ETV Bharat / entertainment

Ranbir Alia wedding: ৰণবীৰৰ বিয়াত কইনাৰ পিছতেই সৰ্বাধিক চৰ্চা লাভ কৰা কোন এই সুন্দৰী

author img

By

Published : Apr 15, 2022, 4:41 PM IST

ৰণবীৰ আলিয়াৰ বিয়াত উপস্থিত প্ৰতিগৰাকী অতিথিৰেই সাজসজ্জা চকুত লগা আছিল (Ranbir Alia wedding) ৷ কিন্তু তাৰ মাজতো এতিয়া সকলোৰে মুখে মুখে মাথো এটাই নাম ৷ তেওঁৰ পোছাকৰ পৰা আৰম্ভ কৰি মেকআপ, গহনা এই সকলোবোৰ লৈ চৰ্চা চলিছে সামাজিক মাধ্যমত ৷ জানোচোন আহক কোন এই বলীউড তাৰকা-

Kareena kapoor
কোন এই সুন্দৰী

চিটাৰা ডেস্ক, 15 এপ্ৰিল: বৃহস্পতিবাৰে মুম্বাইত বিবাহ পাশত আৱদ্ধ হ’ল ৰণবীৰ কাপুৰ আৰু আলিয়া ভাট ৷ বান্দ্ৰাস্থিত নিজৰ ঘৰৰ বেলকনিতে সম্পন্ন হ’ল বিবাহ কাৰ্য ৷ পৰিয়াল আৰু ঘনিষ্ঠ বন্ধুবৰ্গৰ উপস্থিতিত আজীৱনৰ বাবে একেডাল এনাজৰীতে বান্ধ খালে দুয়ো ৷ কাপুৰ পৰিয়ালৰ এইখন বিয়াই বহু সময় ধৰি চৰ্চা লাভ কৰি আহিছিল ৷ বলীউডত এই কাপুৰ পৰিয়ালৰ আছে নিজা এক সত্বা (Bollywood Kapoor family) ৷ ‘দ্য কাপুৰছ্’, ‘কাপুৰ খাণ্ডান’ এই বুলি ক’লেই সকলোৰে পৰিচিত হৈ পৰে ৷ তাত আকৌ অন্য ধৰণে চিনাকি দিয়াৰ প্ৰয়োজন আহি নপৰে ৷

Kareena kapoor
নৱাব পৰিয়াল

এই কাপুৰ পৰিয়ালৰ জীয়ৰী কৰীণা বলীউডত সাংঘাতিক ধৰণে জনপ্ৰিয় ৷ ট্ৰ’ল খাই যদিও কৰীণাই সেইবোৰলৈ কেৰেপ নকৰে কাৰণ অভিনেত্ৰী গৰাকীয়ে জানে যে তেওঁৰ প্ৰকৃত অনুৰাগীয়ে তেওঁক কিমান ভাল পায় ৷ এই কৰীণা কাপুৰে এইবাৰ সাংঘাতিক লাইম লাইট পালে ভাতৃ ৰণবীৰ কাপুৰৰ বিয়াত ৷ কৰীণাই নিজৰ ইনষ্টাগ্ৰামৰ জৰিয়তে ৰণবীৰ আলিয়াৰ ফটো শ্বেয়াৰ কৰি শুভকামনা যাচে ৷

Kareena kapoor
কৰীণা কাপুৰ খান

ৰণবীৰ-আলিয়াৰ মেহেন্দি দিনাৰ পৰাই কৰীণাই সকলোৰে দৃষ্টি আকৰ্ষণ কৰি আহিছে (Kareena attending Ranbir Alia wedding) ৷ বলীউডৰ জনপ্ৰিয় অভিনেতা নৱাব চৈফ আলী খানৰ পত্নী কৰীণাই পৰিধান কৰা প্ৰতিটো সাজেই চকুত লাগিছে অনুৰাগীৰ ৷ কৰীণাই বিয়াৰ পৰা অনুৰাগীৰে সৈতে শ্বেয়াৰ কৰিছে পৰিয়ালৰে সৈতে নিজৰ কেইখনমান মনোগ্ৰাহী দৃশ্য ৷

Kareena kapoor
কৰীণা কাপুৰ খান

লগতে পঢ়ক: কপালত প্ৰেমৰ চুমা যাঁচি শিৰত সেন্দুৰ দিয়ালৈকে: পূৰ্ণতা পালে ৰণবীৰ আলিয়াৰ প্ৰেমে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.