ETV Bharat / entertainment

কোনজন অভিনেতাৰ সৈতে সামান্থাই কৰিব প্ৰথমখন বলীউড ছবি

author img

By

Published : Jul 6, 2022, 5:31 PM IST

'oo antava' গানটোৰ জৰিয়তে সমগ্ৰ দেশজুৰি এক আলোড়ন সৃষ্টি কৰা দক্ষিণৰ চলচ্চিত্ৰ উদ্যোগৰ জনপ্ৰিয় অভিনেত্ৰী সামান্থা ৰুথ প্ৰভুয়ো বলীউডত খোজ দিবলৈ সাজু হৈছে (Samantha ruth prabhu news) ৷ কোনজন অভিনেতাৰ বিপৰীতে দেখা যাব সামান্থাক জানো আহকচোন-

samantha ruth prabhu
কোনজন অভিনেতাৰ সৈতে সামান্থাই কৰিব প্ৰথমখন বলীউড ছবি

চিটাৰা ডেস্ক, 6 জুলাই : বলীউডত দক্ষিণৰ চলচ্চিত্ৰ উদ্যোগৰ জনপ্ৰিয় অভিনেত্ৰী সামান্থাৰ পদাৰ্পণৰ বাবে কেৱল অভিনেত্ৰী গৰাকীয়েই নহয়, তেওঁৰ অনুৰাগীসকলো অধিৰ আগ্ৰহেৰে ৰৈ আছে ৷ সামান্থাৰ অনুৰাগীসকলৰ এই অপেক্ষা অতি সোনকালেই দূৰ হ’ব, কিয়নো সামান্থাই বলীউডৰ কোনজন অভিনেতাৰ বিপৰীতে অভিনয় কৰিব সেইয়া ইতিমধ্যেই নিশ্চিত কৰা হৈছে ৷

সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, মনোজ বাজপেয়ীৰ ৱেব-চিৰিজ 'ফেমিলি মেন ২'ত অভিনয় কৰি সকলোকে আচৰিত কৰা সামান্থাই এতিয়া অভিনেতা আয়ুষ্মান খুৰানাৰ সৈতে অভিনয়েৰে বলীউডত ভৰি দিবলৈ আগবাঢ়িছে (Samantha Bollywood debut) ।

এক গোপন সূত্ৰৰ পৰা লাভ কৰা তথ্য় অনুসৰি দিনেশ বিজনে এই ছবিখন প্ৰস্তুত কৰিব ৷ ইতিমধ্যেই ছবিখন নিৰ্মাণৰ বাবে কৰিব লগা প্ৰাৰম্ভিক কাম সম্পূৰ্ণ হৈছে আৰু শেহতীয়াকৈ দৃশ্যগ্ৰহণৰ সময়সীমা আৰু তাৰিখো নিশ্চিত কৰা হৈছে । কিন্তু ছবিখনৰ নিৰ্মাতাসকলে এতিয়ালৈকে একো প্ৰকাশ কৰা নাই ।

জানিবলৈ পোৱা মতে, সামান্থা আৰু আয়ুষ্মান খুৰানা অভিনীত ছবিখন ২০২৩ চনত মুক্তি পাব । উল্লেখযোগ্য যে সামান্থাই তেওঁৰ দ্বিতীয়টো বলীউড প্ৰজেক্টতো স্বাক্ষৰ কৰিছে আৰু ইয়াৰ শ্বুটিং 2023 চনত আৰম্ভ হ'ব (Samantha ruth prabhu latest news) ।

সামান্থা ৰুথ প্ৰভুক প্ৰথমবাৰৰ বাবে বিখ্যাত চলচ্চিত্ৰ নিৰ্মাতা কৰণ জোহৰৰ জনপ্ৰিয় টক শ্ব' কফি উইথ কৰণত দেখিবলৈ পোৱা যাব ।

লগতে পঢ়ক : সামান্থাৰ শেহতীয়া ফটোশ্বুটৰ পৰা অভিনেত্ৰী গৰাকীৰ কেইখনমান আকৰ্ষণীয় ফটো-

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.