কাকপথাৰ, 15 জুন : আদিবাসী সুৰক্ষা সমিতি, অসমৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি বলদেৱ তেলীক মুক্তি আৰু বাঘজান কাণ্ডত ক্ষতিগ্ৰস্ত সকলৰ ক্ষতিপুৰণৰ দাবীত কাকপথাৰত আদিবাসী সুৰক্ষা সমিতিয়ে অৱস্থান ধৰ্মঘট কাৰ্যসূচী হাতত লয় ৷ কাকপথাৰ চহৰৰ মাজমজিয়াত লোৱা কাৰ্যসূচীৰ যোগেদি 24মে'ত চৰাইদেও জিলাৰ ডাঙৰী কুমাৰী সেনা চাউনীৰ সেনাবাহিনীয়ে আলফাৰ লগত যোগসূত্ৰ থকাৰ সন্দেহত আটক কৰি 30মে'ত জেল হাজোতলৈ প্ৰেৰণ কৰা আদিবাসী সুৰক্ষা সমিতিৰ সভাপতি বলদেৱ তেলীক মুক্তিৰ দাবী জনায় ৷
ভাৰতীয় সেনা তথা আৰক্ষীয়ে এইদৰে নিৰ্দোষী নেতাজনক আটক কৰি জেল হাজোতলৈ প্ৰেৰণ কৰা কাৰ্যক সংগঠনটোৱে গৰিহণা দিয়াৰ লগতে অনতিপলমে জেলৰ পৰা নেতাগৰাকীক মুক্তি কৰি দিবলৈ চৰকাৰ তথা প্ৰশাসনক দাবী জনায় ৷ সমান্তৰালভাবে তিনিচুকীয়া জিলাৰ বাঘজানৰ ঘটনাত নিহত দুজনৰ লগতে ক্ষতিগ্ৰস্ত সকলক উচিত ক্ষতিপূৰণৰ দাবী জনায় সংগঠনটোৱে ৷ কাৰ্যসূচীত আদিবাসী সুৰক্ষা সমিতিৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক শিব তাঁতীৰ লগতে বহুকেইজন বিষয়ববীয়া উপস্থিত থাকে ৷