চিটাৰা ডেস্ক, 23 এপ্ৰিল: বলীউডৰ দুই জনপ্ৰিয় তাৰকা মালাইকা আৰু অৰ্জুন কাপুৰৰ প্ৰেমৰ সম্পৰ্ক সৰ্বজনবিদিত ( Malaika Arora on relationship with Arjun Kapoor) ৷ দুয়োৱে কেতিয়াও তেওঁলোকৰ সম্পৰ্কৰ কথা লুকুৱাই ৰখা নাছিল ৷ দুয়োৰে মাজত থকা বয়সৰ ব্যৱধানৰ বাবে মালাইকা আৰু অৰ্জুনে বহুত সমালোচনাৰ সন্মুখীন হৈছিল ৷ আজিও তেওঁলোকে এনেধৰণৰ কটু মন্তব্য শুনিব লগীয়া হয় (Malaika Arora on women dating younger men) ৷
অলপতে মালাইকা এখন আলোচনীৰ ক’ভাৰ পেজত উপস্থাপন হৈছিল ৷ আলোচনীখনৰ সাক্ষাৎকাৰত অভিনেত্ৰীগৰাকীয়ে বিবাহ বিচ্ছেদৰ পিছৰ নিজৰ জীৱন প্ৰণালীৰ কথা কৈছিল ৷ লগতে তেওঁতকৈ 12 বছৰ সৰু অভিনেতা অৰ্জুন কাপুৰৰ সৈতে প্ৰেমৰ সম্পৰ্কত বান্ধ খোৱাৰ বাবে সন্মুখীন হোৱা তিক্ত অভিজ্ঞতাৰ কথাও মুকলিকৈ প্ৰকাশ কৰে ৷ ভাৰতীয় সমাজত কম বয়সৰ পুৰুষৰ সৈতে প্ৰেমক অপৱিত্ৰ বুলি গণ্য কৰা হয় বুলিও তেওঁ উল্লেখ কৰে ৷
- " class="align-text-top noRightClick twitterSection" data="
">
বয়সৰ ব্যৱধানৰ কথা উল্লেখ কৰি মালাইকাই কয় যে, "এগৰাকী নাৰীৰ বাবে ডিভোৰ্ছ বা সম্পৰ্ক বিচ্ছেদৰ পিছত জীৱনত দৃঢ়তাৰে জীয়াই থাকিব পৰাটো অতিকে জৰুৰী ৷ ভাৰতীয় সমাজখনত এগৰাকী নাৰীয়ে বিচৰা সম্পৰ্কৰ ওপৰত বহুত হকা বাধা আছে ৷ বহু সময়ত ইয়াক অপৱিত্ৰ বুলিও গণ্য কৰা হয়" (Malaika Arora women relationship) ৷
- " class="align-text-top noRightClick twitterSection" data="
">
মালাইকাই লগতে উল্লেখ কৰে যে তেওঁ নিজৰ মাতৃৰ পৰা জীৱনত নিজৰ মতে আগবাঢ়ি যোৱাৰ সাহস লাভ কৰিছে ৷ মাকে সদায় তেওঁক জীৱনটো তেওঁ বিচৰা ধৰণে উপভোগ কৰিবলৈ পৰামৰ্শ দিয়ে যাৰ বাবে আজি তেওঁ এই স্থানত উপনীত হৈছে বুলি অনুভৱ কৰে অভিনেত্ৰী গৰাকীয়ে ৷