ETV Bharat / entertainment

Dream Girl 2: ড্ৰিম গাৰ্ল ২ ছবিখনৰ মুক্তিৰ তাৰিখ সলনি কৰিলে নিৰ্মাতাই; কিন্তু কিয় আৰু কেতিয়া মুক্তি পাব ছবিখন ?

author img

By

Published : Apr 24, 2023, 1:19 PM IST

আয়ুষ্মান খুৰানা আৰু অনন্যা পাণ্ডেৰ ছবি ড্ৰিম গাৰ্ল ২ ৰ মুক্তিৰ তাৰিখ সলনি হ’ল । কিন্তু কিয় সলনি কৰিলে ছবিখনৰ মুক্তিৰ তাৰিখ (Dream Girl 2 release date pushed) ৷ জানক এই প্ৰতিবেদনত ৷

Ayushmann Khurranas Dream Girl 2 release date pushed to August, did makers safeguard film from Jawan and Adipurush?
আয়ুষ্মান খুৰানা আৰু অনন্যা পাণ্ডেৰ ছবি ড্ৰিম গাৰ্ল ২ ৰ মুক্তিৰ তাৰিখ সলনি হ’ল

চিটাৰা ডেস্ক, 24 এপ্ৰিল : আয়ুষ্মান খুৰানা আৰু অনন্যা পাণ্ডেৰ অভিনীত আগন্তুক ৰোমান্টিক কমেডী ছবি ড্ৰিম গাৰ্ল ২ ৰ মুক্তিৰ তাৰিখ সলনি কৰা হৈছে (Dream Girl 2 release date pushed) ৷ ছবিখনৰ মুক্তিৰ তাৰিখ আগষ্ট মাহলৈ পিছুৱাই দিয়া হৈছে । সোমবাৰে ছ’চিয়েল মিডিয়াৰ জৰিয়তে নিৰ্মাতাসকলে ঘোষণা কৰে ড্ৰিম গাৰ্ল ২ ৰ নতুন মুক্তিৰ তাৰিখ । পূৰ্বে ৭ জুলাইত ছবিখন ডাঙৰ পৰ্দাত মুক্তি পোৱাৰ কথা আছিল যদিও এতিয়া আগষ্টত ছবিগৃহত মুক্তি লাভ কৰিব ছবিখন (Dream Girl 2 new release date)।

ড্ৰিম গাৰ্ল ২ ছবিখন একতা কাপুৰৰ চলচ্চিত্ৰ প্ৰডাকচন বেনাৰ বালাজী মোচন পিকচাৰ্ছত নিৰ্মিত হৈছে । বেনাৰটোৰ ছ’চিয়েল মিডিয়া একাউন্টত এটা পোষ্টৰ জৰিয়তে ঘোষণা কৰা হয় ড্ৰিম গাৰ্ল ২ মুক্তিৰ নতুন তাৰিখ (Dream Girl 2 release clash) । সংশোধিত তাৰিখৰ আপডেটটো শ্বেয়াৰ কৰি মেকাৰসকলে পূজা ওৰফে আয়ুষ্মানৰ প্ৰেমিকসকলক উদ্দেশ্যি এটা পোষ্ট শ্বেয়াৰ কৰি লিখিছে, " Pachees badi hai mast mast, kyunki @pooja___dreamgirl aa rahi hai on 25 अगस्त #PoojaKiKissOnAug25 #DreamGirl2 releasing। ২৫ আগষ্টত ছবিগৃহত মুক্তি লাভ কৰিব ছবিখন ।"

ড্ৰিম গাৰ্ল ২ হৈছে ২০১৯ চনত মুক্তি পোৱা আয়ুষ্মানৰ ছবি ড্ৰিম গাৰ্লৰ ছিকুৱেল যিটো বক্স অফিচত হিট হিচাবে পৰিগণিত হৈছিল। আয়ুষ্মান আৰু অনন্যাৰ উপৰিও দ্বিতীয় খণ্ডত আছৰানী, অনন্নু কাপুৰ, পৰেশ ৰাৱাল, মনজোৎ সিং আৰু বিজয় ৰাজ আদিয়েও অভিনয় কৰিছে (Dream Girl 2 release clash with jawan) ।

কিন্তু কিয় সলনি কৰা হ’ল ছবিখনৰ মুক্তিৰ তাৰিখ

ড্ৰিম গাৰ্ল ২ৰ নতুন মুক্তিৰ পৰিকল্পনাই শ্বাহৰুখ খানৰ বহু প্ৰত্যাশিত আউটিং জোৱানৰ পৰা ছবিখনক সুৰক্ষিত কৰিব বুলি ধাৰণা কৰা হৈছে ৷ জোৱান ছবিখন ২ জুনত ছবিগৃহত মুক্তি পাব (Dream Girl 2 release clash with Adipurush) ৷ অৱশ্যে নিৰ্মাতসকলে এতিয়ালৈকে নিশ্চিত কৰা নাই এই কথা (Ayushmann Khurrana) ৷

ড্ৰিম গাৰ্ল ২ ৰ নিৰ্মাতাসকলক মুক্তিৰ তাৰিখ সলনি কৰাৰ আন এটা কাৰণ হৈছে আদিপুৰুষ । প্ৰভাছ আৰু কৃতি সেননৰ অভিনীত পৌৰাণিক নাটকখন ১৬ জুনত ৰূপালী পৰ্দাত মুক্তি পোৱাৰ কথা (Ananya panday)। আগষ্টলৈ মুক্তি দি আয়ুষ্মানৰ ছবিখনৰ নিৰ্মাতাসকলে এই ছবিখনক জোৱান আৰু আদিপুৰুষৰ বচাবলৈ বিচাৰিছে ৷

লগতে পঢ়ক: Salman Khan: মেনে প্যাৰ কিয়াৰ সহ অভিনেতা ভাগ্যশ্ৰী-মহনীশৰ কন্যাৰ লগত ছলমানৰ ছবি; ভাগ্যশ্ৰীয়ে ক’লে এই কথা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.