ETV Bharat / entertainment

ৰণবীৰ কাপুৰৰ বিৰুদ্ধে কোনে, কিয় দাখিল কৰিলে এজাহাৰ ?

author img

By ANI

Published : Dec 28, 2023, 10:13 AM IST

Updated : Dec 28, 2023, 10:39 AM IST

Ranbir Kapoor Viral Video: অভিনেতা ৰণবীৰ কাপুৰৰ বিৰুদ্ধে আৰক্ষী থানাত দাখিল এজাহাৰ । অভিনেতাগৰাকীৰ বিৰুদ্ধে ধৰ্মীয় আৱেগক আঘাত হনাৰ অভিযোগ উত্থাপন কৰা হৈছে ।

Complaint against Ranbir Kapoor for allegedly hurting religious sentiments over viral video
ৰণবীৰ কাপুৰৰ বিৰুদ্ধে আৰক্ষী থানাত দাখিল এজাহাৰ

চিটাৰা ডেস্ক, ২৮ ডিচেম্বৰ: শেহতীয়াকৈ ৰণবীৰ কাপুৰে সমগ্ৰ কাপুৰ পৰিয়ালৰ সৈতে বৰদিনৰ দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰে । ইফালে ছ’চিয়েল মিডিয়াত অভিনেতাজনৰ এই সময়চোৱাৰ এটা ভিডিঅ’ ভাইৰেল হৈ পৰিছে । য’ত ৰণবীৰে কেকত সুৰা ঢালি, জুই লগাই জয় মাতা কোৱা শুনা যায় । এই ভিডিঅ’টো ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পিচতে ব্যাপকভাৱে ট্ৰ’ল হৈছে ৰণবীৰ কাপুৰ । কিন্তু এতিয়া অভিনেতাজনৰ এই ভিডিঅ’টোৱে তেওঁৰ বাবে মাতি আনিছে বিপদ ৷ বুধবাৰে মুম্বাইৰ এজন লোকে এই ভিডিঅ’ৰ সন্দৰ্ভত লৈ থানাত ৰণবীৰ আৰু তেওঁৰ পৰিয়ালৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে ।

ৰণবীৰ কাপুৰৰ বিৰুদ্ধে দাখিল এজাহাৰ

পিটিআইৰ মতে, ঘাটকোপাৰ আৰক্ষী থানাত অধিবক্তা আশীষ ৰায় আৰু পংকজ মিশ্ৰৰ জৰিয়তে এজাহাৰ দাখিল কৰা সঞ্জয় তিৱাৰীয়ে দাবী কৰে যে ভিডিঅ’টোত অভিনেতাজনে "জয় মাতা দি" বুলি কৈ কেকত সুৰা ঢালি জুই লগাইছে । অভিযোগত উল্লেখ আছে যে হিন্দু ধৰ্মত অন্য দেৱতাক আমন্ত্ৰণ কৰাৰ আগতে অগ্নি দেৱতাক আমন্ত্ৰণ কৰা হয়, কিন্তু ৰণবীৰ আৰু তেওঁৰ পৰিয়ালৰ লোকে জানি-বুজি বেলেগ ধৰ্মৰ উৎসৱ পালন কৰাৰ সময়ত মাদক দ্ৰব্য ব্যৱহাৰ কৰি "জয় মাতা দি" ধ্বনি দিয়ে । ইয়াৰ ফলত অভিযোগকাৰীৰ ধৰ্মীয় আৱেগক আঘাত হনা বুলি অভিযোগ উত্থাপন কৰে ।

উল্লেখ্য যে, অভিযোগকাৰীয়ে অভিনেতাজনৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ২৯৫ (ক), ২৯৮, ৫০০, ৩৪ ধাৰাত গোচৰ ৰুজু কৰিবলৈ দাবী জনোৱাৰ পিচতো এই বিষয়ত এতিয়ালৈকে কোনো গোচৰ ৰুজু হোৱা নাই । অৱশ্যে এই সন্দৰ্ভত বৰ্তমানলৈকে আন কোনো আপডেট অহা নাই ।

ছ’চিয়েল মিডিয়াত ৰণবীৰক ট্ৰ’ল ব্যৱহাৰকাৰীৰ

বহু ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীয়ে ৰণবীৰৰ এই কামটো পছন্দ নকৰিলে । এই ভিডিঅ’টোৰ সন্দৰ্ভত ব্যৱহাৰকাৰীসকলে অভিনেতাজনক ট্ৰ’ল কৰা দেখা যায় । এজন ব্যৱহাৰকাৰীয়ে লিখিছে, ‘‘সুৰা আৰু জয় মাতা দি.. এইটো কি আজে বাজে কথা ?’’ একে সময়তে আন এজন ব্যৱহাৰকাৰীয়ে লিখিছে, ‘‘জয় মাতা দি কৈ তেওঁ সুৰা ঢালিছে । এনে মানুহক আমি আমাৰ আইডল বুলি গণ্য কৰোঁ ?’’

লগতে পঢ়ক: শান্তনু হাজৰিকাৰ সৈতে বিবাহৰ খবৰত কি ক’লে শ্ৰুতি হাছানে ?

Last Updated : Dec 28, 2023, 10:39 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.