কলিয়াবৰ, 25 জুলাই : দেওবাৰে কলিয়াবৰত অসমীয়া ৰহস্য সাহিত্যৰ অবিসম্বাদী সম্ৰাট ৰঞ্জু হাজৰিকাৰ ৭৫ সংখ্যক জন্মদিন পালন কৰা হয় ৷ এই অনুষ্ঠানতে অসমৰ আকাংখ্যা ভাগৱতীৰ পৰিচালনাত নিৰ্মিত চুটি ছবি KUMU_The song of a wingless birds শীৰ্ষক চুটি ছবিখনত অভিনয় কৰা শিশু শিল্পী নয়নমণি মূড়ালৈ ৰঞ্জু হাজৰিকা শিশু শিল্পী বঁটা প্ৰদান কৰা হয়(Nayanmoni Mura achieve Ranju Hazarika Child Artist Award) ৷
উল্লেখ্য যে, টৰ'ণ্ট'ত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় মহিলা চলচ্চিত্ৰ মহোৎসৱত(Toronto International Women Film Festival) প্ৰদৰ্শিত আকাংখ্যা ভাগৱতীৰ দ্বাৰা পৰিচালিত KUMU_The song of a wingless birds শীৰ্ষক চুটি ছবিখনত অভিনয় কৰা নয়নমণি মূড়ালৈ শ্ৰেষ্ঠ যুৱ অভিনেত্ৰীৰ সন্মান প্ৰদান কৰা হৈছে ৷
নগাঁও জিলাৰ চাহ বাগিছা অধ্যুষিত ধনতোলাৰ বাসিন্দা নয়নমণিয়ে দেওবাৰে কলিয়াবৰত ৰহস্য সাহিত্যিক ৰঞ্জু হাজৰিকাৰ ওপজা দিনটোতে এই সন্মান লাভ কৰি খুবেই আনন্দিত হৈ পৰা বুলি উল্লেখ কৰে । ইতিমধ্যে, কেৰালাত অনুষ্ঠিত ১৫ সংখ্যক চাইন চলচিত্ৰ মহোৎসৱত(SiGNS Film festival of Kerala) এই ছবিখনে শ্ৰেষ্ঠত্ব অৰ্জন কৰিবলৈ সক্ষম হৈছে । বৰ্তমান পি.বি.জি বামুণবাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ নৱম শ্ৰেণীৰ ছাত্ৰীগৰাকীয়ে ছবিখনক লৈ খুবেই আগ্ৰহী বুলি ব্যক্ত কৰে ৷
লগতে পঢ়ক : 68th National Film Awards declared: অসমেও আঁজুৰিলে কেইবাটাও ৰাষ্ট্ৰীয় সন্মান