ETV Bharat / elections

ডিব্ৰুগড়ত প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া

ডিব্ৰুগড়ত প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ হয় ৯৭৮৩২৬গৰাকী ভোটাৰৰ মাজত

author img

By

Published : Apr 11, 2019, 1:50 PM IST

ডিব্ৰুগড়ত ৯৭৮৩২৬গৰাকীৰে প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ

ডিব্ৰুগড়, ১১ এপ্ৰিল : ৰাজ্যৰ ৫টা সমষ্টিত চলি আছে ভোট গ্ৰহণৰ প্ৰক্ৰিয়া । তেজপুৰ,যোৰহাট,কলিয়াবৰ,লখিমপুৰৰ সমান্তৰালকৈ ডিব্ৰুগড়টো সূচাৰুৰূপে চলি আছে ভোট গ্ৰহণ প্ৰক্ৰিয়া । জিলা খনৰ মুঠ ১২৬৮ টা ভোটগ্ৰহন কেন্দ্ৰলৈ পুৱাৰে পৰা ই.ভি.এম আৰু ভি.ভি.পি.এ.টি মেচিনৰ সহায়ত আৰম্ভ হৈছে এই প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণ প্ৰক্ৰিয়া । ডিব্ৰুগড়ত নিৰ্বাচন প্ৰক্ৰিয়া মুক্ত,নিকা আৰু শান্তিপুৰ্ণ ভাবে অনুষ্ঠিত কৰাৰ বাবে নিযুক্ত কৰা হৈছে মুঠ ৫,৯২৪ জন প্ৰিজাইডিং আৰু পোলিং বিষয়া । আনহাতে, ডিব্ৰুগড়ৰ মুঠ ১,২৬৮টা ভোট গ্ৰহণ কেন্দ্ৰৰ ভিতৰত ১৭৭ টা কেন্দ্ৰ স্পৰ্শকাতৰ আৰু ১১টা অতি স্পৰ্শকাতৰ কেন্দ্ৰ ৰূপে চিহ্নিত হৈছে । জিলাখনৰ মুঠ ভোটাৰ সংখ্যা ৯৭,৮,৩২৬গৰাকীৰ ভিতৰত ৪৯,২,২৪০পুৰুষ আৰু ৪৮,৬,০৭৮ মহিলা ভোটাৰ ।

ডিব্ৰুগড়ত প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া

উল্লেখযোগ্য যে, ডিব্ৰুগড় সংসদীয় সমষ্টিটোত চাহ জনগোষ্ঠী ভোটাৰৰ সংখ্যা প্ৰায় ৩লাখ ৫০ হাজাৰ হোৱাৰ বিপৰীতে অসমীয়া ভোটাৰৰ সংখ্যা ৬ লাখৰো অধিক। তাৰোপৰি হিন্দীভাষী ভোটাৰৰ সংখ্যা ১লাখ ২৬ হাজাৰ হোৱাৰ বিপৰীতে বেংগলী ভোটাৰৰ সংখ্যা প্ৰায় ১লাখ ২০ হাজাৰ ।

Dib_11april_Election_polling_jesim

Visual on ftp
With this slug name

লোকসভাৰ নিৰ্বাচনৰ প্ৰথম পয্যায়ৰ ভোটগ্ৰহন আৰম্ভ  ডিব্ৰুগড়টো।জিলা খনৰ মুঠ *১২৬৮* টা ভোটগ্ৰহন কেন্দ্ৰলৈ পুৱাৰে পৰা EVM আৰু VVPAT যোগে আৰম্ভ হৈছে ভোট গ্ৰহণ।মুঠ *৫৯২৪* জন প্ৰিজাইডিং আৰু পলিঙ বিষয়া নিযুক্ত কৰা হৈছে নিৰ্বাচন প্ৰক্ৰিয়া মুক্ত,নিকা আৰু শান্তিপুৰ্ণ ভাবে অনুষ্ঠিত কৰাৰ বাবে।
ডিব্ৰুগড়ৰ মুঠ ১২৬৮টা ভোট গ্ৰহণ কেন্দ্ৰৰ ভিতৰত *১৭৭* টা কেন্দ্ৰ স্পৰ্শকাতৰ আৰু *১১* টা অতি স্পৰ্শকাতৰ কেন্দ্ৰ ৰূপে চিহ্নিত।ডিব্ৰুগড় ত মুঠ ভোটাৰ সংখ্যা *৯৭৮৩২৬* গৰাকী।ইয়াৰে ৪৯২২৪০পুৰুষ আৰু ৪৮৬০৭৮ মহিলা ভোটাৰ আছে। আনহাতে ১৩নং *ডিব্ৰুগড় সংসদীয়* সমষ্টিত মুঠ ভোটাৰ সংখ্যা হল *১২৯৭৬৭৩* গৰাকী।ইয়াৰে ৬৫৬৪৯১পুৰুষ আৰু ৬৪১১৬৩গৰাকী মহিলা ভোটাৰ।
যত আঠ জন প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব এই সকল ভোটাৰে।

উল্লেখযোগ্য যে, ডিব্ৰুগড় সংসদীয় সমষ্টিটোত চাহ জনগোষ্ঠী ভোটাৰৰ সংখ্যা প্ৰায় ৩:৫০ লাখ হোৱাৰ বিপৰীতে অসমীয়া ভোটাৰৰ সংখ্যা ৬ লাখৰ অধিক।তাৰোপৰি হিন্দী ভাষী লোকৰ ভোটাৰৰ সংখ্যা ১:২৬ লাখ হোৱাৰ বিপৰীতে বেঙ্গলী ভোটাৰৰ সংখ্যা প্ৰায় ১:২০ লাখ।অন্যহাতে চাফাই কৰ্মী(হৰিজন মজদুৰ)ৰ ভোটাৰ প্ৰায় ৪০ হাজাৰ আছে। বিজেপিৰ ৰামেশ্বৰ তেলী,কংগ্ৰেছৰ পৱন সিং ঘাটোৱাৰ,বহুজন মুক্তি পাৰ্টীৰ টাইট্ৰাছ ভেঙৰা,এন পি পিৰ ভবেন বৰুৱা আৰু চাৰিগৰাকী নিৰ্দলীয় প্ৰাৰ্থী ক্ৰমে অৰ্পূব শইকীয়া,ইজৰাইল নন্দ,নৰুল হুদা ইমদাদুল ইছলাম হাজৰিকা আৰু ৰুবুল বুঢ়াগোঁহাইৰ মাজতেই হব নিৰ্বাচনী যুজঁ।মিত্ৰতা অনুযায়ী অগপই ডিব্ৰুগড়ৰ আসনখন বিজেপিক এৰি দিয়াত এইবাৰ প্ৰধানকৈ যুঁজ হব কংগ্ৰেছ আৰু বিজেপিৰ মাজত।বিজেপিৰ প্ৰাৰ্থী ৰামেশ্বৰ তেলী আৰু কংগ্ৰেছৰ পৱন সিং ঘাটোৱাৰৰ মাজতেই মুল যুঁজ হোৱাটো একপ্ৰকাৰ নিশ্ছিত হৈ পৰিছে।এতিয়া প্ৰশ্ন হয় প্ৰায় ১৭০ খন চাহ বাগিছাৰে অধ্যুষিত সমষ্টিটোত বাগানৰ শ্ৰমিক ভোটাৰে কি নিৰ্ণায়ক ভূমিকা গ্ৰহন কৰে সেয়া হব লক্ষনীয়।

ডিব্ৰুগড়ৰ পৰা জেচিম আহমেদ
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.