ETV Bharat / city

খহি পৰা ভেটি সবল কৰিবলৈ অসমত উপস্থিত প্ৰিয়ংকা গান্ধী ৱাদ্ৰা

author img

By

Published : Mar 1, 2021, 8:09 PM IST

Updated : Mar 2, 2021, 3:54 PM IST

কংগ্ৰেছৰ খহি যোৱা ভেটি পুনৰুদ্ধাৰ তথা সবল আৰু সুদৃঢ় কৰিবলৈকে খুদ নিজেই অসমৰ মাটিত ভৰি দিলেহি কংগ্ৰেছৰ কেম্পেইন ষ্টাৰ প্ৰিয়ংকা গান্ধী ৱাদ্ৰাই ৷ দুদিনীয়া কাৰ্যসূচীৰে অসম ভ্ৰমণলৈ অহা প্ৰিয়ংকা গান্ধী ৱাদ্ৰায়ে সোমবাৰে লখিমপুৰত বিভিন্ন কাৰ্যসূচীত অংশগ্ৰহণ কৰি মঙলবাৰে বিশ্বনাথ আৰু তেজপুৰত আয়োজিত কাৰ্যসূচীত অংশগ্ৰহণ কৰিব ৷ ইপিনে গুৱাহাটীৰ বৰঝাৰ বিমানবন্দৰত উপস্থিত হোৱাৰ পিছতে শক্তিপীঠ মা কামাখ্যা মন্দিৰত সেৱা জনাই ৰণডংকা বজাই নিৰ্বাচনৰ ৷ লখিমপুৰত এখন চাহ বাগিচাত উপস্থিত হৈ চাহ জনজাতীয় যুৱতীৰ সৈতে ঝুমুৰ নৃত্যত অংশগ্ৰহণ কৰে কংগ্ৰেছ নেত্ৰীগৰাকীয়ে ৷

priyanka Gandhi in assam
কংগ্ৰেছৰ ভেটি মজবুত কৰিবলৈ অসমত উপস্থিত প্ৰিয়ংকা গান্ধী ভাদ্ৰা

তেজপুৰ,1 মাৰ্চ: অহা 27 মাৰ্চ, 1এপ্ৰিল আৰু 6 এপ্ৰিলত তিনিটা পৰ্যায়ত ৰাজ্যত অনুষ্ঠিত হ'ব বিধানসভা নিৰ্বাচন ৷ তৎপৰ হৈ পৰিছে ৰাজ্যৰ প্ৰতিটো ৰাজনৈতিক দল ৷ সমান্তৰালভাৱে 15 টাকৈ বছৰ ৰাজ্য শাসন কৰাৰ অন্তত 2016 ত শাসনৰ বাঘজৰী হেৰুওৱা কংগ্ৰেছ দলেও কঁকালত টঙালি বান্ধি সাজু হৈছে নিৰ্বাচনী ৰণলৈ ৷ কংগ্ৰেছৰ খহি যোৱা ভেটি পুনৰুদ্ধাৰ তথা সবল আৰু সুদৃঢ় কৰিবলৈকে খুদ নিজেই অসমৰ মাটিত ভৰি দিলেহি কংগ্ৰেছৰ ষ্টাৰ কেম্পেইনাৰ প্ৰিয়ংকা গান্ধী ৱাদ্ৰাই ৷ উত্তৰ প্ৰদেশৰ বাহিৰে দেশৰ আন ৰাজ্যত নিৰ্বাচনী সভাত অংশগ্ৰহণ নকৰা প্ৰিয়ংকা গান্ধী ৱাদ্ৰাৰ অসম ভ্ৰমণে বাৰুকৈয়ে ৰাজ্যৰ ৰাজনৈতিক প্ৰেক্ষাপটত যথেষ্ট তাৎপৰ্য বহণ কৰিছে ৷

দুদিনীয়া কাৰ্যসূচীৰে অসম ভ্ৰমণলৈ অহা প্ৰিয়ংকা গান্ধী ৱাদ্ৰায়ে সোমবাৰে লখিমপুৰত বিভিন্ন কাৰ্যসূচীত অংশগ্ৰহণ কৰি মঙলবাৰে বিশ্বনাথ আৰু তেজপুৰত আয়োজিত কাৰ্যসূচীত অংশগ্ৰহণ কৰিব ৷ ইপিনে গুৱাহাটীৰ বৰঝাৰ বিমানবন্দৰত উপস্থিত হোৱাৰ পিছতে শক্তিপীঠ মা কামাখ্যা মন্দিৰত সেৱা জনাই ৰণডংকা বজাই নিৰ্বাচনৰ ৷ লখিমপুৰত এখন চাহ বাগিচাত উপস্থিত হৈ চাহ জনজাতীয় যুৱতীৰ সৈতে ঝুমুৰ নৃত্যত অংশগ্ৰহণ কৰে কংগ্ৰেছ নেত্ৰীগৰাকীয়ে ৷ অসমত এইবাৰ পুনৰ কংগ্ৰেছৰ চৰকাৰ হ'ব বুলি এখন ৰাজহুৱা সভাত নিজৰ ভাষণত উল্লেখ কৰি প্ৰিয়ংকা গান্ধী ৱাদ্ৰাই তীব্ৰ সমালোচনা কৰে শাসনাধিষ্ঠিত বিজেপি চৰকাৰক ৷ অসমত নিবনুৱা সমস্যাৰ সমাধানৰ ক্ষেত্ৰত বিজেপি চৰকাৰে কোনো ধৰণৰ চেষ্টা নকৰিলে বুলি মন্তব্য কৰি আকাশলংঘী মূল্যবৃদ্ধিয়ে অসমক জুৰুলা কৰিছে বুলিও অভিযোগ কৰে কংগ্ৰেছ নেত্ৰীগৰাকীয়ে ৷

তদুপৰি লখিমপুৰত নিবনুৱা প্ৰতিবাদী অভিযানৰ পাতনি মেলি প্ৰিয়ংকা গান্ধী ৱাদ্ৰাই ক'লে, পাঁচ বছৰেই চাৰ্টাৰ্ড প্লেনত ঘূৰি ফুৰা বিজেপি নেতাই এতিয়া কেৱল নিৰ্বাচন আগত ৰাখি চাইকেল লৈ ৰাইজৰ কাষ চাপিছে ৷ বৃহৎ পুঁজিপতিৰ হৈ কাম কৰা এই চৰকাৰখনক প্ৰত্যাখ্যান কৰিবলৈ কৈ কংগ্ৰেছ নেত্ৰীগৰাকীৰ আহ্বান, অসমৰ ভবিষ্যত মজবুত কৰাৰ বাবে ৰাইজে ভোট দিয়ক কংগ্ৰেছ মহাজোঁটক ৷ উল্লেখ্য যে, প্ৰিয়ংকা গান্ধী ৱাদ্ৰায়ে সোমবাৰে লখিমপুৰ জিলাৰ লালুকত এখন জনসভাত অংশগ্ৰহণ কৰাৰ লগতে বিহপুৰীয়াত মহাপুৰুষ মাধৱদেৱৰ জন্মস্থান লেটেকুপুখুৰীৰ থানতো প্ৰৱেশ কৰে ৷ আনহাতে, সোমবাৰে শোণিতপুৰ জিলাত নিশা কটাই পুনৰ মঙলবাৰে তেজপুৰত আন এখন জনসভাত ৰাইজক সম্বোধন কৰিব প্ৰিয়ংকাই ৷

খহি পৰা ভেটি সবল কৰিবলৈ অসমত উপস্থিত প্ৰিয়ংকা গান্ধী ৱাদ্ৰা

প্ৰশ্ন হয়, উত্তৰ প্ৰদেশ এৰি অসমৰ নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰা দলৰ ষ্টাৰ কেম্পেইনাৰ প্ৰিয়ংকা গান্ধী ৱাদ্ৰাই উদ্ধাৰ কৰিবলৈ সক্ষম হ'বনে কংগ্ৰেছক ? প্ৰিয়ংকা গান্ধী ৱাদ্ৰাৰ অসম ভ্ৰমণে নিৰ্বাচনত কংগ্ৰেছ মহাজোঁটলৈ আশাৰ বতৰা কঢ়িয়াই আনিবলৈ সক্ষম হ'বনে ? বিজেপি মিত্ৰজোঁটক উফৰাই কংগ্ৰেছ মহাজোঁটক শাসনৰ গাদীত বহাবনে অসমৰ ৰাইজে ? নে পুনৰ বিৰোধী আসনতে সীমাবদ্ধ থাকিব কংগ্ৰেছ মহাজোঁট ? সকলো স্পষ্ট হৈ পৰিব অহা 2 মে'ত ৷

লগতে পঢ়কঃ লখিমপুৰত বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীৰ

Last Updated : Mar 2, 2021, 3:54 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.