ETV Bharat / entertainment

গুগলে অভিনেত্ৰী বিদ্যা বালানক দিলে এই ধেমেলীয়া উত্তৰ,চাওক ভিডিঅ'

author img

By

Published : Nov 10, 2022, 6:38 PM IST

অভিনেত্ৰী বিদ্যা বালানে ছ'চিয়েল মিডিয়াত নিজৰ এটা ধেমেলীয়া ভিডিঅ' শ্বেয়াৰ কৰিছে (Vidya Balan instagram) ৷ অভিনেত্ৰীগৰাকীৰ ধেমেলীয়া ভিডিঅ'টো দেখি আপুনি হাঁহি বন্ধ কৰিব নোৱাৰিব ।

Google
গুগলে অভিনেত্ৰী বিদ্যা বালানক দিলে এই ধেমেলীয়া উত্তৰ

চিটাৰা ডেস্ক, 10 নৱেম্বৰ : এতিয়া ছ’চিয়েল মিডিয়াৰ যুগ, গতিকে ইনষ্টাগ্ৰামকে ধৰি বহু কেইটা প্লেটফৰ্মত মানুহে প্ৰায়ে ৰীলছ, ভিডিঅ’ আৰু ফটো শ্বেয়াৰ কৰিয়েই থাকে । মনোৰঞ্জনৰ এই প্লেটফৰ্মত ছবিৰ তাৰকাও পিছ পৰি নাথাকে আৰু প্ৰতিদিনে অনুৰাগীৰে সৈতে যিকোনো পোষ্টেৰে সংযুক্ত হৈ থাকে । অভিনেত্ৰী বিদ্যা বালানে নিজৰ ইনষ্টাগ্ৰাম একাউণ্টত এটা ধেমেলীয়া ভিডিঅ’ শ্বেয়াৰ কৰিছে, য’ত তেওঁ নিজৰ পছন্দৰ গীত এটা শুনাবলৈ গুগলক পৰামৰ্শ দিছে (Vidya Balan instagram) ৷ ইয়াৰ পিছত গুগলে যিটোহে উত্তৰ দিলে সেইয়া শুনি আপুনি হাঁহি ৰখাব নোৱাৰিব ।

ইনষ্টাগ্ৰামত এটা ধেমেলীয়া ভিডিঅ’ শ্বেয়াৰ কৰি বিদ্যাই কেপছনত লিখিছে – ‘হেল্ল’ গুগল’ । ধেমেলীয়া ভিডিঅ’টো চাই হাঁহি বন্ধ কৰিব নোৱাৰিব নিশ্চয়কৈ আপোনালোকে । ভিডিঅ’টোত অভিনেত্ৰীগৰাকীয়ে গুগলক 1995 চনত মুক্তি পোৱা ছবি ‘নাজায়জ’ৰ বিখ্যাত গীত ‘অভি জিন্দা হুন তো জী লেনে দো’ গীতটোৰ আধা গুণগুণাই দি শুনাবলৈ অনুৰোধ কৰে । ইয়াৰ পিছত গুগলৰ উত্তৰ আহে যে ‘মাত্ৰ দুটা শাৰী বাকী আছে, সেইটোও আপুনিয়ে গাই দিয়ক’, তাকে শুনি আচৰিত হৈ পৰে বিদ্যা ।

অনুৰাগীয়ে অভিনেত্ৰীগৰাকীৰ এই ধেমেলীয়া ভিডিঅ’টো ভাল পাইছে ৷ ছ’চিয়েল মিডিয়াত ভিডিঅ’টো সাংঘাতিক ধৰণে চলিছে (Vidya Balan latest video) । বলীউড তাৰকা সকলেও ৰস পাইছে ভিডিঅ’টো দেখি । এজন অনুৰাগীয়ে লিখিছে ‘ইউ আৰ ছ’ কিউট’, আন এজন অনুৰাগীয়ে ধেমেলীয়া ধৰণে লিখিছে ‘গুগলে কেনেকৈ আপোনাক এইদৰে ক’লে’।

লগতে পঢ়ক : Vivek Agnihotri movies:জন্মদিনৰ শুভক্ষণত বিবেক অগ্নিহোত্ৰীয়ে ঘোষণা কৰিলে নতুন ছবি দ্য ভেকছিন ৱাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.