শদিয়া, 17 মে' : দিনক দিনে ৰাজ্যত ক’ভিড-১৯ য়ে ভয়াৱহ ৰূপ ধাৰণ কৰাৰ সময়তে ৰাজ্য চৰকাৰে দিয়া নিৰ্দেশনা অনুসৰি পুৱা ৫ বজাৰ পৰা দিনৰ ১২ বজালৈ খোলা আছে সকলো ৷
ইয়াৰ মাজতে শিৱসাগৰ জিলাৰ কিছুমান ঠাইত ৰাইজে ক’ভিড প্ৰটক’ল অমান্য কৰি অত্যাধিক ভীৰ কৰা কাৰ্যই চিন্তিত কৰিছে সচেতন ৰাইজক ৷ জিলাখনৰ কাকপথাৰ আৰক্ষী থানাৰ গাতে লাগি থকা চেন্ট্ৰেল বেংকৰ কাকপথাৰ শাখাটোৰ সন্মুখত এতিয়া পুৱাৰে পৰা ৰাইজৰ শাৰি দেখিবলৈ পোৱা গৈছে ৷ কভিড-19 ৰ প্ৰটকল সম্পূৰ্ণৰূপে ভংগ কৰি শ শ গ্ৰাহকৰ এনে ভিৰে এতিয়া অধিক আতংকিত কৰিছে কাকপথাৰবাসীক ৷
উল্লেখ্য যে, কাকপথাৰতো ক’ভিডত আক্ৰান্ত হৈ দৈনিক বহু লোকৰ মৃত্যু ঘটিছে যদিও কানসাৰ নাই একাংশৰ ৷ সামাজিক দূৰত্ব নমনা এনে দায়িত্বজ্ঞানহীন গ্ৰাহকৰ দ্বাৰা কাকপথাৰত গণ সংক্ৰমণ ৰূপ লোৱাৰ আশংকাই দেখা দিছে ৷ কাকপথাৰ আৰক্ষীয়ে এইসমূহ লোকৰ ওপৰত ব্যৱস্থা গ্ৰহণৰো দাবী জনাইছে কাকপথাৰৰ সচেতন নাগৰিক সকলে ৷
লগতে পঢ়ক : গোৱালপাৰাত চোৰাং কাঠ ভৰ্তি বলেৰ’ পিক আপ ভান জব্দ