চিটাৰা ডেস্ক, 4 এপ্ৰিল: ৪ এপ্ৰিলত অৰ্থাৎ আজি মুক্তি লাভ কৰিছে অভিনেত্ৰী মালাইকা অৰোৰাৰ সুপৰিচিত পাঞ্জাবী কণ্ঠশিল্পী গুৰু ৰন্ধাৱাৰ সৈতে ‘তেৰা কি খায়াল..’ গীত। ভিডিঅ’টো শ্বেয়াৰ কৰাৰ পিচৰে পৰা অনুৰাগীসকলে ভাল পাইছে গীতটি (Malaika Arora and Guru Randhawa)। অভিনেত্ৰী মালাইকা অৰোৰা আৰু কণ্ঠশিল্পী গুৰু ৰন্ধাৱাই নিজ নিজ ছ’চিয়েল মিডিয়া হেণ্ডেলত এই ভিডিঅ’টো শ্বেয়াৰ কৰিছে ।
ছ’চিয়েল মিডিয়াত গীতটি মুক্তি পোৱাৰ মাত্ৰ পাঁচ ঘণ্টাৰ ভিতৰতে ৩০০ হাজাৰতকৈ অধিক লোকে গীতটি চাইছে আৰু ৩২ হাজাৰতকৈ অধিক লোকে গীতটি লাইক কৰিছে। মালাইকা আৰু গুৰু ৰন্ধাৱাৰ অনুৰাগীসকলে গীতটিৰ অতিকৈ প্ৰশংসা কৰিছে (Tera Ki Khayal song) ৷
গীতটিৰ সুৰকাৰ সঞ্জয় আৰু মালাইকা অৰোৰাৰ সৈতে পৰ্দাত দেখা পোৱা গুৰু ৰন্ধাৱা গীতটিৰ কণ্ঠশিল্পীও (Guru Randhawas new song)। এই গীতটিত গুৰু ৰন্ধাৱাৰ ৰোমান্টিক শৈলী আৰু মলাইকা অৰোৰাৰ হট লুক একেলগে দেখা পোৱা গৈছে । মালাইকা অৰোৰাৰ ইনষ্টাগ্ৰাম একাউণ্টত এজন ইউজাৰে লিখিছে, নোৰা আপোনাৰ সন্মুখত ক’তো থিয় নহয় ।
- " class="align-text-top noRightClick twitterSection" data="
">
আন এজন ব্যৱহাৰকাৰীয়ে লিখিছে, ‘তেৰা কি খায়াল’ গীতটোক বেয়া বুলি অভিহিত কৰিছে । আনহাতে, কণ্ঠশিল্পী গুৰু ৰন্ধাৱাৰ ইনষ্টাগ্ৰামত এজন ইউজাৰে লিখিছে ‘কিছ ইউ গুৰু । একে সময়তে গীতটোৰ ওপৰত প্ৰশ্ন উত্থাপন কৰি এজন ব্যৱহাৰকাৰীয়ে লিখিছে এয়া কি ? আন এজন ব্যৱহাৰকাৰীয়ে লিখিছে যে আপোনালোক দুয়ো মোৰ প্ৰিয় (Malaika Arora Guru Randhawas Tera Ki Khayal)।
- " class="align-text-top noRightClick twitterSection" data="">
মালাইকা অৰোৰা আৰু গুৰু ৰন্ধাৱা দুয়োগৰাকীয়ে একেলগে প্ৰথমবাৰৰ বাবে ইউটিউবত মুকলি কৰিছে এই গীতটি । মালাইকা অৰোৰাৰ এই গীতটি অনুৰাগীসকলে খুবেই পছন্দ কৰিছে (Tera Hi Khayal Song Out) । উল্লেখ্য যে, মালাইকা অৰোৰা এগৰাকী সুপৰিচিত অভিনেত্ৰী, মডেল আৰু টিভি শিল্পী । অভিনেত্ৰীগৰাকী চলচ্চিত্ৰ নিৰ্মাণৰ জৰিয়তে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল । প্ৰাক্তন স্বামী আৰবাজ খানৰ সৈতে একেলগে প্ৰডাকচনৰ কাম কৰিছিল মালাইকাই । মালাইকাই 'হাউছফুল', 'অম শান্তি ওম', 'ডলী কি দোলি', 'কান্তে', 'ইণ্ডিয়ান', 'পাটাখা', 'একচন হিৰো', 'দিল ছে', 'দবাং', 'দবাং ২', ' ‘হাউছফুল ২’ আৰু ‘ৱেলকাম’কে ধৰি বহু ছবিত কাম কৰিছে ।
লগতে পঢ়ক: War 2 : পূৰ্বৰ পৰিচালকে পৰিচালনা নকৰে ৱাৰ ২, কোন হ’ব ছবিখনৰ নতুন পৰিচালক ?