ETV Bharat / entertainment

দাক্ষিণাত্যৰ প্ৰবীণ অভিনেতা বালায়াৰ বিয়োগ

author img

By

Published : Apr 10, 2022, 11:16 AM IST

টলীউডৰ প্ৰবীণ অভিনেতা, প্ৰযোজক, পৰিচালক বালায়াৰ ৯২ বছৰ বয়সত মৃত্যু (Veteran Tollywood actor Balayya passed away) । ১৯৫৮ চনত 'এটুকু পাই এট্টু'ৰ (Ettuku Pai Ettu) জৰিয়তে চলচ্চিত্ৰ জগত ভুমুকি মাৰিছিল বালায়াই । তেওঁৰ মৃত্যুত চলচ্চিত্ৰ আৰু ৰাজনৈতিক সমাজত শোকৰ ছাঁ ।

veteran-tollywood-actor-balayya-passes-away
দাক্ষিণাত্যৰ প্ৰবীণ অভিনেতা বালায়াৰ বিয়োগ

চিটাৰা ডেস্ক, ১০ এপ্ৰিল : টলীউডৰ এসময়ৰ জনপ্ৰিয় অভিনেতা বালায়াৰ মৃত্যু (Veteran Tollywood actor Balayya passed away) । ৯২ বছৰ বয়সত হায়দৰাবাদৰ ইউচুফগুৰাত থকা বাসগৃহত মৃত্যু ঘটে বৰ্ষীয়ান অভিনেতাগৰাকীৰ । জন্মদিনৰ দিনটোতে মৃত্যু ঘটে বিশিষ্ট অভিনেতা গৰাকীৰ । তেওঁৰ মৃত্যুত চলচ্চিত্ৰ আৰু ৰাজনৈতিক ক্ষেত্ৰত শোকৰ ছাঁ পৰা দেখা গৈছে ।

RIP Balayya

উল্লেখ্য যে, চলচ্চিত্ৰ উদ্যোগটোলৈ তেওঁৰ যথেষ্ট অৱদান আছে । অভিনেতা হোৱাৰ উপৰিও বালায়া একেধাৰে এগৰাকী প্ৰযোজক, পৰিচালক আৰু লেখক হিচাপে বিশেষ সুনাম অৰ্জন কৰিছে । ১৯৩০ চনৰ ৯ এপ্ৰিলত বৈকুণ্ঠপুৰমৰ চাৱাপাডু গাঁৱত তেওঁৰ জন্ম হৈছিল (Mannava Balayya was born at Chavupadu) । তেওঁ ১৯৫২ চনত মেকানিকেল ইঞ্জিনিয়াৰিঙত স্নাতক ডিগ্ৰী লাভ কৰিছিল ।

তেওঁ ১৯৫৭ চনলৈকে মাদ্ৰাজ আৰু কাকিনাডা পলিটেকনিক মহাবিদ্যালয়ত প্ৰৱক্তা হিচাপে কাম কৰিছিল । মাদ্ৰাজ গুণ্ডি কলেজত পঢ়ি থাকোতে তেওঁ প্ৰথমে নাটকত অভিনয় কৰিছিল ।

তেওঁ ১৯৫৮ চনত 'এটুকু পাই এট্টু' (Ettuku Pai Ettu) চলচ্চিত্ৰত মুখ্য চৰিত্ৰত অভিনয় কৰিছিল (His debut film is Ettuku Pai Ettu) । পৰৱৰ্তী সময়ত তেওঁ 'ভাগ্য দেৱতা'(Bhagya Devatha), 'কুমকুমা ৰেখা'(Kumkuma Rekha) চলচ্চিত্ৰতো অভিনয় কৰি বিশেষ সমাদৰ লাভ কৰে । তেওঁ 'ভূকাইলাছ'(Bhukailas) চলচ্চিত্ৰত ভগৱান শিৱৰ চৰিত্ৰত অভিনয় কৰিছিল । তেওঁ প্ৰায় ৩০০ খন চলচ্চিত্ৰত বিভিন্ন চৰিত্ৰত অভিনয় কৰিছিল ।

তেওঁ ১৯৭০ চনত অমৃতা ফিল্মছৰ প্ৰযোজনা আৰম্ভ কৰিছিল । তেওঁ নিজেই 'নেৰামু-শিক্ষা'(Neramu-Shiksha), 'অনাথাম্মুলা কথা'(Annathammula Katha), 'ইনাতি বন্ধম এনাতিধো'(Eenati Bandham Enatidho) চলচ্চিত্ৰ নিৰ্মাণ কৰিছিল । তেওঁ অন্ধ্ৰপ্ৰদেশ চৰকাৰৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ হিচাপে 'চেলেলি কাপুৰম'ৰ বাবে নন্দী বঁটা লাভ কৰিছিল ।

তেওঁ 'পুলিচ আল্লুডু' (১৯৯৪) আৰু 'ওৰিকিচিনা মাতা' (১৯৮১) পৰিচালনা আৰু প্ৰযোজনা কৰিছিল । তেওঁ নিজৰ চলচ্চিত্ৰৰ বাবে কেইবাটাও পুৰস্কাৰ লাভ কৰিছিল ৷ বহুকেইখন ধাৰাবাহিকতো অভিনয় কৰিছিল শিল্পীগৰাকীয়ে । অভিনেতা নন্দমুৰি বালকৃষ্ণই সামাজিক মাধ্যমৰ জৰিয়তে বালায়াৰ মৃত্যুৰ খবৰ লাভ কৰি সমবেদনা জ্ঞাপন কৰাৰ লগতে দুয়োগৰাকীয়ে কটাই অহা সময়ৰ স্মৃতি ৰোমন্থন কৰে ৷

লগতে পঢ়ক : অভিনয়ৰ লগতে ৰং-বিৰঙী শাৰীৰেও গুণমুগ্ধৰ হৃদয় জিনিছে স্বৰা ভাস্কৰে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.