ETV Bharat / entertainment

Lal Salaam Teaser: অনুৰাগীলৈ ৰজনীকান্তৰ দীপাৱলীৰ উপহাৰ, মুকলি হ’ল লাল চালামৰ টিজাৰ

দক্ষিণৰ মেগাষ্টাৰ ৰজনীকান্তৰ ছবি লাল চালামৰ টিজাৰ মুক্তি লাভ কৰিলে । ক্ৰিকেট আৰু ধৰ্মৰ ওপৰত আধাৰিত কাহিনী দেখুওৱাব হ’ব ছবিখনত ।

author img

By ETV Bharat Assamese Team

Published : Nov 12, 2023, 5:06 PM IST

Lal Salaam teaser: Rajinikanth as Moideen Bhai takes stand against mixing sports with politics
লাল চালামৰ টিজাৰ

চিটাৰা ডেস্ক, 12 নৱেম্বৰ: দক্ষিণ উদ্যোগৰ সৰ্ববৃহৎ ছুপাৰষ্টাৰ ৰজনীকান্তৰ নতুন ছবি শীঘ্ৰেই মুক্তি পাব । ছবিখনৰ নাম ‘লাল চালাম’ । ছবিখন পৰিচালনা কৰিছে ৰজনীকান্তৰ কন্যা ঐশ্বৰ্য ৰজনীকান্তে । এই ছবিখনৰ বিশেষ কথাটো হ’ল ইয়াত ক্ৰিকেট, ধৰ্ম আৰু ৰাজনীতিৰ সৈতে জড়িত কাহিনী দেখুওৱা হ’ব ৷ আজি মুকলি হ’ল ছবিখনৰ টিজাৰ আৰু টিজাৰৰ পৰা অনুমান কৰিব পাৰি যে অনুৰাগীয়ে ৰজনীকান্তৰ এই ছবিখনো আন ছবিৰ দৰেই উপভোগ কৰিব ।

  • " class="align-text-top noRightClick twitterSection" data="">

ছবিখনত দুজন বন্ধুৰ কাহিনী চিত্ৰিত কৰা হৈছে, বিষ্ণু বিশাল আৰু বিক্ৰান্তে এই দুই বন্ধুৰ চৰিত্ৰত অভিনয় কৰিছে । দুয়োজনেই ক্ৰিকেট খেলে আৰু দুয়োজন প্ৰথমে ভাল বন্ধু থাকে । কিন্তু পিছলৈ দুয়োৰে মাজত মনোমালিন্যৰ সৃষ্টি হয় আৰু তেওঁলোকৰ ধৰ্মই এই দূৰত্বৰ কাৰণ হৈ পৰে । এই ধৰ্মৰ সংঘাত সমাধানৰ বাবে মইদীন ভাইৰ চৰিত্ৰত অভিনয় কৰা দেখা যাব ৰজনীকান্তক । ছবিখনত অভিনেতাজনক জোৰদাৰ একচন কৰা দেখা যাব ।

দীপাৱলীত ৰজনীকান্তৰ অনুৰাগীৰ বাবে বিশেষ উপহাৰ

দীপাৱলী উপলক্ষে এফালে বলীউডৰ ছুপাৰষ্টাৰ ছলমান খানৰ ছবি টাইগাৰ ৩ মুক্তি পোৱাৰ বিপৰীতে আনফালে ৰজনীকান্তৰ ছবি লাল চালামৰ টিজাৰো মুক্তি পাইছে । ছবিখনৰ টিজাৰ শ্বেয়াৰ কৰিছে সংগীত পৰিচালক এ আৰ ৰহমানে । টিজাৰৰ লগতে কেপচনত লিখিছে - লাল চালামৰ টিজাৰ মুকলি কৰি মই বহুত সুখী । এয়া ক্ৰীড়াবিদ্যা, বিশ্বাস আৰু মানৱতাৰ কাহিনী । পৰিচালক ঐশ্বৰ্য ৰজনীকান্ত আৰু অতিথি হিচাপে উপস্থিত থাকিব ৰজনীকান্ত ।

কেমিঅ’ চৰিত্ৰত দেখা যাব মেগাষ্টাৰগৰাকীক

উল্লেখ্য যে ৰজনীকান্তক তেওঁৰ কন্যাই পৰিচালনা কৰা এই ছবিখনত কেমিঅ’ চৰিত্ৰত হে দেখা যাব । এই ছবিখনত তেওঁ অতি গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিব । তেওঁৰ উপৰিও ছবিখনত দেখা যাব বিষ্ণু বিশাল, বিক্ৰান্ত, থাম্বি ৰমাইয়াক । ইয়াৰ উপৰিও এই ছবিখনত মহান ক্ৰিকেটাৰ কপিল দেৱকো কেমিঅ’ ৰ’লত দেখা যাব।

লগতে পঢ়ক: Tiger 3 Box Office Collection Day 1: প্ৰথম দিনা টাইগাৰ 3 য়ে বক্স অফিচত কিমান সংগ্ৰহ কৰিলে জানি লওক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.