চিটাৰা ডেস্ক, 28 জুলাই : বলীউডৰ অভিনেতা ৰণভীৰ সিঙৰ নগ্ন ফটোশ্বুটে ইটোৰ পিছত সিটোকৈ বিপদ মাতিছে তেওঁলৈ ৷ ফটোশ্বুটটো অভিনেতাজনৰ বাবে হৈ পৰিছে ডিঙিত লগা ফান্দৰ দৰে । ছ’চিয়েল মিডিয়াত অভিনেতাগৰাকীৰ বিৰুদ্ধে বহু সংখ্যক মহিলা ক্ষুব্ধ হৈ পৰিছে ৷
এতিয়া অভিনেত্ৰী শ্বাৰলিন চোপ্ৰাইয়ো পোনপটীয়াকৈ ৰণভীৰ সিং আৰু দীপিকা পাডুকনক লক্ষ্য কৰি লৈছে (Sherlyn Chopra latest news) । ইতিমধ্যেই ৰণভীৰ সিঙৰ বিৰুদ্ধে এফ আই আৰ দাখিল কৰা হৈছে আৰু এতিয়া শ্বাৰলিনে দীপিকাক তীক্ষ্ণ প্ৰশ্নৰে কটাক্ষ কৰিছে । শ্বাৰলিনে দীপিকা পাডুকনৰ পুৰণা কথা এটা মনত পেলাই পোনপটীয়াকৈ আক্ৰমণ কৰিছে দীপিকাক ।
দীপিকাক উভতি ধৰিলে শ্বাৰলিনে
মুম্বাইৰ এটা এন জি অ’ই নগ্ন ফটোশ্বুটৰ জৰিয়তে মহিলাৰ আৱেগক আঘাত দিয়াৰ বাবে ৰণভীৰ সিঙৰ বিৰুদ্ধে এফ আই আৰ দাখিল কৰিছে । আনহাতে মডেল তথা অভিনেত্ৰী শ্বাৰলিন চোপ্ৰাৰ ভাইৰেল হৈ পৰা সাক্ষাৎকাৰে এতিয়া নেটিজেনৰ দৃষ্টি কাঢ়িছে ৷
সংবাদ মাধ্যমৰ মতে, এই সাক্ষাৎকাৰটোত শ্বাৰলিনে দীপিকা পাডুকনক ঠাট্টা কৰিছে । শ্বাৰলিনে দাবী কৰিছে যে এবাৰ দীপিকাই শ্বাৰলিনে পৰিধান কৰা পোছাক সন্দৰ্ভত এক অদ্ভুত অভিব্যক্তি দিছিল । শ্বাৰলিন চোপ্ৰাই কয়, "যেতিয়া মই এখন আন্তঃৰাষ্ট্ৰীয় আলোচনীৰ বাবে এটা ব’ল্ড শ্বুট কৰিছিলো, তেতিয়া সমাজে মোক চৰিত্ৰহীনা আৰু আন বহুতো নামেৰে ককৰ্থনা কৰিছিল । এতিয়া দুটা কথা কিয় ? কিয় এই ভণ্ডামি ? যেতিয়া মই ফটোশ্বুট কৰিছিলো তেতিয়া মোৰ গাত পোক-পৰুৱা পৰি আছিল নেকি"?
খঙত উথলি উঠিল শ্বাৰলিন
কেৱল এয়াই নহয়, শ্বাৰলিন চোপ্ৰাই খঙত লগতে আৰু ক’লে- "এইদৰে নকব যে এইবোৰ চলি যায়, এটা কথা কওঁ সেই সময়ত দীপিকা পাডুকনে মোক যেনেদৰে ওপৰৰ পৰা তললৈ চাইছিল, ভাবিছিল যেন ইমান সৰু টপ, ইমান চৰ্টছ! সুখৰ কথা যে মোৰ শৰীৰত বস্ত্ৰ আছিল, আপোনাৰ স্বামীৰ শৰীৰত কি আছে, মেডাম? একো নাই" (Sherlyn Chopra Ranveer Singh)।
শ্বাৰলিনে এটা টুইটৰ জৰিয়তে লিখিছে, "ৰণবীৰ সিঙৰ নগ্ন ফটোসমূহ ভাইৰেল নকৰিব । এনে কৰি আপোনালোকে আনক মানসিক আঘাত পোৱাৰ পৰা বচাব পাৰিব, এই কঠিন সময়ত আমি ৰণভীৰৰ লগত থিয় হোৱা উচিত (কাপোৰ পিন্ধি)"।
অৰ্জুন কাপুৰ, ৰাম গোপাল বৰ্মা, জন আব্ৰাহামৰ দৰে বহু চেলেব্ৰিটীয়ে এই বিষয়ত ৰণভীৰ সিঙক সমৰ্থন কৰিছে । জনেও নিজৰ নগ্ন ফটোশ্বুটৰ ফটো শ্বেয়াৰ কৰিছিল ।
লগতে পঢ়ক : আপোনালোকে জানেনে শীৰ্ষ অভিনেত্ৰী দীপিকা পাডুকনে কেনেকৈ পাৰ কৰে দিনবোৰ