ETV Bharat / entertainment

এমি বঁটা লৈ ভাৰতলৈ উভতিল একতা কাপুৰ, এমি বঁটাৰ সৈতে পাপাৰাজীৰ সন্মুখত পোজ একতাৰ

author img

By ETV Bharat Assamese Team

Published : Nov 27, 2023, 11:37 AM IST

Ekta Kapoor returns to India: এমি বঁটা লৈ ভাৰতলৈ উভতি আহিল চলচ্চিত্ৰ নিৰ্মাতা একতা কাপুৰ ৷ বিমানবন্দৰত পাপাৰাজীৰ সন্মুখত পোজ দিলে একতাই ৷ চাওক ভিডিঅ’ ৷

Ekta Kapoor returns to India after winning Emmy Award
ভাৰতলৈ উভতিল একতা কাপুৰ

চিটাৰা ডেস্ক, 27 নৱেম্বৰ: নিউয়ৰ্ক চহৰত অনুষ্ঠিত ৫১ সংখ্যক আন্তঃৰাষ্ট্ৰীয় এমি বঁটা বিতৰণী অনুষ্ঠানত অংশগ্ৰহণ কৰি ভাৰতলৈ উভতি আহিল চলচ্চিত্ৰ নিৰ্মাতা একতা কাপুৰ । আজি পুৱা এমি বঁটা লৈ মুম্বাই বিমানবন্দৰত উপস্থিত হোৱা দেখা গ’ল নিৰ্মাতাগৰাকীক । ভাৰতীয় টেলিভিছনৰ পৰ্দাত তেওঁৰ কেৰিয়াৰ আৰু প্ৰভাৱৰ বাবে একতাক এমিত আন্তঃৰাষ্ট্ৰীয় এমি সঞ্চালকালয় বঁটাৰে সন্মানিত কৰা হয় । ইফালে বিমানবন্দৰৰ টাৰ্মিনেল পোৱাৰ লগে লগে পাপাৰাজীয়ে আগুৰি ধৰে একতাক । এই সময়চোৱাত একতাৰ মুখত ফুটি উঠিছিল সুখ আৰু গৌৰৱেৰে সোণালী বঁটাটো প্ৰদৰ্শন কৰিছিল । এমি বঁটাৰ সৈতে ফটোৰ বাবে পাপাৰাজীৰ সন্মুখত পোজ দিয়াও দেখা গ’ল একতাক।

ইফালে ভাৰতক গৌৰৱান্বিত কৰা একতাৰ কৃতিত্বক প্ৰশংসা কৰে ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীয়ে । এজন ব্যৱহাৰকাৰীয়ে পোষ্টটোৰ কমেণ্ট ছেকচনত লিখিছে, "আপোনাক লৈ বহুত গৌৰৱান্বিত একতা মেম, সৰুৰে পৰাই আপোনাক চাই আহিছো । অভিনন্দন ।’’ ইফালে অভিনেতা বিক্ৰান্ত মসসীয়েও এই সন্দৰ্ভত মন্তব্য কৰি লিখিছে, “বহুত শুভকামনা” ৷ আনহাতে চেলিনা জেটলীয়ে মন্তব্য কৰিছে, “আপোনাৰ এমি ভাষণ বাৰে বাৰে শুনিলোঁ ! অভিনন্দন @ektarkapoor ৷ আমাৰ উদ্যোগ আৰু ইয়াত কাম কৰা সকলো লোকলৈ অভিনন্দন । এক নতুন পথ প্ৰশস্ত কৰিছে একতা কাপুৰে ।’’

ইয়াৰ পূৰ্বে একতাই নিজৰ ইনষ্টাগ্ৰাম একাউণ্টত এই বঁটাৰ ভিডিঅ’ পোষ্ট কৰি কেপচনত লিখিছিল, “ভাৰত, মই আপোনাৰ এমি @iemmys ঘৰলৈ লৈ আহিছো ।” লগতে তেওঁৰ সমগ্ৰ কেৰিয়াৰত আৰু আন্তঃৰাষ্ট্ৰীয় মঞ্চলৈ যোৱা যাত্ৰাত তেওঁৰ সৈতে জড়িত সকলোকে ধন্যবাদ জনায় । শিল্প আৰু উদ্যোগৰ প্ৰতি আগবঢ়োৱা অৱদানৰ বাবে আন্তঃৰাষ্ট্ৰীয় এমি সঞ্চালকালয়ৰ বঁটা লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা চলচ্চিত্ৰ নিৰ্মাতা একতা কাপুৰ ।

বঁটা লাভ কৰাৰ পিচত একতাই ভাষণত কয়, "প্ৰথমে মই মোৰ দেশ ভাৰতক ধন্যবাদ জনাইছো ।’’

লগতে পঢ়ক: আন্তঃৰাষ্ট্ৰীয় বঁটা লাভ কৰি আবেগিক হৈ পৰিল একতা কাপুৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.