ETV Bharat / entertainment

Adil Call Rakhi Sawant : জেলৰ পৰাই ফোন কৰি ৰাখীক ক্ষমা খুজিলে আদিলে, ড্ৰামা কুইনে ক’লে- ওলাই আহক...

ৰাখী সাৱন্ত আৰু আদিল খানৰ বিবাহৰ চৰ্চা বহুদিনৰ ৷ শেহতীয়াকৈ ৰাখীয়ে প্ৰকাশ কৰিছে যে আদিলে জেলৰ পৰাই তেওঁক ফোন কৰিছিল (Adil Call Rakhi Sawant)। আদিলে জেলৰ পৰা ফোন কৰি ৰাখীক কি কৈছিল সবিশেষ জানিবলৈ পঢ়ক এই প্ৰতিবেদন ৷

ADIL KHAN DURRANI APOLOGIZED TO RAKHI SAWANT CALLING FROM JAIL DRAMA QUEEN SAID GIVE ME DIVORCE
জেলৰ পৰা ৰাখীলৈ আদিলৰ ফোন
author img

By

Published : May 2, 2023, 12:52 PM IST

চিটাৰৈ ডেস্ক, 2 মে’ : বলীউডৰ ড্ৰামা কুইন বুলি পৰিচিত ৰাখী সাৱন্তৰ বিতৰ্কৰ যেন অন্তই নপৰে ৷ প্ৰায়ে অদ্ভুদ ব্যৱহাৰ তথা নিজৰ ব্যক্তিগত বিষয়ৰ বাবে লাইমলাইটত থাকে ৰাখী ৷ সেয়া লাগিলে কাৰোবাৰ সৈতে নিজৰ সম্পৰ্কই হওক অথবা নিজৰ বিবাহৰ খবৰেই হওক ৰাখীয়ে প্ৰত্যেকটো খবৰ মিডিয়াৰ সৈতে শ্বেয়াৰ কৰি আহিছে ৷ শেহতীয়াকৈ ৰাখী বিবাহপাশত আৱদ্ধ হৈছিল মুছলিম ধৰ্মৰ যুৱক আদিল খান দুৰাণীৰ সৈতে ৷ আদিলৰ সৈতে বিবাহপাশত আৱদ্ধ হোৱাৰ পিচত ৰাখীয়ে গ্ৰহণ কৰিছিল ইছলাম ধৰ্ম ৷

কিন্তু ইয়াৰ পিচতো সফল নহ’ল ৰাখীৰ বৈবাহিক জীৱন ৷ আদিলে ৰাখীক জালিয়াতি কৰি ধন লুট কৰাৰ লগতে শাৰীৰিক আৰু মানসিকভাৱে অত্যাচাৰ কৰা বুলি অভিযোগ তুলি ৰাখীয়ে আদিলৰ বিৰুদ্ধে দাখিল কৰে এজাহাৰ ৷ কেৱল ইমানেই নহয়, আদিলে ৰাখীক বিয়াৰ পূৰ্বে দেখুৱা সমস্ত ব্যক্তিত্ব আছিল মিছা ৷ অৱশ্যে ৰাখীৰ এজাহাৰৰ ভিত্তিত আদিল বৰ্তমান কাৰাবন্দী হৈ আছে (Adil Call Rakhi Sawant) ৷

ইফালে শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে ৰাখীৰ এটা ভিডিঅ’ (Rakhi Sawant shares update on estranged husband) ৷ ভাইৰেল ভিডিঅ’টোত ৰাখীক কোৱা দেখা গৈছে যে জেলৰ পৰা আদিলে তেওঁক ফোন কৰিছিল আৰু ক্ষমা বিচাৰিছিল । ভিডিঅ’টোত ৰাখীক কেজুৱেল আউটফিট পৰিধান কৰা দেখা পোৱা গৈছে ৷

জেলৰ পৰা ওলাই আহি মোক বিবাহ বিচ্ছেদ দিয়ক - ৰাখী

ভাইৰেল হৈ থকা ভিডিঅ’টোত ৰাখীয়ে ‘আদিলৰ ফোন জেলৰ পৰা আহিছিল’ বুলি কোৱা দেখা গৈছে । ৰাখীয়ে আদিলক কয় যে আপুনি তৎক্ষণাত জেলৰ পৰা ওলাই আহি বিবাহ বিচ্ছেদ কৰক । ইয়াৰ পিচত আদিলে কয়, মই দুঃখিত, মই বিবাহ বিচ্ছেদ নকৰো ৷’ ইয়াৰ প্ৰত্যুত্তৰত ৰাখীয়ে আদিলক কয়, ‘আপুনি মোৰ জীৱনটো নষ্ট কৰি পেলাইছে আৰু এতিয়া মই আপোনাক বিশ্বাস নকৰো । ক্ষমা খুজিলেই নহয় ।’

কাৰাগাৰত আছে আদিল খান

উল্লেখ্য যে ৰাখী আৰু আদিলৰ গোপনে বিয়া হৈছিল । বিয়াৰ পিচত হোৱা সকলো নাটকীয় টুইষ্ট আৰু টাৰ্ণৰ পিচত ৰাখীয়ে আদিলৰ বিৰুদ্ধে ঘৰুৱা হিংসা আৰু ধনৰ অপব্যৱহাৰৰ অভিযোগত এফআইআৰ দাখিল কৰে । ইয়াৰ লগতে ৰাখীয়ে আদিলক প্ৰতাৰণা কৰাৰ অভিযোগো উত্থাপন কৰে । ফেব্ৰুৱাৰী মাহত আদিলক গ্ৰেপ্তাৰ কৰা হৈছিল । তেতিয়াৰ পৰা আদিল আৰক্ষীৰ জিম্মাত আছে । ৰাখীয়ে বিবাহৰ ছবিৰ লগতে চাৰ্টিফিকেট শ্বেয়াৰ কৰে (Rakhi Received A Call From Adil Khan Durrani) ।

লগতে পঢ়ক : Met Gala 2023 : ফেশ্বন ইভেণ্টত নাটাছা পুনাৱালাই পৰিধান কৰা ড্ৰেছে লাভ কৰিছে ব্যাপক চৰ্চা, চাওক নাটাছাৰ ছবি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.