ETV Bharat / entertainment

Paulo Coelho ৰ বাবে শ্বাহৰুখ খান হৈছে 'ৰজা-কিংবদন্তী-বন্ধু' - শ্বাহৰুখ খান টুইটাৰ

বলীউডৰ চুপাৰষ্টাৰ শ্বাহৰুখ খানক পুনৰ প্ৰশংসা কৰে The Alchemist ৰ লেখক Paulo Coelho এ। বৃহস্পতিবাৰে Coelho এ ছ’চিয়েল মিডিয়াত শ্বাহৰুখৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰে যাক তেওঁ “মহান অভিনেতা” হিচাপে অভিহিত কৰিছিল ।

Paulo Coelho, SRK
শ্বাহৰুখ খানৰ প্ৰশংসা কৰিছে Paulo Coelho এ
author img

By

Published : Feb 3, 2023, 7:52 PM IST

চিটাৰা ডেস্ক, 3 ফেব্ৰুৱাৰী : শ্বাহৰুখ খান অভিনীত পাঠানৰ অভূতপূৰ্ব সফলতাৰ পিচত বৃহস্পতিবাৰে বিখ্যাত লেখক Paulo Coelho এ চুপাৰষ্টাৰগৰাকীক “মহান অভিনেতা” হিচাপে প্ৰশংসা কৰে । 30 জানুৱাৰীত টুইটাৰত শ্বাহৰুখে এটা পোষ্ট কৰিছিল য’ত অভিনেতাজনে মুম্বাইৰ নিজৰ ঘৰ মন্নতৰ বাহিৰত অনুৰাগীসকলৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰা দেখা গৈছিল ৷ ঔপন্যাসিকগৰাকীয়ে উক্ত পোষ্টটোত মন্তব্য কৰি কয় যে বলীউডৰ তাৰকাগৰাকী প্ৰকৃততে এজন “ৰজা” (shah rukh khan news) ।

তেওঁ আৰু তেওঁৰ অনুগামীসকলক 2010 চনৰ শ্বাহৰুখৰ নাটকীয় ছবি মাই নেম ইজ খান চাবলৈ পৰামৰ্শ দিয়ে (Paulo Coelho ono SRK) । "কিং । কিংবদন্তি । বন্ধু । কিন্তু সৰ্বোপৰি মহান অভিনেতা (পশ্চিমীয়া দেশত তেওঁক চিনি নোপোৱাসকলৰ বাবে মই তীব্ৰভাৱে পৰামৰ্শ দিওঁ "মাই নেম ইজ খান- এণ্ড আই এন নট এ টেৰ’ৰিষ্ট),"এইদৰে লিখে Paulo Coelho এ । চলচ্চিত্ৰখনত শ্বাহৰুখক এজন autistic মানুহৰ চৰিত্ৰত দেখা গৈছিল যিয়ে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতিক লগ কৰিবলৈ যাত্ৰা আৰম্ভ কৰিছিল ।

  • King. Legend . Friend. But above all
    GREAT ACTOR
    ( for those who don’t know him in the West, I strongly suggest “My name is Khan- and I am not a terrorist”) https://t.co/fka54F1ycc

    — Paulo Coelho (@paulocoelho) February 2, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

ছ’চিয়েল মিডিয়াত প্ৰায়ে তেওঁলোক দুয়োৰে মাজত মত বিনিময় হৈ থাকে (Paulo Coelho twitter) । 2020 চনত দ্য এলকেমিষ্ট উপন্যাসৰ বাবে পৰিচিত লেখকগৰাকীয়ে শ্বাহৰুখ খানৰ হোম প্ৰডাকচন ফ্লিক কামিয়াব আৰু মুখ্য অভিনেতা সঞ্জয় মিশ্ৰক প্ৰশংসা কৰিছিল (Paulo Coelho tweets on Shah Rukh Khan)। তেওঁৰ টুইটৰ উত্তৰত বাদশ্বাহে কয় যে ঔপন্যাসিকগৰাকীয়ে চিনেমাখন ভাল পোৱাত তেওঁৰ মনটো আৱেগিক হৈ পৰিছে ।

কেৱল শ্বাহৰুখেই নহয়, Paulo Coelho নৱাজুদ্দিন ছিদ্দিকীৰো প্ৰশংসক । যেতিয়া 2020 চনত নেটফ্লিক্স চিৰিজ চেক্ৰেড গেমছৰ দ্বিতীয় অংশই মুক্তি পাইছিল, প্ৰখ্যাত লেখকজনে ছ’চিয়েল মিডিয়াত অভিনেতাজনক প্ৰশংসা কৰিছিল । বিশিষ্ট লেখকগৰাকীৰ প্ৰশংসা লাভ কৰি নৱাজুদ্দিনে কৈছিল যে তেওঁ কোৱেলহোৰ লিখনিৰ "এজন উৎসাহী অনুৰাগী" আৰু তেওঁৰ দৰে এজন প্ৰশংসিত ব্যক্তিত্বৰ দ্বাৰা প্ৰশংসিত হৈ তেওঁ অধিক সুখী ।

ইফালে, এছ আৰ কেৰ পাঠান বক্স অফিচত অপ্ৰতিৰোধ্য । দীপিকা পাডুকন আৰু জন আব্ৰাহামে মুখ্য চৰিত্ৰত অভিনয় কৰা ছবিখনে মুক্তিৰ 8 দিনত বিশ্বজুৰি 667 কোটি টকা উপাৰ্জন কৰিছে ।

লগতে পঢ়ক : SRK latest news: শ্বাহৰুখ খানক অভিনেতা নহয় বুলি ক’লে জন আব্ৰাহামে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.