ETV Bharat / entertainment

Actresses who played mother to older actors: নিজৰ বয়সতকৈ ডাঙৰ অভিনেতাৰ মাতৃৰ চৰিত্ৰত অভিনয় কৰিছে এইসকল অভিনেত্ৰীয়ে

author img

By ETV Bharat Assamese Team

Published : Sep 9, 2023, 1:24 PM IST

Updated : Sep 9, 2023, 1:54 PM IST

কেৱল জৱানত শ্বাহৰুখ খানৰ মাতৃৰ চৰিত্ৰত অভিনয় কৰা ৰিদ্ধি ডোগ্ৰাই নহয় এই অভিনেত্ৰীসকলেও তেওঁলোকতকৈ বয়সীয়াল অভিনেতাৰ মাতৃৰ চৰিত্ৰত অভিনয় কৰিছে ৷ চাও আহক এই অভিনেত্ৰীসকল নো কোন...

Not just Riddhi Dogra who played SRK'S mother in Jawan but these actresses have also played the role of mothers of actors older than them
নিজৰ বয়সতকৈ ডাঙৰ অভিনেতাৰ মাতৃৰ চৰিত্ৰত অভিনয় কৰিছে এইসকল অভিনেত্ৰীয়ে

চিটাৰা ডেস্ক, ৯ ছেপ্টেম্বৰ: জৱান ছবিত শ্বাহৰুখ খানৰ কাবেৰী আম্মাৰ চৰিত্ৰত অভিনয় কৰি ইতিমধ্যে ৰিদ্ধি ডোগ্ৰাই শিৰোনাম দখল কৰিবলৈ সক্ষম হৈছে ৷ কিন্তু নিজৰ বয়সতকৈ ডাঙৰ অভিনেতাৰ মাতৃৰ চৰিত্ৰত অভিনয় কৰা যুৱ অভিনেত্ৰী কেৱল ৰিদ্ধি ডোগ্ৰাই প্ৰথম নহয় ৷ বলীউডত এনে কেইবাগৰাকীও অভিনেত্ৰী আছে যিয়ে নিজৰ বয়সতকৈ ডাঙৰ অভিনেতাৰ মাতৃৰ চৰিত্ৰত অভিনয় কৰিছে ৷ তেন্তে আহক জানো কোন কোন অভিনেত্ৰীয়ে নিজৰ বয়সতকৈ ডাঙৰ নায়কৰ অনস্ক্ৰীণ মাতৃ চৰিত্ৰত অভিনয় কৰিছে ৷

Actresses who played mother to older actors
নৰ্গিছ দত্ত

নৰ্গিছ দত্ত: এতিয়ালৈকে বলীউডৰ বহু অভিনেত্ৰীয়ে নিজতকৈ ডাঙৰ নায়কৰ মাতৃৰ চৰিত্ৰত অভিনয় কৰিছে ৷ বয়সস্থ অভিনেতাৰ মাতৃৰ চৰিত্ৰত অভিনয় কৰা অভিনেত্ৰীসকলৰ তালিকাত প্ৰথম স্থান লাভ কৰিছে অভিনেত্ৰী নৰ্গিছ দত্তই ৷ মাদাৰ ইণ্ডিয়া ছবিখনত ৰাজেন্দ্ৰ কুমাৰ আৰু সুনীল দত্তৰ মাতৃৰ চৰিত্ৰত অভিনয় কৰিছিল অভিনেত্ৰী নৰ্গিছ দত্তই ৷ মজাৰ কথাটো হ’ল এই ছবিখনৰ চেটতেই আৰম্ভ হৈছিল সুনীল দত্ত আৰু নাৰ্গিছৰ প্ৰেম কাহিনী ৷

শ্বীবা চড্ডা

শ্বীবা চড্ডা: জৱানত ৰিদ্ধি ডোগ্ৰা আৰু শ্বাহৰুখ খানৰ মাতৃৰ চৰিত্ৰত অভিনয় কৰাৰ লগতে জিৰ’ ছবিত অভিনেত্ৰী শ্বীবা চড্ডাই শ্বাহৰুখ খানৰ মাতৃৰ চৰিত্ৰত অভিনয় কৰিছিল ৷ জনাই দিও যে, শ্বাহৰুখ খানতকৈ শ্বীবা ৭ বছৰ সৰু ৷

শ্বেফালী শ্বাহ

শ্বেফালী শ্বাহ: অভিনেত্ৰী শ্বেফালী শ্বাহেও অনস্ক্ৰীণ নিজৰ বয়সতকৈ ডাঙৰ অভিনেতাৰ মাতৃৰ চৰিত্ৰত অভিনয় কৰিছে ৷ হয়...শ্বেফালীয়ে ৱাকট: দ্য ৰেচ এগেইনষ্ট টাইম ছবিখনত অমিতাভ বচ্চনৰ পত্নী আৰু অক্ষয় কুমাৰৰ মাতৃৰ চৰিত্ৰত অভিনয় কৰিছিল ৷ জনাই দিও যে, অক্ষয় কুমাৰ অভিনেত্ৰী শ্বেফলীতকৈ পাঁচ বছৰ ডাঙৰ ৷

ৰীমা লাগু

ৰীমা লাগু: অভিনেত্ৰী ৰীমা লাগুৱে শ্বাহৰুখ খান, ছলমান খান, সঞ্জয় দত্ত, মাধুৰী দীক্ষিতকে ধৰি বহু অভিনেতাৰ মাতৃৰ চৰিত্ৰত অভিনয় কৰিছে ৷ ১৯৯৯ চনত মুক্তিলাভ কৰা ছবি ‘বাস্তৱত’ ৰীমা লাগুৱে সঞ্জয় দত্তৰ মাতৃৰ চৰিত্ৰত অভিনয় কৰিছিল ৷ তথ্য অনুসৰি ৰীমা আৰু সঞ্জয়ৰ বয়স প্ৰায় সমান ৷ জনাই দিও যে, ৰীমা লাগুৱেও ‘বলীউডৰ মাতৃ’ৰ টেগ পাইছে, কাৰণ তেওঁক বহু ছবিত মাতৃ আৰু শাহুৱেকৰ চৰিত্ৰত দেখা গৈছিল ৷

অনুষ্কা শ্বেট্টী

অনুষ্কা শ্বেট্টী: বাহুবলী ছবিত দেৱসেনাৰ চৰিত্ৰত অভিনয় কৰা অনুষ্কা শ্বেট্টীয়ে প্ৰথম খণ্ডত প্ৰভাসৰ পত্নীৰ চৰিত্ৰত অভিনয় কৰিছে ৷ কিন্তু বাহুবলীৰ দ্বিতীয় খণ্ডত প্ৰভাসৰ মাতৃৰ চৰিত্ৰত তেওঁক দেখা গৈছিল ৷

মোনা সিং

মোনা সিং: লাল সিং চড্ডাত আমিৰ খানৰ মাতৃৰ চৰিত্ৰত অভিনয় কৰিছিল মোনা সিঙে ৷ জনাই দিও যে অভিনেত্ৰী মোনা সিং আমীৰ খানতকৈ 17 বছৰ সৰু ৷

লগতে পঢ়ক: Jawan Actress Janhvi: জৱানৰ এইগৰাকী অভিনেত্ৰীৰ সৌন্দৰ্যত মন্ত্ৰমুগ্ধ হ’ল অনুৰাগী, ছবি চালে আপুনিও আঁতৰাব নোৱাৰিব চকু

Last Updated : Sep 9, 2023, 1:54 PM IST

For All Latest Updates

TAGGED:

JAWAN MOVIE
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.