ETV Bharat / entertainment

হৰ্ষদ চোপ্ৰা-তেজস্বীয়ে লাভ কৰিলে আই টি এ বঁটা, বঁটা বিতৰণী অনুষ্ঠানত অংশগ্ৰহণ বহু চেলিব্ৰিটিৰ

author img

By ETV Bharat Assamese Team

Published : Dec 11, 2023, 4:10 PM IST

ITA Awards 2023: দেওবাৰে অনুষ্ঠিত হৈ যায় টিভিৰ আটাইতকৈ ডাঙৰ এৱাৰ্ড শ্ব’ আই টি এ এৱাৰ্ডছ ৷ কোনে কোনে এই বঁটা লাভ কৰিলে জানো আহক এই প্ৰতিবেদনত ৷

ITA Awards 2023: Tejasswi Prakash, Harshad Chopda win big in star studded event with Hrithik Roshan, Rani Mukerji in attendance - watch
আই টি এ এৱাৰ্ডছ

চিটাৰা ডেস্ক, ১১ ডিচেম্বৰ: দেওবাৰে নিশা মুম্বাইত অনুষ্ঠিত হয় টিভিৰ আটাইতকৈ ডাঙৰ এৱাৰ্ড শ্ব’ আই টি এ এৱাৰ্ডছ । অৱশ্যে এই বঁটা বিতৰণী অনুষ্ঠানটো টিভিত ২৩ ডিচেম্বৰত প্ৰচাৰ হ’ব । সৰু পৰ্দাৰ আটাইতকৈ ডাঙৰ এৱাৰ্ড শ্ব’ত অ’টিটি আৰু বলীউডৰ চেলিব্ৰিটিসকলেও অংশগ্ৰহণ কৰে । টিভি উদ্যোগৰ বহু জনপ্ৰিয় অভিনেতা-অভিনেত্ৰীয়েও এই অনুষ্ঠানত অংশগ্ৰহণ কৰে । ইয়াৰ উপৰিও একাংশ তাৰকাই ছ’চিয়েল মিডিয়াত ট্ৰফীৰ সৈতে ফটোও শ্বেয়াৰ কৰিছে । এইবাৰ ‘য়ে ৰিস্তা ক্যা কেহলাতা হে’ খ্যাত অভিনেতা হৰ্ষদ চোপ্ৰাই শ্ৰেষ্ঠ অভিনেতাৰ বঁটা লাভ কৰিছে ।

এতিয়া অনুৰাগীয়ে আগ্ৰহেৰে অপেক্ষা কৰি আছে আইটিএত কোনে কোনটো শিতানত বঁটা লাভ কৰিছে সেয়া জানিবলৈ ৷ সম্পূৰ্ণ তালিকা এতিয়াও প্ৰকাশ হোৱা নাই যদিও ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে বঁটা পোৱা কিছু অভিনেতা-অভিনেত্ৰীৰ ফটো । অভিনেতা হৰ্ষদ চোপ্ৰাই ‘য়ে ৰিস্তা ক্যা কেহলাতা হে’ ধাৰাবাহিকত অভিমন্যুৰ চৰিত্ৰত অভিনয় কৰি সৰ্বাধিক জনপ্ৰিয় শ্ৰেষ্ঠ অভিনেতাৰ বঁটা লাভ কৰিছে । অভিনেতাগৰাকীয়ে নিজৰ ইনষ্টাগ্ৰাম একাউণ্টত ট্ৰফীসহ এখন ছবি পোষ্ট কৰিছে । অভিনেতাগৰাকীয়ে কেপচনত লিখিছে, ‘‘মঞ্চত সকলো ক’লো, এতিয়া ক’বলৈ একো নাই... মাথোঁ বাকী আছে 'অভিমান্যু বিৰলা' বুলি চহী কৰা ৷ মই অনুভৱ কৰা নাছিলো যে মই যোৱা দুবছৰ ধৰি @theitaofficial ট্ৰফী পোষ্ট কৰা নাই । 23 তাৰিখে আপোনালোকক লগ পাম ।"

হৰ্ষদ চোপ্ৰাৰ উপৰিও ‘নাগিন ৬’ ধাৰাবাহিকত উৎকৃষ্ট অভিনয়ৰ বাবে অভিনেত্ৰী তেজস্বী প্ৰকাশে শ্ৰেষ্ঠ জনপ্ৰিয় অভিনেত্ৰীৰ বঁটা লাভ কৰিছে । ইফালে ‘কথা অংকাহী’ৰ বাবে শ্ৰেষ্ঠ অভিনেত্ৰী জুৰী মহিলাৰ বঁটা লাভ কৰিছে অদিতি দেৱ শৰ্মাই । শ্ব’টোত কথাৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছে অদিতিয়ে । আই টি এ এৱাৰ্ডছৰ সম্পূৰ্ণ বিজয়ীৰ তালিকাৰ নাম এতিয়াও প্ৰকাশ পোৱা নাই । কিন্তু শীঘ্ৰেই প্ৰকাশ পাব বিজয়ীৰ সম্পূৰ্ণ তালিকা ।

এইবাৰ শিৱাংগী যোশী আৰু প্ৰণালি ৰাথোড়ে লাভ কৰা নাই কোনো বঁটা । ‘বড়ে আচ্ছে লগতে হে ২’ৰ অভিনেতা নকুল মেহতা আৰু পৰিতোষ ত্ৰিপাঠী অনুষ্ঠানটোৰ আঁত ধৰোতা হিচাপে উপস্থিত থাকে । অনুষ্ঠানৰ মুখ্য অতিথি হিচাপে উপস্থিত থাকে স্মৃতি ইৰাণী । বলীউডৰ অভিনেতা হৃতিক ৰোশনেও পিতৃ ৰাকেশ ৰোশনৰ সৈতে এই অনুষ্ঠানটোত অংশগ্ৰহণ কৰে ।

লগতে পঢ়ক: অনন্যা পাণ্ডেৰ সৈতে সম্পৰ্কত আছে নেকি আদিত্য ৰয় কাপুৰ ? এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ অভিনেতাগৰাকীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.