ETV Bharat / entertainment

অভিনেতা বিনোদ থমাছৰ দেহাৱসান, বাহনত উদ্ধাৰ মৃতদেহ - অভিনেতা বিনোদ থমাছৰ দেহাৱসান

মালয়ালম চলচ্চিত্ৰ অভিনেতা বিনোদ থমাছ আৰু নাই ৷ পাম্পাডিৰ সমীপৰ এখন হোটেলত ৰখাই থোৱা এখন গাড়ীত উদ্ধাৰ হয় অভিনেতাগৰাকীৰ নিথৰ দেহ (Vinod Thomas Died)।

Malayalam actor Vinod Thomas found dead in parked car on hotel premises at Kerala's Pambadi
বিনোদ থমাছ আৰু নাই
author img

By ETV Bharat Assamese Team

Published : Nov 19, 2023, 10:02 AM IST

চিটাৰা ডেস্ক, 19 নৱেম্বৰ : ছবি জগতৰ পৰা আহিছে এটা বেয়া খবৰ । জনপ্ৰিয় মালয়ালম চলচ্চিত্ৰ অভিনেতা বিনোদ থমাছৰ দেহাৱসান ৷ মৃত্যুৰ সময়ত অভিনেতাগৰাকীৰ বয়স আছিল মাত্ৰ 45 বছৰ ৷ কিন্তু আশ্চৰ্যজনক কথা যে সন্দেহজনক অৱস্থাত উদ্ধাৰ হয় অভিনেতাগৰাকীৰ মৃতদেহ ৷ দৰাচলতে কেৰালাৰ পাম্পাডি জিলাৰ সমীপৰ এখন হোটেলত ৰখাই থোৱা এখন বাহনৰ পৰা উদ্ধাৰ হয় অভিনেতাগৰাকীৰ মৃতদেহ । ইতিমধ্যে আৰক্ষীয়ে ঘটনা সন্দৰ্ভত আৰম্ভ কৰিছে তদন্ত ।

কেনেকৈ মৃত্যু হ’ল অভিনেতাগৰাকীৰ ?

আৰক্ষীয়ে জনোৱা মতে, হোটেলৰ পাৰ্কিং লটত ৰখাই থোৱা এখন গাড়ীত এজন ব্যক্তি বহু সময় ধৰি আবদ্ধ হৈ আছিল । সেই কথা গম পাই হোটেল কৰ্তৃপক্ষই আৰক্ষীক খবৰ দিয়ে ৷ আৰক্ষী সেই স্থানত উপস্থিত হৈ অভিনেতাগৰাকীক গাড়ীৰ পৰা উলিয়াই ওচৰৰ চিকিৎসালয়ত ভৰ্তি কৰে । কিন্তু দুৰ্ভাগ্যজনকভাৱে ইতিমধ্যেই বিনোদৰ মৃত্যু হৈছিল ৷ অৰ্থাৎ হাস্পতালত নিয়াৰ পূৰ্বেই মৃত্যু হৈছিল বিনোদৰ ।

সংবাদ মাধ্যমক দিয়া এক বিবৃতিত আৰক্ষীয়ে কয়, ‘‘আমি অভিনেতাগৰাকীক গাড়ীৰ ভিতৰত পাইছিলো আৰু তাৰ পিচত তেওঁক ওচৰৰ চিকিৎসালয়লৈ লৈ গৈছিলো । কিন্তু চিকিৎসকে পৰীক্ষা কৰি তেওঁক মৃত বুলি ঘোষণা কৰে’’ ।

মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে মৃতদেহ

আৰক্ষীয়ে জনোৱা মতে, অভিনেতাগৰাকীৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে । অৱশ্যে অভিনেতাগৰাকীৰ মৃত্যুৰ কাৰণ এতিয়ালৈকে জানিব পৰা হোৱা নাই । আৰক্ষীয়ে গোচৰটোৰ তদন্ত অব্যাহত ৰাখিছে ৷ এতিয়া আৰক্ষীৰ তদন্ততহে পোহৰলৈ আহিব অভিনেতাগৰাকীৰ মৃত্যুৰ প্ৰকৃত সত্য ।

উল্লেখ্য যে, বিনোদ থমাছ আছিল মালয়ালম ছবিৰ এজন ডাঙৰ অভিনেতা । ‘অয়প্পনম কোছ্যুম’, ‘নাথোলী ওৰু চেৰিয়া মীনাল্লা’, ‘অৰু মুৰাই বন্ত পাথায়া’, ‘হেপি ৱেডিং’ আৰু ‘জুন’ আদি ছবিত তেওঁ উৎকৃষ্ট অভিনয়ৰে দৰ্শকৰ হৃদয় জয় কৰিছিল । বলিষ্ঠ অভিনয়ৰ বাবে সকলোৰে মাজত পৰিচিত আছিল বিনোদ ।

লগতে পঢ়ক: প্ৰখ্যাত অসমীয়া চলচ্চিত্ৰ নিৰ্মাতা-পৰিচালক হেমেন দাস আৰু নাই

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.