে অহা চিকিৎসা বিজ্ঞানৰ ছাত্ৰ-ছাত্ৰী আৰু কৰ্মচাৰীসকলে সন্ত্ৰাসবাদী আক্ৰমণৰ ফলত সৃষ্টি হোৱা পৰিস্থিতিৰ সন্মুখীন হৈ মুম্বাইৰ বানৰ সৈতে যুঁজি থকা দেখা যাব । ইয়াৰ আভাস ধাৰাবাহিকখনৰ টিজাৰত দেখা পোৱা গৈছে ।
কেতিয়া মুক্তি পাব ধাৰাবাহিকখন ?
৬ অক্টোবৰত Amazon Prime Video ত মুক্তি পাব মুম্বাই ডায়েৰীৰ ছিজন ২। আকৌ এবাৰ ধাৰাবাহিকখনত দেখা যাব এক শক্তিশালী ষ্টাৰ কাষ্টক । ইয়াৰ ভিতৰত আছে কংকনা সেন শৰ্মা আৰু মোহিত ৰাইনাৰ লগতে টিনা দেশাই, শ্ৰেয়া ধনৱন্ত্ৰী, সত্যজিৎ ডুবে, নতাশা ভৰদ্বাজ, মৃণমী দেশপাণ্ডে আৰু প্ৰকাশ বেলাৱাড়ী ।
ধাৰাবাহিকখনৰ পৰিচালক
মুম্বাই ডায়েৰীজৰ দ্বিতীয় ছিজন পৰিচালনা কৰিছে নিখিল আডৱানীয়ে আৰু প্ৰযোজনা কৰিছে এম এ এণ্টাৰটেইনমেণ্টৰ মনীষা আডৱানী আৰু মধু ভোজৱানীয়ে ।
মুম্বাই ডায়েৰীজৰ কাহিনী
মুম্বাই ডায়েৰীজৰ প্ৰথম ছিজনৰ কথা ক’বলৈ গ’লে ২০২১ চনত মুক্তি লাভ কৰিছিল । ধাৰাবাহিকখনৰ কাহিনী ২০০৮ চনৰ মুম্বাই আক্ৰমণক কেন্দ্ৰ কৰি নিৰ্মাণ কৰা হৈছে । বোম্বাই জেনেৰেল হাস্পতালৰ কৰ্মচাৰীৰ কাহিনী মুম্বাই ডায়েৰীজত দেখুওৱা হৈছিল । ধাৰাবাহিকখনত চিকিৎসালয়খনৰ চিকিৎসক, কৰ্মচাৰী আৰু ৰোগীয়ে ২০০৮ চনৰ ২৬ নৱেম্বৰৰ সেই ভয়াৱহ নিশাৰ সন্মুখীন হোৱাৰ কাহিনী দেখুওৱা হৈছে ৷ ইয়াৰ লগতে হোটেল তাজত হোৱা আক্ৰমণৰ কাহিনী আৰু এই ঘটনাৰ বাতৰি পৰিৱেশন কৰা এজন সাংবাদিকৰো কাহিনী মুম্বাই ডায়েৰীজত সন্নিবিষ্ট কৰা হৈছিল ।
লগতে পঢ়ক: Tiger 3: দেশদ্ৰোহী নে দেশপ্ৰেমিক ? ভাৰতৰ পৰা চৰিত্ৰৰ প্ৰমাণ পত্ৰ বিচাৰিছে ছলমান খানে