ETV Bharat / entertainment

কাৰ্তিক আৰিয়ানৰ জন্মদিনত প্ৰাক্তন প্ৰেমিকা ছাৰা আলী খানে এনেদৰে জনালে শুভেচ্ছা

Kartik Aaryan Birthday: বলীউডৰ অভিনেতা কাৰ্তিক আৰিয়ানৰ আজি ৩৩ সংখ্যক জন্মদিন । এই উপলক্ষে অভিনেতাগৰাকীৰ প্ৰাক্তন প্ৰেমিকা ছাৰা আলী খানেও এক বিশেষ পোষ্ট শ্বেয়াৰ কৰি তেওঁক জন্মদিনৰ শুভেচ্ছা জনাইছে ।

author img

By ETV Bharat Assamese Team

Published : Nov 22, 2023, 6:29 PM IST

Sara Ali Khan extends birthday wishes to Kartik Aaryan with throwback pictures
ছাৰা আলী খানেও এক বিশেষ পোষ্ট শ্বেয়াৰ কৰি কাৰ্তিকক জন্মদিনৰ শুভেচ্ছা জনাইছে

চিটাৰা ডেস্ক, 22 নৱেম্বৰ: ৰাষ্ট্ৰীয় ক্ৰাছ বুলি কোৱা বলীউডৰ অভিনেতা কাৰ্তিক আৰিয়ানে আজি ৩৩ সংখ্যক জন্মদিন উদযাপন কৰিছে । অভিনেতাগৰাকীৰ এই বিশেষ দিনটোত তেওঁৰ অনুৰাগীৰ লগতে বহু বলীউডৰ তাৰকাইও তেওঁক জন্মদিনৰ শুভেচ্ছা জনাইছে । ইফালে কাৰ্তিকৰ প্ৰাক্তন প্ৰেমিকা অৰ্থাৎ অভিনেত্ৰী ছাৰা আলী খানেও অভিনেতাগৰাকীৰ বাবে এটা বিশেষ পোষ্ট শ্বেয়াৰ কৰিছে ।

Sara Ali Khan extends birthday wishes to Kartik Aaryan with throwback pictures
ছাৰা আলী খানৰ ষ্ট’ৰী

প্ৰাক্তন প্ৰেমিকা ছাৰাই কাৰ্তিকৰ সৈতে এখন ছবি শ্বেয়াৰ কৰিছে

ছাৰা আলী খানে তেওঁৰ ইনষ্টাগ্ৰাম একাউণ্টৰ ষ্ট’ৰীত কাৰ্তিক আৰিয়ানৰ সৈতে এখন পুৰণি ছবি শ্বেয়াৰ কৰিছে । এই ফটোখন তেওঁলোকৰ ছবি ‘লাভ আজ কাল ২’ৰ শ্বুটিঙৰ সময়ৰ ৷ ছবিখনত দুয়োগৰাকীয়ে ইগৰাকীয়ে সিগৰাকীৰ কাষত বহি হাঁহি হাঁহি কেমেৰাৰ সন্মুখত পোজ দিয়া দেখা গৈছে । এই মৰমলগা ছবিখন শ্বেয়াৰ কৰি ছাৰাই এটা বিশেষ কেপচনো লিখিছে । পোষ্টটোত ছাৰাই কাৰ্তিকক টেগ কৰি লিখিছে, "হেপি বাৰ্থডে কাৰ্তিক"।

কৰীণা কাপুৰেও অভিনেতাগৰাকীক এনেদৰে জনালে শুভেচ্ছা

ছাৰা আলী খানৰ মাহীমাক তথা অভিনেত্ৰী কৰীণা কাপুৰ খানেও নিজৰ ইনষ্টাগ্ৰাম একাউণ্টত কাৰ্তিক আৰিয়ানৰ এখন সুন্দৰ ছবি শ্বেয়াৰ কৰিছে । ইয়াৰ কেপচনত অভিনেত্ৰীগৰাকীয়ে লিখিছে, “হেপি বাৰ্থডে কাৰ্তিক, বহুত মৰম আৰু শুভেচ্ছা ।”

এই ছবিৰ জৰিয়তে কাৰ্তিকে আত্মপ্ৰকাশ কৰিছিল

উল্লেখ্য যে, কাৰ্তিক আৰিয়ানে ২০১১ চনত ‘প্যাৰ কা পঞ্চনামা’ ছবিৰ জৰিয়তে বলীউডত আত্মপ্ৰকাশ কৰিছিল । কাৰ্তিকে প্ৰথমখন ছবিৰ পৰাই দৰ্শকৰ হৃদয় জয় কৰিবলৈ সক্ষম হৈছিল । ইয়াৰ পিচত কাৰ্তিকক ‘লুকা চুপ্প্পী’, ‘ভূল ভুলায়া ২’, ‘সোণু কে টিটু কি ছুইটী’, ‘আকাশ বাণী’, ‘গেষ্ট ইন লণ্ডন’, ‘শ্বেহজাদা’ আদি বহু ছবিত দেখা গৈছে ।

অভিনেতাগৰাকীক শেষবাৰৰ বাবে দেখা গৈছিল ‘সত্যপ্ৰেম কি কথা’ ছবিখনত । য’ত তেওঁক অভিনেত্ৰী কিয়াৰা আদৱানীৰ সৈতে দেখা গৈছিল । এতিয়া অতি সোনকালেই কাৰ্তিকক দেখা যাব ‘চাণ্ডু চেম্পিয়ন’ আৰু ‘আশিকি ৩’ত ছবি দুখনত ।

লগতে পঢ়ক: কাৰ্তিক আৰিয়ানৰ জন্মদিনত কৰণ জোহৰে দিলে বিশেষ উপহাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.