চিটাৰা ডেস্ক, 27 এপ্ৰিল: ৰূপালী পৰ্দাত এটাৰ পিচত আনটো ছবি ফ্লপ হোৱাৰ পিচত ছুপাৰষ্টাৰ অক্ষয় কুমাৰে এইবাৰ মনোনিৱেশ কৰিছে ব্যৱসায়ত ৷ আগন্তুক ছবি আৰু অ’টিটিৰ ব্যস্ত শ্বুটিঙৰ মাজতে অভিনেতাগৰাকীয়ে নিজৰ কাপোৰৰ ব্যৱসায় আৰু ইয়াৰ আউটলেট প্ৰচাৰত মনোনিৱেশ কৰিছে । অভিনেতাগৰাকীয়ে নিজৰ নতুন আউটলেট মুকলিৰ সৈতে জড়িত এটা ভিডিঅ’ও নিজৰ ছ’চিয়েল মিডিয়াত একাউন্টত পোষ্ট কৰিছে ।
ব্যৱসায়ী মনীষ মান্ধনাৰ সহযোগত অভিনেতা অক্ষয় কুমাৰে মুকলি কৰিছে তেওঁৰ নতুন এথলেইজাৰ ব্ৰেণ্ড ফৰ্চ IX । মুম্বাইত ইয়াৰ এক ডাঙৰ আউটলেট খুলিছে (Akshay Kumar Launches Clothing Brand Force IX)। অনুষ্ঠানটো উপলক্ষে অক্ষয়ক শ্ব’ৰুমৰ মুকলি কৰাৰ পিচত অনুৰাগীৰ সন্মুখত পোজ দিয়া দেখা যায় । মূলতঃ কোম্পানীটোত উপলব্ধ হ’ব শ্বেট চাৰ্ট, হুডি, টি-চাৰ্ট, ডেনিম, চাইনো, শ্বৰ্ট আৰু শ্লিপৱেৰ ।
- " class="align-text-top noRightClick twitterSection" data="
">
একে সময়তে আগন্তুক সময়ত আৰু কিছু সামগ্ৰী যেনে বেল্ট, কেপ, ট্ৰেভেল এক্সেচৰিজ, জোতা আৰু ঘড়ী আনিবলৈ প্ৰস্তুতি চলোৱা হৈছে । প্ৰচাৰ অনুষ্ঠানৰ সময়ত অভিনেতাগৰাকীয়ে অনুৰাগীৰ সৈতে মুকলিকৈ তেওঁৰ ব্ৰেণ্ডৰ বিষয়ে কথা পাতিছিল (Akshay Kumars Force IX opens)।
অভিনেতা অক্ষয় কুমাৰে মুকলি কৰা ভিডিঅ’টোত কেপচন দিয়া হৈছে, ‘আজি এক মাইলৰ খুঁটিৰ দিন । মুম্বাইত মুকলি হ’ল ফৰ্চৰ ফ্লেগশ্বিপ ষ্ট’ৰ । য’ত ফেশ্বন, সকলোৰে বাবে আৱেগ থকা প্ৰডাক্ট পোৱা যাব । এতিয়া লক্ষ্যণীয় হ’ব যে অভিনয়ত শেহতীয়াকৈ ফ্লপ হোৱাৰ পিচত অভিনেতাগৰাকীয়ে ব্যৱসায়ত কিমান সফল হয় (Force IX to open over 200 stores in India) ।
- " class="align-text-top noRightClick twitterSection" data="
">
কৰ্মৰ ফালৰ পৰা বলীউডৰ অভিনেতা অক্ষয় কুমাৰক অতি সোনকালে 'ৱেলকাম ৩' আৰু 'হেৰা ফেৰী ৪'ৰ পিচত 'আৱৰা পাগল দীৱানা ২'ত দেখা পোৱা যাব ৷ এই ছবিখনত ছুপাৰষ্টাৰ অক্ষয়ৰ সৈতে সঞ্জয় দত্ত, সুনীল শেট্টী, পৰেশ ৰাৱাল, আৰ্শ্বদ ৱাৰ্ছীৰ দৰে বহু অভিনেতাক একেলগে পৰ্দাত দেখা পোৱা যাব । ছবিখনৰ শ্বুটিঙৰ বাবে প্ৰস্তুতি চূড়ান্ত কৰিছে নিৰ্মাতাসকলে ।