ETV Bharat / city

অৰুণাচলত সম্পন্ন পৌৰনিগমৰ নিৰ্বাচন - ইটানগৰ পৌৰ নিগম

অৰুণাচল প্ৰদেশৰ চাংলাং জিলাৰ বিজয় নগৰৰ বাদে সকলো পঞ্চায়তত নিৰ্বাচন সম্পন্ন ।

অৰুণাচলত সম্পন্ন পৌৰনিগমৰ নিৰ্বাচন
অৰুণাচলত সম্পন্ন পৌৰনিগমৰ নিৰ্বাচন
author img

By

Published : Dec 22, 2020, 5:51 PM IST

তেজপুৰ, ২২ ডিচেম্বৰ : অৰুণাচল প্ৰদেশৰ ৰাজ্যপাল ব্ৰিগেডিয়াৰ (ডঃ) বি ডি মিশ্ৰ (অৱসৰপ্ৰাপ্ত) আৰু প্ৰথম মহিলা নীলিমা মিশ্ৰই আজি অৰুণাচল প্ৰদেশৰ ইটানগৰ পৌৰ নিগমৰ নিৰ্বাচনৰ ভোট দান কৰে ।

ৰাজ্যপাল মিশ্ৰ আৰু তেওঁৰ পত্নীয়ে আজি ইটানগৰৰ পি চেক্টৰৰ চৰকাৰী হাইস্কুলত পৌৰ নিগমৰ ভোট প্ৰদান কৰে । আনহাতে অৰুণাচল প্ৰদেশৰ দুখন স্মাৰ্ট চিটি ৰাজধানী ইটানগৰ আৰু পূব চিয়াং জিলাৰ পাছিঘাটত নিৰ্বাচন সুকলমে অনুষ্ঠিত হৈছে ।

অৰুণাচলত সম্পন্ন পৌৰনিগমৰ নিৰ্বাচন
ৰাজ্যপাল ব্ৰিগেডিয়াৰ (ডঃ) বি ডি মিশ্ৰ (অৱসৰপ্ৰাপ্ত)

ৰাজ্যিক নিৰ্বাচনী আয়ুক্তৰ তথ্য অনুসৰি 242 জিলা পৰিষদ সদস্যৰ ভিতৰত 142 খনত নিৰ্বাচন অনুষ্ঠিত হৈছে আৰু ইয়াৰ ভিতৰতে 98 খনত প্ৰাৰ্থী বিনা প্ৰতিদ্বন্দিতাৰে নিৰ্বাচিত হৈছে । মুঠ 6,266 জন গাঁও পঞ্চায়তৰ সদস্য প্ৰাৰ্থীক বিনা প্ৰতিদ্বন্দ্বিতাৰে বিজয়ী ঘোষণা কৰা হৈছে বুলি জনাইছে ৰাজ্যিক নিৰ্বাচনী আয়ুক্ত নাইলি ইটেয়ে ।

অৰুণাচলত সম্পন্ন পৌৰনিগমৰ নিৰ্বাচন

ইয়াৰ ভিতৰত অধিকাংশ বিজেপি দলৰ নেতাই জয় লাভ কৰিছে । উল্লেখযোগ্য যে বিজয় নগৰ আৰু চাংলাং জিলাৰ জিলা পৰিষদৰ লগতে 40 টা গাঁও পঞ্চায়তৰ ভোট গ্ৰহণ হিংসাত্মক কাৰ্যৰ বাবে বন্ধ ৰখা হৈছে । আনহাতে 8,175 গাঁও পঞ্চায়তৰ ভিতৰতে 1,670 ৰ হে নিৰ্বাচন আজি অনুষ্ঠিত হৈছে কাৰণ 6,168 প্ৰাৰ্থী বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হৈছে । ডিবাং ভেলি জিলাত 4 খন জিলা পৰিষদৰ আৰু 71 টা গাঁও পঞ্চায়ত বিনা প্ৰতিদ্বন্দ্বিতাৰে প্ৰাৰ্থীয়ে বিজয় সাব্যস্ত কৰিছে বুলি জানিবলৈ দিয়ে ৰাজ্যিক নিৰ্বাচনী আয়ুক্তই ৷

লগতে পঢ়ক : সংখ্যাগৰিষ্ঠ দলে প্ৰথমে সুযোগ পাব বিটিএডিত চৰকাৰ গঠনৰ: ন্যায়ালয়

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.