ETV Bharat / entertainment

95th Academy Awards : অস্কাৰত নিৰাশ ভাৰতীয় তথ্যচিত্ৰ "All That Breathes"

author img

By

Published : Mar 13, 2023, 10:29 AM IST

অস্কাৰৰ তথ্যচিত্ৰ শিতানত পুনৰ নিৰাশ হ'ল ভাৰতীয় তথ্যচিত্ৰ । বঁটা লাভ কৰিব নোৱাৰিলে মনোনীত হোৱা শৌনাক সেন পৰিচালিত অল দ্যাট ব্ৰেথছ তথ্যচিত্ৰখনে (All That Breathes loses out in Oscar)। উক্ত শিতানত বঁটা লাভ কৰিলে "নাভালনি" তথ্যচিত্ৰখনে ।

95th Academy Awards
অস্কাৰত নিৰাশ ভাৰতীয় তথ্যচিত্ৰ "All That Breathes"

চিটাৰা ডেস্ক,১৩ মাৰ্চ : বঁটা লাভৰ পৰা বঞ্চিত হ'ল ভাৰতীয় জলবায়ু পৰিৱৰ্তনৰ ওপৰত নিৰ্মিত তথ্যচিত্ৰ "অল দ্যাট ব্ৰেথছ" (All That Breathes loses out in Oscar) । একাডেমী বঁটাসমূহৰ ৯৫ সংস্কৰণত ডেনিয়েল ৰোহাৰৰ "নাভালনি"ৰ সন্মুখত পৰাজিত হ'ল ভাৰতীয় তথ্যচিত্ৰখন (Navalny wins doc Oscar)।

শৌনাক সেন পৰিচালিত তথ্যচিত্ৰখন মনোনীত হোৱা শিতানত আছিল অল দ্য বিউটি এণ্ড দ্য ব্লাডশ্বেড (All the Beauty and the Bloodshed), ফায়াৰ অফ লাভ (Fire of Love) আৰু এ হাউচ মেড অফ স্প্লিণ্টাৰছ (A House Made of Splinters) তথ্যচিত্ৰও ।

বঁটা লাভ কৰা "নাভালনি" হৈছে ৰাছিয়াৰ বিৰোধী নেতা আলেক্সি নাভালনিৰ ওপৰত নিৰ্মিত তথ্যচিত্ৰ আৰু তেওঁৰ বিষক্ৰিয়া সম্পৰ্কীয় ঘটনাৰ ওপৰত নিৰ্মিত আছিল এই তথ্যচিত্ৰ (Alexei Navalny)। অভিনেতা ৰিজ আহমেদ আৰু সংগীতজ্ঞ কোৱেষ্টলাভৰ দ্বাৰা আমেৰিকান প্ৰযোজনাৰ দলটোক এই বঁটা প্ৰদান কৰা হৈছে ।

ইফালে মনোনয়ন লাভ কৰিও বঁটাৰ পৰা বঞ্চিত হোৱা "অল দ্যাট ব্ৰেথছ" হৈছে দিল্লীত নিৰ্মিত এখন তথ্যচিত্ৰ যিয়ে মহম্মদ চাউদ আৰু নাদিম শ্বেহজাদ নামৰ দুজন ভাই-ভনীৰ চৰিত্ৰক উপস্থাপন কৰে । যিয়ে আঘাতপ্ৰাপ্ত চৰাই, বিশেষকৈ ক'লা চিলা উদ্ধাৰ আৰু চিকিৎসাৰ বাবে নিজৰ জীৱন উৎসৰ্গা কৰিছে ।

সমালোচকৰ দ্বাৰা প্ৰশংসিত চলচ্চিত্ৰখনে আগতে ২০২২ চনৰ চানডেন্স চলচ্চিত্ৰ মহোৎসৱত 'ৱৰ্ল্ড চিনেমা গ্ৰেণ্ড জুৰী পুৰস্কাৰ: তথ্যচিত্ৰ' আৰু ২০২২ চনৰ কান চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ তথ্যচিত্ৰৰ বাবে গোল্ডেন আই বঁটা লাভ কৰিছিল । বিগত বছৰৰ দৰে এইটো শিতানত ভাৰতৰ বাবে দ্বিতীয় অসন্তুষ্টি যেতিয়া "ৰাইটিং উইথ ফায়াৰ"(Writing With Fire) তথ্যচিত্ৰক পৰাজিত কৰি কোৱেষ্টলাভৰ "চামাৰ অৱ চৌল"য়ে (Summer of Soul) বঁটা আজুৰি আনিছিল ।

ক্ৰেমলিনৰ সমালোচকৰ প্ৰতিকৃতি 'নাভালনি'য়ে ডক অস্কাৰ লাভ কৰে । আনহাতে "ৰাইটিং উইথ ফায়াৰ" হৈছে একাডেমী বঁটাৰ বাবে মনোনীত হোৱা প্ৰথম ভাৰতীয় ফিচাৰ তথ্যচিত্ৰ । ৯৫ তম অস্কাৰ ডলবি থিয়েটাৰত অনুষ্ঠিত হৈছে । "নাটু নাটু", আৰ.আৰ.আৰ.-ৰ বহুপ্ৰসিদ্ধ সংগীতে এই বছৰ অস্কাৰৰ দৌৰত স্থান লাভ কৰিছে (Naatu Naatu in Oscars)।

'নাটু নাটু'য়ে এই বছৰ 'অৰিজিনেল চং' শ্ৰেণীত মনোনয়নত স্থান লাভ কৰিছে । 'ডকুমেণ্টৰী শ্বৰ্ট ফিল্ম কেটাগৰী'ত মনোনীত এলিফেণ্ট হুইচপাৰছে অস্কাৰ লাভ কৰিছে । কাৰ্তিকি গনচালভেছৰ দ্বাৰা পৰিচালিত এই ছবিখন তামিলনাডুৰ মুদুমালাই টাইগাৰ ৰিজাৰ্ভত দুটা অনাথ হাতী পোৱালি তুলি লোৱা এটা পৰিয়ালৰ ওপৰত নিৰ্মিত আছিল ।

লগতে পঢ়ক :Naatu Naatu wins Oscars: আৰু অৱশেষত Naatu Naatu ৰ ষ্টেপত প্ৰাণ খুলি নাচিছে ভাৰতে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.