ETV Bharat / entertainment

Prabhas Dating Kriti Sanon: দক্ষিণৰ চুপাৰষ্টাৰ প্ৰভাসৰ প্ৰেমত পৰিছে কৃতি সেনন!

author img

By

Published : Sep 18, 2022, 2:05 PM IST

Updated : Oct 3, 2022, 7:43 PM IST

বলীউডৰ মোহময়ী অভিনেত্ৰী কৃতি সেনন আৰু বাহুবলী খ্যাত তাৰকা প্ৰভাসৰ প্ৰেম জীৱনক লৈ সামাজিক মাধ্যমত বৰ্তমান চলিছে ব্যাপক চৰ্চা(Prabhas Dating Kriti Sanon) ।

ADIPURUSH CO STARS PRABHAS AND KRITI SANON DATING EACH OTHER
দক্ষিণৰ ছুপাৰষ্টাৰ প্ৰভাসৰ প্ৰেমত পৰিছে কৃতি সেনন!

চিটাৰা ডেস্ক, 18 ছেপ্টেম্বৰ: বলীউডৰ মোহময়ী অভিনেত্ৰী কৃতি সেনন (Kriti Sanon) আৰু বাহুবলী খ্যাত তাৰকা প্ৰভাসৰ(Prabhas) প্ৰেম জীৱনক লৈ সামাজিক মাধ্যমত বৰ্তমান চলিছে ব্যাপক চৰ্চা(Prabhas Dating Kriti Sanon) । প্ৰভাসৰ সৈতে বৰ্তমান নাম সাঙোৰ খাইছে অভিনেত্ৰী কৃতি সেননৰ । দুয়োগৰাকী তাৰকাৰ ডেটিংৰ খবৰ বৰ্তমান ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে ।

কৃতীয়ে প্ৰভাসৰ লগত ডেটিং কৰিছে নেকি ?

জানিব পৰা মতে, Coffee with Karan শ্ব’ৰ পিছতে বিয়পি পৰিছিল কৃতি সেনন আৰু প্ৰভাসৰ ডেটিঙৰ খবৰ । কৰণ জোহৰৰ শ্ব'(Karan Johar) Koffee with Karan S7ৰ কলিং ছেগমেণ্ট ৰাউণ্ডৰ সময়ত কৃতিয়ে প্ৰভাসক ফোন কৰিছিল । তেতিয়াৰ পৰাই দুয়োৰে মাজত বিশেষ সম্পৰ্কৰ থকাৰ খবৰ ভাইৰেল হৈ পৰিছিল । এতিয়া আপডেট কৰা ৰিপৰ্ট অনুসৰি প্ৰভাস আৰু কৃতিৰ মাজত ৰোমান্টিক সম্পৰ্ক থকাৰ কথা চৰ্চাত আছে ।

এক সূত্ৰ মতে, আদিপুৰুষ ছবিখনৰ চেটত দুয়োৰে মাজৰ সম্পৰ্ক সুদৃঢ় হৈছিল । প্ৰভাস এজন লাজকুৰীয়া স্বভাৱৰ ব্যক্তি, কিন্তু কৃতিৰ সৈতে এনেদৰে কথা বতৰা পতাৰ পিছৰে পৰা তেওঁলোকৰ এই বণ্ডিঙে সকলোকে আচৰিত কৰি তুলিছে । বৰ্তমান তেওঁ কৃতিৰ সৈতে মুকলিকৈ কথা পাতি আছে । অৱশ্যে ইমান সোনকালে তেওঁলোকৰ এই সম্পৰ্কৰ বিষয়ে একো কোৱাটো উচিত নহ’ব ।

বিগত বছৰত এক সাক্ষাৎকাৰত কৃতিয়ে প্ৰভাসক লৈ নিজৰ মতামত ব্যক্ত কৰিছিল । কৃতিয়ে ক’লে, “প্ৰভাসক প্ৰথম দেখাৰ সময়ত মই ভাবিছিলো যে, তেওঁ অলপ লাজকুৰীয়া, কিন্তু যেতিয়া আমি একে কথা পাতিলো তেতিয়া প্ৰভাসক বৰ মুকলি যেন লাগিল ।”

প্ৰভাস আৰু কৃতিৰ ছবি আদিপুৰুষৰ কথা ক’বলৈ গ’লে ২০২৩ চনৰ ১২ জানুৱাৰীত দুয়োগৰাকী তাৰকাৰ ছবিয়ে ছবিগৃহত এন্ট্ৰি মাৰিব । কৃতি আৰু প্ৰভাসৰ উপৰিও ছবিখনত অভিনয় কৰিছে ছৈফ আলী খানে । ডেটিঙৰ খবৰ পোৱাৰ পিছত কৃতি আৰু প্ৰভাসক ৰূপালী পৰ্দাত চাবলৈ অতি আগ্ৰহেৰে বাট চাইছে অনুৰাগীসকল ।

লগতে পঢ়ক: Richa Chadha Ali Fazal wedding: আলীৰ সৈতে বিয়াৰ বাতৰিত মোহৰ লগালে ৰিছাই

Last Updated : Oct 3, 2022, 7:43 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.