চিটাৰা ডেস্ক, 10 জুলাই: শেহতীয়াকৈ দীপিকা ককৰকে ধৰি টিভি জগতৰ কেইবাগৰাকীও অভিনেত্ৰী মাতৃত্বৰ সুখ অৰ্জন কৰিছে ৷ শেহতীয়াকৈ দীপিকা আৰু শ্বোয়েইব ইব্ৰাহিম পিতৃ-মাতৃ হোৱাৰ লগতে অভিনেত্ৰীগৰাকীয়ে এটি পুত্ৰ সন্তান জন্ম দিছে । পত্নী দীপিকাক প্ৰসৱৰ বাবে চিকিৎসালয়ত ভৰ্তি কৰাৰ পূৰ্বে আৰু প্ৰসৱৰ পিছলৈকে শ্বোৱেইবে নিজৰ অনুৰাগীসকলক স্বাস্থ্যৰ আপডেট দি আছিল । শ্বোয়েইবেই নিজৰ অনুৰাগীক পিতৃ হোৱাৰ সুখবৰ দিছিল । শ্বোয়েইবে অনবৰতে কৈ আছিল যে তেওঁৰ নৱজাত সন্তানৰ অৱস্থা সংকটজনক আৰু তেওঁক আই চি ইউত ৰখা হৈছে ।
আনহাতে, অভিনেতাগৰাকীয়ে আগদিনা এটা পোষ্টত কৈছিল যে তেওঁৰ সন্তানটি এতিয়া সুস্থ আৰু পত্নীক ৱাৰ্ডলৈ স্থানান্তৰিত কৰাৰ লগে লগে চিকিৎসালয়ৰ পৰা মুকলি কৰি দিয়া হ’ব । সেয়ে আজি প্ৰসৱৰ সম্পূৰ্ণ ২০ দিনৰ অন্তত চিকিৎসালয়ৰ পৰা মুকলি কৰি দিয়া হৈছে অভিনেত্ৰীগৰাকীক ।
ইয়াত দম্পতীহালক চিকিৎসালয়ৰ বাহিৰত কেঁচুৱাটোৰ সৈতে দেখা যায় । ইয়াত দীপিকাই গোলাপী ৰঙৰ চুট আৰু ক্ৰীম চুন্নী পৰিধান কৰা দেখা গৈছে । দীপিকাৰ স্বাস্থ্যৰ উন্নতিও দেখা গৈছে । একে সময়তে শ্বোয়েইবক পুত্ৰক কোলাত লৈ অল ব্লেক লুকত দেখা গৈছে । দম্পতীহালে পেপছ আৰু অনুৰাগীসকলক ধন্যবাদ জনায় । উল্লেখ্য যে, ২০২৩ চনৰ ২১ জুনত দীপিকাই এটি পুত্ৰ সন্তান জন্ম দিছিল । জন্মৰ পৰাই তেওঁৰ পুত্ৰক আই চি ইউত ভৰ্তি কৰোৱা হৈছিল ।
উল্লেখ্য যে, ২০১৮ চনত দীপিকা ককৰ আৰু শ্বোৱেইব ইব্ৰাহিমৰ বিবাহ হৈছিল আৰু বিবাহৰ পাঁচ বছৰৰ পাছত এই দম্পতীহালে প্ৰথমবাৰ সন্তানৰ পিতৃ-মাতৃ হোৱাৰ সুখ লাভ কৰিছে । দম্পতীহালৰ ঘৰত সন্তানটি অহাৰ ফলত উজ্জ্বলতা বাঢ়িছে আৰু সুখৰ পৰিৱেশে বিৰাজ কৰিছে ।