চিটাৰা ডেস্ক, 15 মাৰ্চ: মঙলবাৰে মেঘালয়ৰ ৰাজধানী চহৰ শ্বিলঙত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ (Meghalaya International Film Festival)। মেঘালয়ৰ চলচ্চিত্ৰ নিৰ্মাতা সন্থাৰ উদ্যোগত পাঁচ দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হয় এই মহোৎসৱ (Meghalaya Filmmakers Association) ৷ ৰাজ্যিক কেন্দ্ৰীয় পুথিভঁৰালত মঙৰবাৰৰ পৰা আৰম্ভ হৈছে মেঘালয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱখনী ।
পাঁচদিনীয়া এই মহোৎসৱত ৬৫ খনতকৈও অধিক ছবি আৰু তথ্যচিত্ৰ প্ৰদৰ্শন কৰা হ’ব বুলি জানিব পৰা গৈছে । ১৮ মাৰ্চৰ সন্ধিয়া একে স্থানতে অনুষ্ঠিত হ’ব সামৰণি অনুষ্ঠান । মেঘালয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱখন উদ্বোধন কৰে পৰ্যটন, কলা-সংস্কৃতিৰ মন্ত্ৰী পল লিংডোহে (Minister of Tourism and Art Paul Lyngdoh) । আনহাতে মহোৎসৱখনীত বিশেষ অতিথি হিচাপে উপস্থিত থাকে অসমৰ গৌৰৱ তথা অভিনেতা আদিল হুছেইন (Actor Adil Hussain in Meghalaya )।

মহোৎসৱখনীত উপস্থিত থাকি অভিনেতাগৰাকীয়ে কয়, "প্ৰতিখন জিলাতে এটা সজীৱ চলচ্চিত্ৰ ক্লাব থাকিব পাৰে । ইয়াত উত্তৰ-পূৰ্বাঞ্চলৰ কিছুমান চলচ্চিত্ৰ প্ৰতিষ্ঠান স্থাপন হ’ব পাৰে ।" আদিল হুছেইনে মেঘালয়ৰ যুৱক-যুৱতীসকলক বাৰ্তা প্ৰদান কৰি কয়, "ভাল ছবি চাওক, অভিনয়, পৰিচালনা, ফটোগ্ৰাফী আৰু সেই সকলোবোৰ শিকক ।"

সংবাদ মাধ্যমৰ সৈতে হোৱা এটা সাক্ষাৎকাৰত মহোৎসৱত উপস্থিত থকা অভিনেত্ৰী ৰেজিনা লামোৱে (Actress Regina lamo) কয়, "মই শ্বিলঙত প্ৰথমবাৰৰ বাবে মেঘালয় চলচ্চিত্ৰ মহোৎসৱ উদযাপন কৰিছো । মই গৌৰৱান্বিত অনুভৱ কৰোঁ যে ৰাজ্যৰ বাহিৰৰ সকলো লোকে মহোৎসৱত অংশগ্ৰহণ কৰিছে মেঘালয়ক প্ৰতিনিধিত্ব কৰিছে ৷ আৰু এটা কথা ক’ব লাগিব যে মই বিচাৰো আন ৰাজ্যসমূহে স্থানীয় প্ৰতিভাক সুযোগ দিয়ক ।"

উল্লেখ্য যে, ৰাজ্যখনত বিশেষকৈ যুৱক-যুৱতীসকলৰ মাজত এক চলচ্চিত্ৰ সংস্কৃতি গঢ়ি তোলাৰ লক্ষ্যৰে আয়োজন কৰা হৈছে এই মহোৎসৱৰ । চাৰিটা স্থানত সমান্তৰালভাৱে প্ৰদৰ্শন কৰা হ’ব । মেঘ আই এফ এফে অতিথি দেশকে ধৰি সমগ্ৰ দেশৰ পৰা ৫ হাজাৰৰো অধিক দৰ্শকক আকৰ্ষণ কৰাৰ সম্ভাৱনা আছে এই মসোৎসৱত । (ANI)
লগতে পঢ়ক: Awards Controversy: অষ্টম ৰাজ্যিক চলচ্চিত্ৰ বঁটাক লৈ বিতৰ্ক; গীত গালে বেলেগে বঁটা পালে বেলেগে !