ETV Bharat / city

তিনিচুকীয়াৰ শুকানপুখুৰীত ক'ভিড সজাগতা সভা

author img

By

Published : Jun 18, 2021, 11:08 PM IST

তিনিচুকীয়া জিলা (TINSUKIA DISTRICT)ৰ শুকানপুখুৰী আঞ্চলিক যুৱ সংঘৰ উদ্যোগত শুকুৰবাৰে ক'ভিড(COVID-19)সংক্ৰমণক লৈ এখন সজাগতা সভা আয়োজন কৰে । উক্ত সভাত ক'ভিড ৰোগ প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰত চৰকাৰে জাৰি কৰা ক'ভিড এচঅপি (SOP) মানি চলিবলৈ সকলো ৰাইজক আহ্বান জনায় ৷

Covid awareness program in tea garden At Tinsukia
তিনিচুকীয়াৰ শুকানপুখুৰীত ক'ভিড সজাগতা সভা

তিনিচুকীয়া,18 জুনঃ ৰাজ্যত অব্যাহত আছে ক'ভিড-19ৰ সংক্ৰমণৰ ভয়াৱহতা । ইয়াৰ সমান্তৰালকৈ তিনিচুকীয়া জিলাতো ক'ভিডে ভয়াৱহ ৰূপ ধাৰণ কৰিছে । তেনে সময়তে শুকুৰবাৰে তিনিচুকীয়া জিলা (TINSUKIA DISTRICT)ৰ মাকুমস্থিত শুকানপুখুৰীত শুকানপুখুৰী আঞ্চলিক যুৱ সংঘৰ উদ্যোগত ক'ভিড সংক্ৰমণকলৈ এখন সজাগতা সভা (awareness meeting)ৰ আয়োজন কৰে ৷ উক্ত সজাগতা সভাখনত উপস্থিত হোৱা সংঘৰ সদস্য সকলৰ লগতে স্থানীয় ৰাইজে অঞ্চলটোৰ ক'ভিড ৰোগ প্ৰতিৰোধৰ বাবে প্ৰয়োজনীয় বিভিন্ন দিশ সমূহৰ ওপৰত আলোচনা কৰে ।

উল্লেখ্য যে, তিনিচুকীয়াৰ শুকানপুখুৰীত চৰকাৰে নতুনকৈ নিৰ্মাণ কৰিছে এখন মেডিকেল কলেজ হাস্পতাল (medical coolege hospital)ৰ লগতে এখন উচ্চ মাধ্যমিক বিদ্যালয় ৷ ইফালে স্থাপন হ'বলগীয়া এখন চকু চিকিৎসালয় আৰু কেন্সাৰ চিকিৎসালয়খনত স্থানীয় নিবনুৱা যুৱক-যুৱতী সকলক সংস্থাপন দিয়াৰ ক্ষেত্ৰতো সভাখনত বিশেষভাৱে আলোচনা কৰা হয়।

আনহাতে, অঞ্চলটোৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা (HSLC) আৰু উচ্চতৰ মাধ্যমিক (HS) চুড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হ'বলগীয়া ছাত্ৰ-ছাত্ৰী সকলৰ যিবোৰ অসুবিধাৰ সন্মুখীন হৈছে সেই শিক্ষাৰ্থী সকলক বিভিন্ন প্ৰকাৰে সহায় কৰিবলৈ আগবাঢ়ি আহিছে বুলি সদৰি কৰে যুৱক সংঘৰ সদস্য সকলে । কৰ'ণাৰ এই ভয়াৱহ পৰিস্থিতিত অঞ্চলটোত খাদ্যসামগ্ৰীকে ধৰি অন্যান্য যিবোৰ অসুবিধাৰ সন্মুখীন হৈছে, সেই সকল লোকক শুকানপুখুৰী আঞ্চলিক যুৱ সংঘৰ সদস্য সকলে সহায়ৰ হাত আগহঢ়াই আহিছে আৰু অনাগত দিনতো তেনেলোকক সহায়-সহযোগিতা আগবঢ়াই যাব বুলি মন্তব্য কৰে ।

ইফালে চাহবাগান ( TEA GARDEN) অঞ্চলৰ লোক সকলৰ মাজত দিনক দিনে বৃদ্ধি পাইছে ক'ভিড সংক্ৰমণ ৷ সেই সমূহ চাহবাগিচাত শীঘ্ৰেই হাস্পতালৰ ব্যৱস্থা কৰাৰ লগতে পৰ্যাপ্ত পৰিমানে চিকিৎসা সেৱা তথা অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী যোগান ধৰিবলৈ চৰকাৰক আহ্বান জনাইছে ৰাইজে ৷

লগতে পঢ়ক-বহনক্ষম উন্নয়নৰ ক্ষেত্ৰত অসমে সফলতা লাভ কৰিছে : ড৹ হিমন্ত বিশ্ব শৰ্মা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.