ETV Bharat / entertainment

Pushpa release in Russia: চুপাৰহিট ছবি পুষ্পা এতিয়া প্ৰদৰ্শিত হ’ব ৰাছিয়াৰ ছবিগৃহত

author img

By

Published : Dec 1, 2022, 4:54 PM IST

আল্লু অৰ্জুনৰ ব্লকবাষ্টাৰ ছবি ‘পুষ্পা - দ্য ৰাইজ’ এতিয়া ৰাছিয়াত মুক্তি পাবলৈ সাজু হৈছে (Pushpa in Russia) । ছবিখনৰ ট্ৰেইলাৰ ৰাছিয়ান ভাষাত মুক্তি দিয়া হৈছে । ৰাছিয়াত কেতিয়া মুক্তি পাব পুষ্পা জানো আহক-

Pushpa
‘পুষ্পা - দ্য ৰাইজ’ এতিয়া ৰাছিয়াত মুক্তি পাবলৈ সাজু হৈছে

চিটাৰা ডেস্ক, 1 ডিচেম্বৰ : দক্ষিণৰ চলচ্চিত্ৰ জগতৰ চুপাৰষ্টাৰ আল্লু অৰ্জুনৰ ব্লকবাষ্টাৰ ছবি ‘পুষ্পা - দ্য ৰাইজ’ এতিয়াও সময়ে সময়ে চৰ্চালৈ আহে । যোৱা বছৰৰ ডিচেম্বৰ মাহত মুক্তি লাভ কৰিছিল ছবিখনে । ছবিখনৰ সংলাপ আৰু গীত এতিয়াও মানুহৰ মুখে মুখে । আল্লু অৰ্জুন আৰু ৰশ্মিকা মান্দানাই অভিনয় কৰা ব্লকবাষ্টাৰ ছবি ‘পুষ্পা - দ্য ৰাইজ’ সন্দৰ্ভত এটা ডাঙৰ আপডেট আহিছে । এই চিনেমাখনে এতিয়া তোলপাৰ লগাব ৰাছিয়াত । হয়, ‘পুষ্পা-দ্য ৰাইজ’ এতিয়া ৰাছিয়াত মুক্তি পাবলৈ সাজু হৈছে । ছবিখনৰ সমগ্ৰ দলটো বৰ্তমানে ৰাছিয়াত আছে আৰু তাত তেওঁলোকে ৰাছিয়ান ভাষাত ‘পুষ্পা - দ্য ৰাইজ’ ছবিখনৰ ট্ৰেইলাৰটো মুকলি কৰিছে ।

দক্ষিণৰ ছবি ‘পুষ্পা - দ্য ৰাইজ’ ৰাছিয়াত মুক্তি পাবলৈ সাজু হৈছে । ছবিখনৰ মুক্তিত পলম হোৱাৰ অন্যতম কাৰণ হৈছে যোৱা 10 মাহ ধৰি ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত চলি থকা যুদ্ধ । কিন্তু এতিয়া পৰিস্থিতি অলপ স্বাভাৱিক হোৱাৰ পাছত শেহতীয়াকৈ ‘পুষ্পা-দ্য ৰাইজ’ৰ সমগ্ৰ দলটো ৰাছিয়াত উপস্থিত হৈ তাত ছবিখনৰ ট্ৰেইলাৰ মুকলি কৰিছে ।

ট্ৰেইলাৰ মুকলি উপলক্ষে আল্লু অৰ্জুন, ৰশ্মিকা মান্দানা, ছবিখনৰ পৰিচালক সুকুমাৰ, সংগীত পৰিচালক দেৱী শ্ৰীপ্ৰসাদ আৰু প্ৰযোজকেও ছবিখনৰ আইকনিক সংলাপ ‘মে ঝুকেগা নেহি...উপস্থিত দৰ্শকৰ আগত অভিনয়েৰে দাঙি ধৰে । ‘পুষ্পা-দ্য ৰাইজ’ 21 ডিচেম্বৰত ৰাছিয়াত মুক্তি পাব । 2021 চনৰ 17 ডিচেম্বৰত ভাৰতত মুক্তি লাভ কৰিছিল 'পুষ্পা - দ্য ৰাইজ' ছবিখনে ।

ভাৰতীয় চলচ্চিত্ৰ মহোৎসৱত 'পুষ্পা - দ্য ৰাইজ'

আপোনালোকক জনাওঁ ‘পুষ্পা-দ্য ৰাইজ’ ছবিখনৰ প্ৰিমিয়াৰ হ’ব 1 ডিচেম্বৰত মস্কোত আৰু 3 ডিচেম্বৰত চেণ্ট পিটাৰ্ছবাৰ্গত । এই উপলক্ষে ছবিখনৰ সমগ্ৰ ষ্টাৰকাষ্ট ইয়াত উপস্থিত থাকিব । কেৱল এয়াই নহয়, ৰাছিয়াৰ 24 খন চহৰত অনুষ্ঠিত হ’বলগীয়া পঞ্চম ভাৰতীয় চলচ্চিত্ৰ মহোৎসৱৰ মুকলি অনুষ্ঠানতো ছবিখনৰ প্ৰিমিয়াৰ কৰা হ’ব । ইয়াৰ পিছত 8 ডিচেম্বৰৰ পৰা ৰাছিয়াৰ আন সকলো চহৰতে মুক্তি পাব ছবিখন ।

‘পুষ্পা-দ্য ৰাইজ’ ছবিখন মুক্তি পোৱাৰ আগতেই ছবিখনৰ যাদু ৰাছিয়াৰ জনসাধাৰণৰ মাজত দেখা পোৱা গৈছে । ছবিখনৰ চুপাৰহিট গীত ‘ছামি-ছামি’ত নৃত্য কৰি ছ’চিয়েল মিডিয়াত শিৰোনাম দখল কৰিছে ৰাছিয়াৰ এটা পৰিয়ালে । ৰাছিয়ান পৰিয়ালৰ নৃত্যৰ এই ভিডিঅ'টো ছচিয়েল মিডিয়াত অতি ভাইৰেল হৈ পৰিছে ।

লগতে পঢ়ক : বিকী কৌশল অভিনীত ছেম বাহাদুৰৰ মুক্তিৰ তাৰিখ ঘোষণা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.