ETV Bharat / entertainment

Actress Aparna Nair Death: অভিনেত্ৰী অপৰ্ণা নাইৰৰ ৰহস্যজনক মৃত্যু

মালয়ালম টিভি উদ্যোগৰ জনপ্ৰিয় অভিনেত্ৰী অপৰ্ণা নাইৰ আৰু নাই ৷ বৃহস্পতিবাৰে নিশা ঘৰৰ ভিতৰতে উদ্ধাৰ হয় অভিনেত্ৰীগৰাকীৰ মৃতদেহ ৷

author img

By ETV Bharat Assamese Team

Published : Sep 1, 2023, 12:03 PM IST

Actor Aparna Nair found dead at home in Thiruvananthapuram
অপৰ্ণা নাইৰ আৰু নাই

চিটাৰা ডেস্ক, ১ ছেপ্টেম্বৰ: মালয়ালম টেলিভিছন আৰু চলচ্চিত্ৰ উদ্যোগৰ পৰা আহিছে এক দুঃখবৰ ৷ জনপ্ৰিয় টেলিভিছন আৰু চলচ্চিত্ৰ অভিনেত্ৰী অপৰ্ণা নাইৰ আৰু নাই ৷ তিৰুৱনন্তপুৰমৰ নিজা বাসগৃহত মৃত অৱস্থাত উদ্ধাৰ কৰা হয় অভিনেত্ৰীগৰাকীক । বৃহস্পতিবাৰে সন্ধিয়া ৭ বজাত উদ্ধাৰ হয় অভিনেত্ৰীগৰাকীৰ মৃতদেহ ৷ মৃত্যুৰ সময়ত অভিনেত্ৰীগৰাকীৰ বয়স আছিল মাত্ৰ ৩১ বছৰ ।

সংবাদ মাধ্যমৰ খবৰ অনুসৰি অপৰ্ণাক তেওঁৰ বাসগৃহতে মৃত অৱস্থাত উদ্ধাৰ কৰা হয় ৷ অৱশ্যে মৃত্যুৰ সময়ত বাসগৃহত উপস্থিত আছিল মাতৃ আৰু ভগ্নী ৷ কিন্তু এইখিনিতে উল্লেখ কৰিব লাগিব যে সন্দেহজনক অৱস্থাত উদ্ধাৰ কৰা হৈছে অভিনেত্ৰীগৰাকীৰ মৃতদেহ ৷ সেয়েহে, কৰমনা আৰক্ষীয়ে এই ঘটনা সন্দৰ্ভত অস্বাভাৱিক মৃত্যুৰ গোচৰ ৰুজু কৰিছে । অপৰ্ণা নাইৰৰ মৃত্যুৰ গোচৰৰ তদন্ত অব্যাহত থকাৰ বিপৰীতে আৰক্ষীয়ে আত্মীয় আৰু পৰিয়ালৰ বক্তব্য লিপিবদ্ধ কৰিছে । এয়া আত্মহত্যা নে হত্যা সেয়া পোহৰলৈ আহিব কেৱল আৰক্ষীৰ তদন্ততহে ৷ অভিনেত্ৰীগৰাকীয়ে ইহসংসাৰত স্বামী সঞ্জিত আৰু দুগৰাকী কন্যা- থ্ৰয়া আৰু কৃতিকাক এৰি থৈ যায় ।

উল্লেখ্য যে, ২০০৫ চনত মায়োখাম ছবিৰ জৰিয়তে মনোৰঞ্জন জগতখনত আত্মপ্ৰকাশ কৰিছিল অপৰ্ণাই । ইয়াৰ পিচতে অভিনেত্ৰীগৰাকীয়ে বহু ছবি আৰু টেলিভিছন শ্ব’ত অভিনয় কৰিছিল । ৰাণ বেবী ৰাণ, চেকেণ্ডছ, আচায়ন, মেঘতীৰ্থম, মুদ্দুগাউ, কাৰ্ত সমাকশ্বম বালন বকিল আৰু কল্কি আদি ছবিত অভিনয় কৰিছে অভিনেত্ৰীগৰাকী ৷ কেৱল ইমানেই নহয়, চন্দনমাঝা আৰু আত্মসাখী আদি ধাৰাবাহিকত দেখা পোৱা গৈছিল অপৰ্ণাক ।

(আত্মহত্যা কোনো সমস্যাৰ সমাধান হ’ব নোৱাৰে । যদি আপোনাৰ মনলৈ আত্মহত্যাৰ ভাৱ বা চিন্তা আহি আছে, সেই সময়ত যদি সহায়ৰ প্ৰয়োজন হয়, তেন্তে কোনোবা নহয় কোনোবা সদায় থাকে আপোনাৰ দুখ শুনিবলৈ । স্নেহা ফাউণ্ডেশ্যন - 04424640050 (24x7 উপলব্ধ) বা iCall, টাটা ইনষ্টিটিউট অৱ ছ’চিয়েল চাইন্সেছলৈ ফোন কৰক ' হেল্পলাইন - ৯১৫২৯৮৭৮২১, যিটো সোমবাৰৰ পৰা শনিবাৰলৈ পুৱা ৮ বজাৰ পৰা নিশা ১০ বজালৈ উপলব্ধ) ৷

লগতে পঢ়ক: Preity Zinta: সৰগ ভাঙি পৰিছে প্ৰীতি জিন্টাৰ মূৰত; আপোনাজনক হেৰুৱাই শ্বেয়াৰ কৰিলে আৱেগিক পোষ্ট

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.