ETV Bharat / entertainment

অভিনেত্ৰী চোনম কাপুৰৰ ঘৰো সাৰি নগ’ল চোৰৰ পৰা

author img

By

Published : Apr 9, 2022, 9:04 PM IST

দিল্লীস্থিত চোনম কাপুৰৰ ঘৰত সংঘটিত হ’ল চুৰি কাণ্ড (Sonam Kapoor latest news) ৷ কাপুৰৰ ঘৰৰ পৰা কোটি টকালৈ উধাও হ’ল চোৰ ৷

Sonam Kapoor latest news
চোনমৰ ঘৰত চোৰ

চিটাৰা ডেস্ক, 9 এপ্ৰিল: দিল্লীস্থিত চোনম কাপুৰৰ ঘৰত চোৰে লুটি নিলে কোটি টকা আৰু গহণা (Sonam Kapoor latest news) ৷ চোনমৰ শাহু আইতা সৰলা আহুজাই পুলিচ থানাত এটা চুৰি কাণ্ডৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাৰ পিছতেই খবৰটোৰ বিষয়ে অৱগত হয় সকলো ৷

তোগলক ৰ’ড পুলিচ থানাই গোচৰটো সন্দৰ্ভত তালাচী আৰম্ভ কৰিছে ৷ আচৰিত কথাটো হ’ল যে চোৰে অভিনেত্ৰী গৰাকীৰ ঘৰৰ পৰা 1 কোটি 41 লাখৰো অধিক পইচাৰ লগতে সোণৰ গহণা পাতিও চুৰি কৰি নিছে (Robbery in Sonam kapoor house) ৷

বাতৰি মতে চোনম আৰু আনন্দৰ দিল্লীস্থিত ঘৰটোত ফেব্ৰুৱাৰী মাহত সংঘটিত হৈছিল এই চুৰি কাণ্ড ৷ দিল্লীৰ এই ঘৰটোত চোনমৰ শাহু আইতা নিজৰ পুত্ৰ বোৱাৰীৰে সৈতে থাকে ৷ অতি কমেও 35 জন চোৱাচিতা কৰা মানুহ আছে ঘৰটোত ৷ পুলিচে এতিয়া সকলোকে সোধা-পোছা আৰম্ভ কৰিছে ৷

বৰ্তমানে চোনম আৰু আনন্দ মুম্বাইত আছে (Sonam kapoor Anand Ahuja updates) ৷ অন্তসত্বাৰ সময় উপভোগ কৰিছে অভিনেত্ৰী গৰাকীয়ে ৷ অলপতে চোনমে মেটাৰ্নিটী ফটোশ্বুটো কৰিছিল ৷

লগতে পঢ়ক: চাৰিদিনীয়া কাৰ্যসূচীৰে ৰণবীৰ-আলিয়াৰ Grand wedding

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.