ETV Bharat / entertainment

ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠালৈ কৈলাশ খেৰৰ নতুন গীত ‘ৰাম কা ধাম’ - কৈলাশ খেৰ

Kailash Kher Song Ram Ka Dham : চলচ্চিত্ৰ উদ্যোগৰ বিশিষ্ট গায়ক আৰু সুৰকাৰ কৈলাশ খেৰ অযোধ্যাৰ ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাক লৈ অতি উৎসাহিত । গায়কজনে তেওঁৰ শেহতীয়া ‘ৰাম কা ধাম’ গানটো ৰাম মন্দিৰৰ নামত উৎসৰ্গিত কৰিছে ।

Kailash Kher dedicates song Ram Ka Dham to Ram Mandir ayodhya
ৰাম কা ধাম
author img

By ETV Bharat Assamese Team

Published : Jan 19, 2024, 2:33 PM IST

চিটাৰা ডেস্ক, 19 জানুৱাৰী : ২২ জানুৱাৰীত অযোধ্যাত আয়োজিত ৰাম মন্দিৰ প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠানক লৈ কণ্ঠশিল্পী কৈলাশ খেৰ অতিশয় উৎসাহিত । ইফালে তেওঁ নিজৰ কৌতুহল প্ৰকাশ কৰি কয়, ‘‘মই ৰাম নগৰীলৈ যাবলৈ পাই অতিশয় উৎসাহিত হৈছো ।’ ইয়াৰ সমান্তৰালকৈ গায়ক কৈলাশ খেৰে তেওঁৰ শেহতীয়া গীত ‘ৰাম কা ধাম’ অযোধ্যাৰ ৰাম মন্দিৰৰ নামত উৎসৰ্গা কৰিছে’’ ।

আপোনালোকক জনাওঁ যে আগন্তুক ২২ জানুৱাৰীত অনুষ্ঠিত হ’বলগীয়া ৰাম মন্দিৰ অভিষেক অনুষ্ঠানলৈ ‘ৰাম কা ধাম’ শীৰ্ষক গীতটোৰ গায়ক কৈলাশ খেৰক আমন্ত্ৰণ জনোৱা হৈছে । অযোধ্যাত অনুষ্ঠিত ৰাম মন্দিৰ উদ্বোধনী অনুষ্ঠানৰ অতিথিসকলৰ তালিকাৰ অন্যতম আমন্ত্ৰিত কণ্ঠশিল্পী কৈলাশ খেৰ ।

এই আপাহতে তেওঁ নিজৰ নতুন গীত ‘ৰাম কা ধাম’ৰ বিষয়ে উল্লেখ কৰি কয়, ‘‘গোটেই দেশখনে এই শুভ মন্দিৰ উদ্বোধনৰ বাবে অপেক্ষা কৰি আছে । আৰু যেন আমি দীপাৱলী উদযাপন কৰিছো । সমগ্ৰ বিশ্বই এই দিনটোৰ অপেক্ষাৰে এটা এটা দিন উদযাপন কৰি আছে । কৈলাশ খেৰে লগতে আৰু কয় যে, ‘ৰাম কা ধাম গীতটোৱে ৰাম মন্দিৰৰ আঁৰৰ কাহিনী আৰু ইয়াৰ যন্ত্ৰণা বৰ্ণনা কৰিছে’’ ।

গায়ক কৈলাশ খেৰে উল্লেখ কৰে যে, তেওঁক ডেৰ মাহৰ আগতে নিমন্ত্ৰণ কৰা হৈছিল । তাৰ পিচত সকলোৱে তেওঁক অভিনন্দন জনাইছিল ৷ তেওঁ কয়, ‘‘মই ভাৰত আৰু ভাৰতীয়সকলক ধন্যবাদ জনাইছো, যিসকল লোক মোৰ হৃদয়ত বাস কৰে । আচলতে মই তেওঁলোকক অনুৰাগী বুলি নাভাবো, তেওঁলোক মোৰ হৃদয়ৰ এটা অংশ আৰু এই শুভ অনুষ্ঠানলৈ আমন্ত্ৰণ পোৱাৰ বাবে মই তেওঁলোকৰ প্ৰতি অতিশয় কৃতজ্ঞ । ৰাম মন্দিৰৰ ‘প্ৰাণ প্ৰতিষ্ঠা’ অনুষ্ঠানৰ নিমন্ত্ৰণ লাভ কৰি মই অতিশয় আনন্দিত হৈছো আৰু অনুষ্ঠানত উপস্থিত থাকিবলৈ পাই মই অতিশয় উৎসাহিত হৈছো’’ ।

প্ৰয়াত পিতৃক স্মৰণ কৰি ৰাম কা ধামৰ গায়কজনে ক’লে, ‘‘মই এখন ধূতি পিন্ধিবলৈ ওলাইছো আৰু মোৰ বিশ্বাস যে মোৰ প্ৰয়াত পিতৃ-মাতৃয়ে সেইখন দেখি বহুত আনন্দিত হ’ব’’ ।

লগতে পঢ়ক : ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা কাৰ্যসূচীত পৰিৱেশন হ’ব ৰামায়ণ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.