মাৰ্ঘেৰিটা,29 অক্টোবৰ : দীপাৱলীৰ আনন্দৰ মাজতেই ডিগবৈ আৰক্ষী থানাৰ অন্তৰ্গত ডিগবৈ ক্লাৱ আৰ্মী কেম্পৰ সমীপৰ 38 নং ৰাষ্ট্ৰীয় ঘাইপথত নিশা এক শোকাৱহ পথ দুৰ্ঘটনা সংঘটিত হয় ৷ ঘটনাৰ বিৱৰণী অনুসৰি,তিনিচুকীয়াৰ পৰা মাৰ্ঘেৰিটা অভিমুখে আহি আছিল AS-09C-1856 নম্বৰৰ এখন তীব্ৰবেগী ট্ৰাক ৷ তেনে সময়তে 2 নং গোলাই নিৱাসী প্ৰাঞ্জল বৰঠাকুৰে নিজৰ স্কুটিৰে ঘৰ অভিমুখে গৈ থাকোতে ট্ৰাকখনে নিয়ন্ত্ৰণ হেৰুৱাই প্ৰাঞ্জল বৰঠাকুৰক খুন্দা মাৰে ৷ ফলত থিতাতে নিহত হয় লোকজন ৷ ঘটনা সংঘটিত কৰা ট্ৰাকখন ৰাইজে আবদ্ধ কৰি ডিগবৈ আৰক্ষীক খবৰ দিয়ে পিচত আৰক্ষীয়ে ট্ৰাকখন থানালৈ লৈ যায় ৷
আৰু পঢ়ক : নগাঁও আৰক্ষী থানাৰ সন্মুখত এটিএম ভাঙি লণ্ড-ভণ্ড চোৰৰ