ETV Bharat / entertainment

Doctor G trailer: আয়ুষ্মান খুৰানাৰ ডক্টৰ জি ট্ৰেইলাৰে হহুৱাইছে দৰ্শকক

author img

By

Published : Sep 20, 2022, 12:50 PM IST

আয়ুষ্মান খুৰানা আৰু ৰাকুল প্ৰীত সিং অভিনীত ছবি ডক্টৰ জিৰ ট্ৰেইলাৰ মুকলি হৈছে (Doctor G trailer) ৷ এই ছবিখনেৰে অনুভূতি কাশ্যপে পৰিচালক হিচাপে আত্মপ্ৰকাশ কৰিবলৈ সাজু হৈছে ৷

Ayushmann Khurrana
ডক্টৰ জি ট্ৰেইলাৰ

চিটাৰা ডেস্ক, 20 ছেপ্টেম্বৰ : 20 ছেপ্টেম্বৰত মুকলি হয় আয়ুষ্মান খুৰানা আৰু ৰাকুল প্ৰীত সিং অভিনীত ছবি ডাক্তৰ জিৰ ট্ৰেইলাৰ । ছবিখনত এজন মেডিকেল শিক্ষাৰ্থীৰ ৰূপত দেখা গৈছে আয়ুষ্মানক ৷ পুৰুষ হৈ দ্বিধাবোধেৰে স্ত্ৰীৰোগ বিশেষজ্ঞ হোৱাৰ বাবে সন্মুখীন হোৱা অসুবিধা সমূহৰ সুন্দৰ উপস্থাপন কৰা হৈছে ট্ৰেইলাৰটোত ৷ আয়ুষ্মানৰ স্ত্ৰীৰোগ বিশেষজ্ঞ হোৱা চিকিৎসা যাত্ৰাৰ বিশৃংখল জগতখনৰ এক স্নিক-পিক দিয়ে এই ট্ৰেইলাৰে (Ayushmann Khurrana new movie) ।

মেডিকেল কেম্পাছ এটাৰ ভিতৰত চলা কমেডী-ড্ৰামা দেখুওৱা হৈছে ডাক্তৰ জিত ৷ ডাক্তৰ উদয় গুপ্তাৰ চৰিত্ৰত অভিনয় কৰা আয়ুষ্মানে হ’ব বিচাৰিছিল অৰ্থপেডিক বিশেষজ্ঞ, কিন্তু পাকচক্ৰত গাইনোক’লজীৰ শ্ৰেণীত আবদ্ধ হৈ পৰে ৷ এতিয়া তেওঁ নিজৰ বিভাগ সলনি কৰিবনে, নে বিভাগেই তেওঁক সলনি কৰি অন্য এটা বিভাগলৈ পঠাব সেইয়া জানিবলৈ দৰ্শকে অপেক্ষা কৰিব লাগিব ছবিখনৰ মুক্তিলৈ (Ayushmann Khurrana latest updates) ৷

  • " class="align-text-top noRightClick twitterSection" data="">

আয়ুষ্মান আৰু ৰাকুলৰ উপৰিও ডাক্তৰ জিত ড° নন্দিনী শ্ৰীবাস্তৱৰ চৰিত্ৰত শ্বেফালী শ্বাহে কৰিছে বলিষ্ঠ অভিনয় ৷ আয়ুষ্মানৰ মাতৃৰ চৰিত্ৰত শ্বীবা চড্ডাই প্ৰভাৱশালী অভিনয় কৰিছে ।

অনুভূতি কাশ্যপৰ পৰিচালনাত অহা 14 অক্টোবৰত ছবিগৃহত প্ৰদৰ্শিত হ’ব এই ছবিখন (Doctor G release date) ৷ ডাক্তৰ জিৰ ৰচনা কৰিছে কাশ্যপৰ সৈতে সুমিত সাক্সেনা, বিশাল ৱাগ, সৌৰভ ভাৰতে । বিনীত জৈনৰ দ্বাৰা প্ৰযোজিত আৰু অমৃতা পাণ্ডেৰ সহ-প্ৰযোজনাত এই ছবিখনত অতিথি হিচাপেও অভিনয় কৰিছে শ্বেফালী শ্বাহে ।

লগতে পঢ়ক : Vikram Vedha Song: এলক’হলিয়াই নচুৱাইছে দৰ্শকক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.