ETV Bharat / entertainment

Matthew Perry: মেথিউ পেৰীৰ মৃত্যুৰ সৈতে কি সংযোগ আছে শ্ৰীদেৱীৰ মৃত্যুৰ ?

author img

By ETV Bharat Assamese Team

Published : Oct 29, 2023, 11:03 AM IST

জনপ্ৰিয় ধাৰাবাহিক ‘ফ্ৰেণ্ডছ’ত চেণ্ডলাৰ বিঙৰ জনপ্ৰিয় চৰিত্ৰত অভিনয় কৰা অভিনেতা মেথিউ পেৰীৰ 54 বছৰ বয়সত মৃত্যু হয় । তেওঁৰ মৃত্যুৱে বলীউডৰ কিংবদন্তী অভিনেত্ৰী শ্ৰীদেৱীৰ কথা মনত পেলাই দিয়ে । দুয়োৰে মৃত্যুত কি সংযোগ আছে জানি লওক এই প্ৰতিবেদনত ৷

Bollywood celebs who were found dead in bathroom, Matthew Perry Death Sridevi connection
শ্ৰীদেৱীৰ মৃত্যুৰ লগত কি সম্পৰ্ক আছে মেথিউৰ মৃত্যুৰ

চিটাৰা ডেস্ক, 29 অক্টোবৰ : 54 বছৰ বয়সত মৃত্যুক সাবটি ল’লে হলিউডৰ অভিনেতা মেথিউ পেৰীয়ে । ‘ফ্ৰেণ্ডছ’ ছিৰিজত চেণ্ডলাৰ বিঙৰ চৰিত্ৰত অভিনয় কৰি গোটেই বিশ্বজুৰি জনপ্ৰিয় হৈ পৰিছিল মেথিউ । মেথিউৰ এই আকস্মিক মৃত্যুৱে হলিউড উদ্যোগৰ লগতে বলীউড উদ্যোগকো হতচকিত কৰিছে । কাৰণ ‘ফ্ৰেণ্ডছ’ ধাৰাবাহিকখন সমগ্ৰ বিশ্বতে অতি জনপ্ৰিয় আছিল আৰু এতিয়াও দৰ্শকে ধাৰাবাহিকখন উপভোগ কৰে ।

মেথিউৰ মৃত্যু কেনেকৈ হৈছে ?

টিএমজেড (থাৰ্টি মাইল জ’ন)ৰ মতে, শনিবাৰে লছ এঞ্জেলছতস্থিত এটা এপাৰ্টমেণ্টত পেৰীক মৃত অৱস্থাত উদ্ধাৰ কৰা হয় । বাথটাবত উদ্ধাৰ হৈছিল অভিনেতাগৰাকীৰ মৃত্যুদেহ । অৱশ্যে এয়া স্বাভাবিক মৃত্যু নে আত্মহত্যা সেয়া জানিব পৰা হোৱা নাই ৷ কাৰণ ঘটনাস্থলীৰ পৰা কোনো চুইচাইড নোট অথবা কোনো ধৰণৰ ঔষধ পোৱা নাছিল আৰক্ষীয়ে ।

ইফালে ডুব যোৱাৰ বাবেই পেৰীৰ মৃত্যু হৈছে বুলি ধাৰণা কৰা হৈছে । এই ঘটনাৰ সন্দৰ্ভত লছ এঞ্জেলছৰ আৰক্ষী বিভাগে জনাই যে 50 বছৰীয়া এজন পুৰুষৰ মৃত্যুৰ সন্দৰ্ভত আৰক্ষীক ফোন কৰা হৈছিল ৷ ফোন লাভ কৰাৰ পাচতে পেৰীৰ বাসগৃহত উপস্থিত হয় আৰক্ষীৰ এটা দল । অৱশ্যে আৰক্ষীয়ে মৃত লোকজনৰ পৰিচয় নিশ্চিত কৰা নাই ।

শ্ৰীদেৱীৰ মৃত্যুৰ লগত কি সংযোগ আছে মেথিউৰ মৃত্যুৰ ?

সংবাদ মাধ্যমৰ খবৰ অনুসৰি ডুব যোৱাৰ বাবেই মেথিউৰ মৃত্যু হৈছিল । এইখিনিতে উল্লেখ কৰিব লাগিব যে বলীউডৰ লেডী ছুপাৰষ্টাৰ অভিনেত্ৰী শ্ৰী দেৱীৰ ডুবাইত 2028 চনৰ 24 ফেব্ৰুৱাৰীত মৃত্যু হৈছিল । য’ত অভিনেত্ৰীগৰাকীয়ে আত্মীয়ৰ বিয়ালৈ গৈছিল । কিন্তু তাতেই অঘটনা ঘটে ৷ হোটেলৰ বাথটাবৰ পৰা উদ্ধাৰ কৰা হয় অভিনেত্ৰীগৰাকীৰ মৃতদেহ ৷ এতিয়া প্ৰশ্ন হয় মেথিউ আৰু শ্ৰীদেৱীৰ মৃত্যুত কি সংযোগ আছে ৷

দৰাচলতে দুয়োৰে মৃত্যুত সংযোগ আছে ৷ কাৰণ মেথিউ আৰু শ্ৰীদেৱীৰ মৃত্যু একে বয়সতে হৈছে অৰ্থাৎ 54 বছৰত হৈছে আৰু দুয়োৰে মৃত্যু একে ধৰণেই হৈছে অৰ্থাৎ বাথটাবত । অৱশ্যে শেহতীয়াকৈ শ্ৰীদেৱীৰ স্বামী বনী কাপুৰে কয় যে কেৱল বাথটাবেই শ্ৰীদেৱীৰ মৃত্যুৰ কাৰণ নাছিল । শ্ৰীদেৱীৰ মৃত্যুৰ কাৰণসমূহৰ ভিতৰত অন্যতম কাৰণ আছিল তেওঁ কঠোৰ খাদ্যাভ্যাস ।

লগতে পঢ়ক: Matthew Parry passes away: এমি বঁটাৰ বাবে মনোনীত ফ্ৰেণ্ডছৰ তাৰকা মেথিউ পেৰী ৰহস্যজনক মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.