ETV Bharat / entertainment

বিতৰ্কত মুনাৱাৰ ফাৰুকী, সমৰ্থনত আগবাঢ়ি আহিল অনুৰাগী - মুনাৱাৰ ফাৰুকী

Munawar Faruqui Bigg Boss 17: বিগ বছ ছিজন ১৭ ত বিতৰ্কৰ আৱৰ্তত সোমাই পৰিছে ষ্টেণ্ড আপ কমেডিয়ান মুনাৱাৰ ফাৰুকী ৷ শেহতীয়াকৈ শ্ব’টোত এন্ট্ৰি কৰিছে মুনাৱাৰ ফাৰুকীৰ প্ৰেমিকাই ৷ ইয়াৰ পিচতে প্ৰেমিকাগৰাকীয়ে মুনাৱাৰ ফাৰুকীৰ বিৰুদ্ধে বহুকেইটা অভিযোগ উত্থাপন কৰে ৷ ইয়াৰ মাজতে এতিয়া ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীয়ে মুনাৱাৰ ফাৰুকী আগবঢ়াইছে সমৰ্থন ৷

Bigg Boss 17: 'I am not fake', says Munawar Faruqui as he breaks down after Ayesha Khan accuses him of doing two-timing - watch
বিগ বছ ১৭ মুনাৱাৰ ফাৰুকী
author img

By ETV Bharat Assamese Team

Published : Dec 18, 2023, 1:45 PM IST

চিটাৰা ডেস্ক, ১৮ ডিচেম্বৰ: বিগ বছৰ ১৭ ছিজন আৰম্ভ হোৱাৰ পিচৰে পৰা বাতৰিৰ শিৰোনাম দখল কৰি আহিছে ৷ শ্ব’টো আৰম্ভ হোৱাৰ পিচৰে পৰা ড্ৰামা, কাজিয়া, মত বিৰোধ সকলো দেখা পোৱা গৈছে ৷ এই সকলোবোৰ মাজতে এতিয়া বিগ বছৰ ১৭ ছিজনত বিতৰ্কৰ মাজত সোমাই পৰিছে মুনাৱাৰ ফাৰুকী । এফালে যদি যোৱা উইকেণ্ড কা ৱাৰত ছলমান খানে মুনাৱাৰক সমালোচনা কৰিছে, আনফালে তেওঁৰ প্ৰেমিকা আয়েশা খানে শ্ব’টোত এন্ট্ৰি কৰিছে ৷ এন্ট্ৰি কৰাৰ লগতে মুনাৱাৰে একেলগে দুগৰাকীক ডেট কৰা বুলি অভিযোগ উত্থাপন কৰে আয়েশা খানে ৷

আয়েশাৰ সৈতে হোৱা সংঘৰ্ষৰ পিচতে আৱেগিক হৈ পৰে মুনাৱাৰ ৷ ষ্টেণ্ড আপ কমেডিয়ানগৰাকীয়ে কান্দি কান্দি বিগ বছৰ প্ৰতিযোগীসকলক কয়,"আপোনোলোকে মোক যোৱা ন সপ্তাহ ধৰি দেখি আহিছে । মই Fake নহয় ।"

অৱশ্যে এই সকলোবোৰৰ মাজতে এতিয়া ছ’চিয়েল মিডিয়াত অনুৰাগীয়ে মুনাৱাৰ ফাৰুকীক সম্পূৰ্ণ সমৰ্থন আগবঢ়াইছে । কেৱল এয়াই নহয়, ষ্টেণ্ড আপ কমেডিয়ানগৰাকীক বদনাম কৰা বুলি ছ’চিয়েল মিডিয়াত ব্যৱহাৰকাৰীয়ে তেওঁৰ প্ৰেমিকা আয়েশাক সমালোচনা কৰিছে ৷ ইয়াৰ লগতে মুনাৱাৰ ফাৰুকীৰ প্ৰেমিকা নাজিলা সীতাশিৰ এই কাৰ্যৰ বাবেও ছ’চিয়েল মিডিয়াত তেওঁক সমালোচনা কৰে ।

প্ৰেয়সীয়ে বদনাম কৰিছে নেকি মুনাৱাৰ ফাৰুকীক ?

ছ’চিয়েল মিডিয়াত নিজৰ পোষ্টৰ বাবে প্ৰায়ে বাতৰিৰ শিৰোনাম দখল কৰে মুনাৱাৰ ফাৰুকীৰ প্ৰেমিকা নাজিলা সীতাশিয়ে । কিছুদিন পূৰ্বে ইনষ্টাগ্ৰাম একাউণ্ট নিষ্ক্ৰিয় কৰিছিল যদিও পুনৰবাৰ ছ’চিয়েল মিডিয়ালৈ ঘূৰি আহিছে নাজিলা । ইনষ্টাগ্ৰামত নাজিলাই কামবেক কৰাৰ লগে লগে ব্যৱহাৰকাৰীসকল ক্ষুব্ধ হৈ পৰে নাজিলাৰ ওপৰত ৷

আয়েশা খানৰ উপৰিও বহু ব্যৱহাৰকাৰীয়ে মুনাৱাৰৰ বৰ্তমানৰ প্ৰেমিকা নাজিলা সীতাশিৰ বিৰুদ্ধেও অভিযোগ উত্থাপন কৰে যে দুয়োগৰাকীয়ে মুনাৱাৰ ফাৰুকীক বদনাম কৰিবলৈ চেষ্টা কৰিছে ৷ মুনাৱাৰ ফাৰুকীক বদনাম কৰি তেওঁলোক জনপ্ৰিয় হ’বলৈ চেষ্টা কৰিছে বুলি অভিযোগ উত্থাপন কৰে ।

বিগ বছ ১৭ ত আয়েশা খানৰ প্ৰৱেশৰ পিচত অনুৰাগীয়ে টুইটাৰত আৰম্ভ কৰিছে #STOPDEFAMINGMUNAWAR ৰ ট্ৰেণ্ড ।

এজন ব্যৱহাৰকাৰীয়ে লিখিছে, "মুনাৱাৰ, আপোনাৰ অনুৰাগীয়ে আপোনাক এনেকৈ ভাঙি যোৱা দেখিব নিবিচাৰে ।" আন এজন ব্যৱহাৰকাৰীয়ে লিখিছে, "মুনাৱাৰৰ সৈতে বিগ বছে কিয় মন্নৰাক থাকিব দিলে ? এই সকলোবোৰ কি চলি আছে, বিগ বছে কি দেখুৱাবলৈ চেষ্টা কৰিছে ?"

  • Don’t know what’s happening in this show but this is so sad. I mean u can’t do this. U can’t publicly destroy someone’s image like this.. housemate kuch bhi bole woh alag baat hai but bb people sending someone like this and try to destroy ur image. It’s his personal life. Sad 👎🏽 https://t.co/tedscpROAn

    — Aly Goni (@AlyGoni) December 17, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

ইফালে মুনাৱাৰক সমৰ্থন কৰিছে অভিনেতা আলী গনীয়ে ৷ আয়েশা খানৰ এণ্ট্ৰি দেখুওৱা প্ৰ’ম’ ভিডিঅ’টোৰ সন্দৰ্ভত আলীয়ে টুইট কৰি লিখিছে, ‘‘নাজানো এই শ্ব’টোত কি হৈছে । এইটো যথেষ্ট দুখৰ বিষয় । এনেকুৱা কৰিব নালাগে । ৰাজহুৱা স্থানত কাৰো ভাবমূর্তি কলংকিত কৰিব নোৱাৰি ৷ পৰিয়ালৰ লোকে যি কয়, সেয়া বেলেগ কথা । কিন্তু বিগ বছে কাৰোবাক শ্ব’টোত পঠিয়াই ভাবমূৰ্তি কলংকিত কৰিব বিচাৰিছে । এয়া তেওঁৰ ব্যক্তিগত জীৱন । বৰ দুখৰ কথা ।’’

লগতে পঢ়ক: অসম কন্যা খানজাদীৰ অসুস্থতাক লৈ ঠাট্টা প্ৰতিযোগীৰ, সমৰ্থনত ওলাই আহিল অনুৰাগী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.