ETV Bharat / entertainment

Ram Setu trailer: অক্ষয় কুমাৰৰ এক্সন-এড্ভেঞ্চাৰ ৰাম সেতুৰ ট্ৰেইলাৰ মুকলি - এক্সন থ্ৰিলাৰ ছবি ৰাম সেতু

ৰাম সেতুৰ ট্ৰেইলাৰত দেখুওৱা হৈছে যে কেনেকৈ এজন নাস্তিক প্ৰত্নতত্ত্ববিদ আস্তিকলৈ পৰিণত হয় ৷ আৰ্য কুলশ্ৰেষ্ঠই (অক্ষয় কুমাৰ) ভাৰতীয় ঐতিহ্যৰ স্তম্ভ কোনো দুষ্ট শক্তিয়ে ধ্বংস কৰাৰ আগতে কিংবদন্তি ৰাম সেতুৰ প্ৰকৃত অস্তিত্ব প্ৰমাণ কৰিবলৈ কিদৰে সময়ৰ বিৰুদ্ধে দৌৰিব লগীয়া হয় তাকে লৈ আগবাঢ়িছে ছবিখনৰ কাহিনীভাগ (Ram Setu trailer)।

Akshay Kumar
অক্ষয় কুমাৰৰ এক্সন-এড্ভেঞ্চাৰ ৰাম সেতুৰ ট্ৰেইলাৰ মুকলি
author img

By

Published : Oct 11, 2022, 7:56 PM IST

চিটাৰা ডেস্ক, 11 অক্টোবৰ : অভিনেতা অক্ষয় কুমাৰে মঙলবাৰে তেওঁৰ পৰৱৰ্তী এক্সন থ্ৰিলাৰ ছবি ৰাম সেতুৰ ট্ৰেইলাৰ উন্মোচন কৰে । অভিষেক শৰ্মাৰ দ্বাৰা পৰিচালিত এই ছবিখনত জেকলিন ফাৰ্ণাণ্ডেজ, নুছৰত ভাৰুচ্চা আৰু সত্য দেৱেও মুখ্য চৰিত্ৰত অভিনয় কৰিছে (Ram Setu cast) ।

টুইটাৰৰ জৰিয়তে অক্ষয়ে ৰাম সেতু ট্ৰেইলাৰ শ্বেয়াৰ কৰে ৷ শিৰোনামত তেওঁ লিখে, "আপোনালোকে #RamSetu প্ৰথম আভাস ভাল পাইছিল... আশা কৰোঁ ট্ৰেইলাৰটোকো আৰু অধিক মৰম দিব আৰু এই দীপাৱলীত আহক আমি সমগ্ৰ পৰিয়ালৰ সৈতে ৰাম সেতুৰ পৃথিৱীৰ অংশ হওঁ । #RamSetu। 25 অক্টোবৰ" ৷

ভাৰতীয় ঐতিহ্যৰ স্তম্ভ দুষ্ট শক্তিয়ে ধ্বংস কৰাৰ আগতে কেনেকৈ এজন নাস্তিক পুৰাতত্ত্ববিদ আস্তিকলৈ পৰিণত হয়, আৰ্য কুলশ্ৰেষ্ঠই (অক্ষয় কুমাৰ) কিংবদন্তি ৰাম সেতুৰ প্ৰকৃত অস্তিত্ব প্ৰমাণ কৰিবলৈ কিদৰে সময়ৰ বিৰুদ্ধে দৌৰিব লগা হয় এই সকলো দেখুওৱা হৈছে ট্ৰেইলাৰটোত । ৰাম সেতুৰ ট্ৰেইলাৰ চাই ছবিখনে দৰ্শকক মনোৰঞ্জন দিব বুলি অনুমান কৰিব পৰা গৈছে ৷ চিনেমা হলত সমগ্ৰ পৰিয়ালৰ সৈতে উপভোগ কৰিব পৰাকৈ ই এখন নিখুঁত উৎসৱমুখৰ ছবি ।

2022 চনৰ 25 অক্টোবৰত ছবিগৃহত প্ৰদৰ্শিত হ’বলগীয়া ছবিখনে (Ram Setu release date) অজয় ​​দেৱণ আৰু সিদ্ধাৰ্থ মালহোত্ৰাৰ অভিনীত কমেডী ছবি থেংক গডৰ সৈতে সংঘৰ্ষৰ সন্মুখীন হ’ব । ছবিখন থিয়েটাৰত মুক্তি পোৱাৰ পিছত অতি সোনকালেই এমাজন প্ৰাইমৰ সদস্যসকলৰ বাবেও উপলব্ধ হ’ব ।

  • " class="align-text-top noRightClick twitterSection" data="">

ছবিখনৰ প্ৰযোজনা কৰিছে অৰুণা ভাটিয়া, বিক্ৰম মালহোত্ৰা, সুবস্কৰণ, মহাবীৰ জৈন, আশীষ সিং আৰু প্ৰাইম ভিডিঅ’ৰ সৈতে ক্ৰিয়েটিভ প্ৰডাক্টৰ হিচাপে ড৹ চন্দ্ৰপ্ৰকাশ দ্বিবেদীয়ে । ‘ৰাম সেতু’ বিশ্বজুৰি ছবিগৃহত বিতৰণ কৰিব জি ষ্টুডিঅ’ই ।

ইফালে, অক্ষয়ক পৰিচালক ৰাজ মেহতাৰ পৰৱৰ্তী চেল্ফীত ইমৰান হাছমী, নুছৰত ভাৰুচ্চা আৰু ডায়েনা পেন্টিৰ সৈতে মুখ্য চৰিত্ৰত দেখিবলৈ পোৱা যাব । তাৰ বাহিৰেও ৰাধিকা মদনৰ সৈতে দক্ষিণৰ ছবি Soorarai Pottruৰ অফিচিয়েল হিন্দী ৰিমেক তেওঁৰ হাতত আছে ৷ আনন্দ এল ৰাইৰ ‘গোৰ্খা’ আৰু টাইগাৰ শ্ৰফৰ সৈতে Bade Miyan Chote Miyanতো তেওঁক দেখিবলৈ পোৱা যাব ।

লগতে পঢ়ক : Phone Bhoot trailer, ফোন ভূতে দৰ্শকক হহুঁৱাব-ভয়ো খুৱাব

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.