ETV Bharat / entertainment

Pujappura Ravi Death: মালয়ালম অভিনেতা পূজাপুৰা ৰবিৰ মৃত্যু, আঠ শতাধিক ছবিত কাম কৰিছিল ৰবিয়ে

মালয়ালম চলচ্চিত্ৰ জগতৰ অন্যতম জ্যেষ্ঠ অভিনেতা পূজাপুৰা ৰবিয়ে দেওবাৰে ইদুক্কি জিলাৰ মৰায়ুৰত শেষ নিশ্বাস ত্যাগ কৰে । মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮৬ বছৰ ।

author img

By

Published : Jun 18, 2023, 9:54 PM IST

Legendary Malayalam actor Poojappura Ravi passes away at 86
৮৬ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰিলে পূজাপুৰা ৰবিয়ে

চিটাৰা ডেস্ক, 18 জুন: মালয়ালম অভিনেতা পূজাপুৰা ৰবিৰ দেহাৱসান ৷ দেওবাৰে ৮২ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে অভিনেতাগৰাকীয়ে । ইদুক্কি জিলাৰ মৰায়ুৰত কন্যাৰ ঘৰত শেষ নিশ্বাস ত্যাগ কৰে পূজাপুৰাই ৷ অভিনেতাগৰাকীয়ে নিজৰ কেৰিয়াৰত ৮০০ ৰো অধিক ছবিত কাম কৰিছে । চলচ্চিত্ৰৰ উপৰিও তেওঁ ৪০০০ খন নাটকতো কাম কৰিছে ।

জন্ম তিৰুৱনন্তপুৰমত

অভিনেতা পূজাপুৰা ৰবিৰ জন্ম হৈছিল তিৰুৱনন্তপুৰমত । তেওঁৰ প্ৰকৃত নাম আছিল এম ৰবিন্দ্ৰন নাইৰ । জনপ্ৰিয় নাট্যশিল্পী কলানীলয়ম কৃষ্ণন নাইৰৰ প্ৰভাৱত তেওঁ নিজৰ নাম সলনি কৰিছিল ।

মালয়ালম থিয়েটাৰৰ প্ৰবীণ অভিনেতা

পূজাপুৰা ৰবিয়ে ৮০০ৰো অধিক ছবিত অভিনয় কৰিছিল । তেওঁৰ শেষৰখন ছবি আছিল ‘গপ্পী’, য’ত অল ইণ্ডিয়া অভিনেতা টভিনো থমাছ নায়ক আছিল । তেওঁ নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল প্ৰয়াত এন.কে. আচাৰ্যৰ নাট্যদল ‘কালনিলায়ম’ৰ পৰা, যি মালয়ালম থিয়েটাৰৰ অন্যতম ষ্টালৱাৰ আছিল ।

২০২২ চনৰ ডিচেম্বৰ মাহৰ পৰা কন্যাৰ সৈতে বসবাস কৰিবলৈ আৰম্ভ কৰিছিল তেওঁ

অভিনেতাগৰাকীয়ে ২০২২ চনৰ ডিচেম্বৰ মাহত তিৰুৱনন্তপুৰমৰ পৰা ইডুক্কিস্থিত নিজৰ বাসগৃহলৈ স্থানান্তৰিত হয় ।

কেতিয়া হ’ব পূজাপুৰা ৰবিৰ শেষকৃত্য ?

প্ৰয়াত অভিনেতাজনৰ শেষকৃত্যৰ সন্দৰ্ভত আত্মীয়ই পৰৱৰ্তী সময়ত ঘোষণা কৰিব । এয়া পৰিয়ালটোৰ বাবে এক দুখৰ সময় । সেয়েহে এই সন্দৰ্ভত আলোচনা কৰাৰ অৱস্থাত নাই পৰিয়ালবৰ্গ ৷

উল্লেখ্য যে, চলচ্চিত্ৰ উদ্যোগ আৰু ৰাজনৈতিক ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তিসকলে জ্যেষ্ঠ অভিনেতাগৰাকীৰ মৃত্যুত শোক প্ৰকাশ কৰে । নাট্যপ্ৰেমীৰ হৃদয় জয় কৰি শিল্পক্ষেত্ৰত প্ৰৱেশ কৰিছিল । অভিনেতাগৰাকীৰ সমগ্ৰ কেৰেলাতে বিপুল অনুৰাগী ফ’ল’ৱাৰ আছিল । পিছলৈ তেওঁ চলচ্চিত্ৰ জগতত প্ৰৱেশ কৰি কমিক চৰিত্ৰৰ চিত্ৰণৰ জৰিয়তে হৃদয় জয় কৰিছিল । তেওঁৰ মৃত্যুত শিল্প আৰু সংস্কৃতিৰ জগতখনৰ বাবে এক বৃহৎ ক্ষতি ।

লগতে পঢ়ক: Adipurush: সলনি হ’ব আদিপুৰুষৰ সংলাপ; বিতৰ্কৰ মাজতে ছবি নিৰ্মাতাই ল’লে সিদ্ধান্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.