ETV Bharat / entertainment

Shashikant Lokhande Funeral: অংকিতা লোখাণ্ডেৰ পিতৃৰ দেহাৱসান, পিতৃক কান্ধত তুলি শ্মশানলৈ লৈ গ’ল অংকিতাই

শনিবাৰে বিশ্ববাসীৰ পৰা বিদায় ল’লে অভিনেত্ৰী অংকিতা লোখাণ্ডেৰ পিতৃ শশীকান্ত লোখাণ্ডে। দেওবাৰে লোখণ্ডে পৰিয়ালে শশীকান্তে লোখণ্ডেৰ শেষ ৰীতি-নীতি পালন সম্পন্ন কৰে ।

author img

By

Published : Aug 13, 2023, 3:16 PM IST

Ankita Lokhande's father Shashikant Lokhande funeral
অংকিতা লোখাণ্ডেৰ পিতৃ শশীকান্তে লোখাণ্ডে আৰু নাই

চিটাৰা ডেস্ক, 13 আগষ্ট: ‘পবিত্ৰ ৰিষ্টা’ ফেম অভিনেত্ৰী অংকিতা লোখাণ্ডেৰ পিতৃৰ দেহাৱসান ৷ শনিবাৰে এই পৃথিৱীৰ পৰা বিদায় লয় পিতৃ শশীকান্ত লোখাণ্ডে । সংবাদ মাধ্যমৰ খবৰ অনুসৰি পিতৃ শশীকান্ত দীৰ্ঘদিন ধৰি অসুস্থ আছিল ।

যোৱা দুমাহ ধৰি শশীকান্ত লোখণ্ডেৰ স্বাস্থ্যৰ অধিক অৱনতি ঘটিবলৈ লয় ৷ যদিও তেওঁৰ মৃত্যুৰ কাৰণ বৰ্তমানলৈকে জানিব পৰা হোৱা নাই, এতিয়ালৈকে ইয়াৰ কোনো তথ্য প্ৰকাশ পোৱা নাই । আজি (13 আগষ্ট) মুম্বাইত শশীকান্ত লোখাণ্ডেৰ অন্ত্যেষ্টিক্রিয়া সম্পন্ন কৰা হয় ।

মাতৃ বন্দনা, ভাতৃ অৰ্পন আৰু স্বামী বিকি জৈনৰ সৈতে অংকিতাই পিতৃ শেষ বিদায় দিয়া দেখা যায় ৷ আনহাতে অংকিতাই ককায়েকৰ সৈতে শেষ ৰীতি-নীতি সম্পন্ন কৰে । কেৱল এয়াই নহয়, অংকিতাই পিতৃ লোখাণ্ডেৰ মৃতদেহ কান্ধত তুলি লৈ গৈছিল ৷ আনহাতে এই দুখৰ সময়ত অংকিতাৰ সৈতে থিয় দিয়ে শ্ৰদ্ধা আৰিয়া, নন্দিশ সন্ধুৰ দৰে চেলিব্ৰিটিয়ে ৷

অংকিতাৰ পিতৃৰ অন্ত্যেষ্টিক্ৰিয়াৰ কেইবাটাও ভিডিঅ’ ছ’চিয়েল মিডিয়াত প্ৰকাশ পাইছে ৷ য’ত এটা ভিডিঅ’ত অংকিতাক পিতৃক কান্ধত তুলি লৈ যোৱা দেখা গৈছে, আনহাতে আন এটা ভিডিঅ’ত দেখা গৈছে স্বামী আৰু পৰিয়ালৰ সৈতে।

এই সকলোবোৰৰ মাজতে এনে এটা ভিডিঅ’ চৰ্চালৈ আহিছে, যিটো ভিডিঅ’ দেখি আৱেগিক হৈ পৰিছে অংকিতাপ অনুৰাগীসকল। পিতৃৰ অন্ত্যেষ্টিক্ৰিয়াত অংকিতাই স্বামী বিকি জৈনক সাৱটি ধৰি কান্দি থকা পৰিলক্ষিত হৈছে ।

অভিনেত্ৰী অংকিতা লোখণ্ডেৰ পিতৃ শশীকান্ত লোখাণ্ডেৰ ৬৮ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে ৷ দেওবাৰে অশিৱৰা শ্মশানত অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হয় । অন্ত্যেষ্টিক্ৰিয়াৰ পূৰ্বে অন্তিমবাৰৰ বাবে অংকিতাৰ মুম্বাইৰ ঘৰত উপস্থিত হোৱা দেখা গৈছিল শ্ৰদ্ধা আৰিয়ান, তুষাৰ টণ্ডনকে ধৰি আন বহু চেলিব্ৰিটিক।

লগতে পঢ়ক: Nitin Desai audio clip: নীতিন দেশাইৰ অডিঅ’ ক্লিপৰ পৰা উদ্ধাৰ গুৰুত্বপূৰ্ণ তথ্য, চৰকাৰক আবেদন, মৃত্যুৰ বাবে জগৰীয়া কৰিলে এই কোম্পানীটোক

লগতে পঢ়ক: Siddique Ismail Death: মালয়ালম পৰিচালক ছিদ্দিকী ইছমাইলৰ দেহাৱসান; ছবি জগতত শোকৰ ছাঁ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.