ETV Bharat / entertainment

Mohit Raina : মহাদেৱৰ ঘৰলৈ আহিল নতুন আলহী

জনপ্ৰিয় টিভি ধাৰাবাহিক ‘দেৱন কে দেৱ মহাদেৱ’ৰ অভিনেতা মোহিত ৰাইনাৰ ঘৰত আহিল সু-খবৰ (Mohit Raina)। অনুৰাগীৰ সৈতে অভিনেতাগৰাকীয়ে শ্বেয়াৰ কৰিলে এই ভাল খবৰ । সবিশেষ জানিবলৈ পঢ়ক এই প্ৰতিবেদন ৷

author img

By

Published : Mar 17, 2023, 10:47 PM IST

MOHIT RAINA WITH WIFE BECOMES PARENTS TO A BABY GIRL ACTOR SHARES PIC
অভিনেতা মোহিত ৰাইনাৰ ঘৰত আহিল সুখবৰ

চিটাৰা ডেস্ক, 17 মাৰ্চ: টিভি উদ্যোগৰ পৰা আহিছে এটা ভাল খবৰ ৷ টেলিভিছৰ জনপ্ৰিয় ধাৰাবাহিক ‘দেৱ কে দেৱ মহাদেৱ’ত মহাদেৱৰ চৰিত্ৰত অভিনয় কৰি জনপ্ৰিয় হৈ পৰা অভিনেতা মোহিত ৰাইনাৰ বাসগৃহত আহিছে নতুন আলহী ৷ অভিনেতাগৰাকীৰ পত্নী অদিতি শৰ্মা ৰাইনাই জন্ম দিছে এটি কন্যা সন্তান । ছ’চিয়েল মিডিয়াত অনুৰাগীৰ সৈতে এই বিশেষ ক্ষণ শ্বেয়াৰ কৰে কৰিছে অভিনেতাগৰাকীয়ে (Mohit Raina becomes father to baby girl) ।

কন্যাৰ এখন মৰমলগা ছবি ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে মোহিতে । ছবিখনত অভিনেতাগৰাকীৰ কন্যা আৰু স্বামী-স্ত্ৰীৰ আঙুলি দেখা পোৱা গৈছে ৷ এই ভাল খবৰটো শ্বেয়াৰ কৰি অভিনেতাগৰাকীয়ে লিখিছে," এতিয়া আমি তিনিগৰাকী, বেবী গাৰ্লক পৃথিৱীত আদৰণি জনোৱা হৈছে ।" ছ’চিয়েল মিডিয়াত ফটো পোষ্ট কৰাৰ পিচতে অভিনেতাগৰাকীক অনুৰাগীয়ে অভিনন্দন জ্ঞাপন কৰে । অভিনেতাগৰাকীৰ অধিকাংশ অনুৰাগীয়ে কমেন্টত ৰঙা হৃদয়ৰ ইমোজি প্ৰেৰণ কৰিছে (Mohit Raina) ।

যোৱা বছৰ বিবাহপাশত আৱদ্ধ হৈছিল মোহিত-অদিতি

২০২২ বৰ্ষৰ ১ জানুৱাৰীত বিবাহপাশত আৱদ্ধ হৈছিল মোহিত ৰাইনা আৰু অদিতি শৰ্মা ৷ বিবাহৰ ধুনীয়া ধুনীয়া ছবিও ছ’চিয়েল মিডিয়া একাউণ্টত শ্বেয়াৰ কৰিছিল অভিনেতাগৰাকীয়ে ৷ ইয়াৰ পিচতে অনুৰাগীৰ পৰা বহুত মৰম আৰু বয়োজ্যেষ্ঠসকলৰ পৰা আশীৰ্বাদ লাভ কৰিছিল । ইফালে বিয়াৰ পিচত দুয়োৰে বিবাহ বিচ্ছেদৰ খবৰো ছ’চিয়েল মিডিয়াত তীব্ৰগতিত ভাইৰেল হৈছিল ৷ যদিও অভিনেতাগৰাকীয়ে এই সকলোবোৰ খবৰক আওকান কৰি জীৱনটোক আগুৱাই লৈ গৈছিল । বৰ্তমান বিয়াৰ এবছৰৰ পাচত মোহিত-অদিতিৰ ঘৰত আহিল এটি কন্যা সন্তান (Mohit Raina Wife Aditi Sharma Become Proud Parents) ৷

2023 বৰ্ষত ভাল খবৰ দিয়া চেলিব্ৰিটিসকল

ইয়াৰ পূৰ্বে বলীউডৰ জগতখন এৰি যোৱা প্ৰাক্তন অভিনেত্ৰী ছানা খানৰ অন্তঃসত্বা হোৱাৰ খবৰ আহিছিল ৷ সংবাদ মাধ্যমৰ বাতৰি অনুসৰি চলিত বৰ্ষৰ জুন মাহত ছানা খান মাতৃ হ’বলৈ গৈ আছে । আনহাতে, ছানাৰ পিচত অজয় ​​দেৱগণৰ অভিনীত ছবি দৃশ্যয়ম অভিনয় কৰা অভিনেত্ৰী ইশিতা দত্তই ৰাজহুৱাভাৱে নিজৰ বেবী বাম্প প্ৰদৰ্শন কৰি অনুৰাগীক আচৰিত কৰি তোলে ৷

লগতে পঢ়ক: Swara-Fahad wedding: স্বৰা-ফাহাদৰ অভ্যৰ্থনা অনুষ্ঠানত অংশগ্ৰহণ ৰাহুল গান্ধী, জয়া বচ্চনকে ধৰি বহু নেতাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.