ETV Bharat / city

কৰ'ণাৰ নামত চৰকাৰে ল'ৰা-ধেমালি কৰিছেঃ ৰিপুণ বৰা - বিজেপি

চতিয়াত বিজেপিক উৎখাত কৰাৰ বাবে সাজু কংগ্ৰেছ ৷ ইতিমধ্যে চতিয়াত অনুষ্ঠিত হয় এখন কংগ্ৰেছৰ দলীয় সভা ৷

MP Ripun Borah Attended At Rangapara Sonitpur
কৰ'ণাৰ নামত চৰকাৰে ল'ৰা-ধেমালি কৰিছেঃ ৰিপুণ বৰা
author img

By

Published : Jul 11, 2020, 4:55 PM IST

ৰঙাপৰা, 11 জুলাইঃ ২০২১ত হ'বলগীয়া বিধানসভা নিৰ্বাচনত চতিয়া সমষ্টিৰ পৰা বিজেপি দলটোক উৎখাত কৰাৰ বাবে উঠি পৰি লাগিছে কংগ্ৰেছে । চতিয়া সমষ্টিৰ চাৰিদুৱাৰৰ ঢাৰিকাটিত অনুষ্ঠিত হোৱা এক দলীয় সভাত উপস্থিত থাকে কংগ্ৰেছৰ ৰাজ্যিক সভাপতি ৰিপুণ বৰা ৷

কৰ'ণাৰ নামত চৰকাৰে ল'ৰা-ধেমালি কৰিছেঃ ৰিপুণ বৰা

শোণিতপুৰ জিলাৰ ঢাৰিকাটিত অনুষ্ঠিত হোৱা কংগ্ৰেছৰ দলীয় সভাত উপস্থিত থাকি কংগ্ৰেছৰ ৰাজ্যিক সভাপতি ৰিপুণ বৰাই সাংবাদিকৰ আগত কয় যে,বৰ্তমান সময়ত চতিয়া সমষ্টিবাসী ৰাইজক বিজেপিয়ে ভয় ভাবুকিৰে ৰাইজক ৰাজনৈতিক আতিশয্য চলাই আছে । ইফালে সমষ্টিটোত বৰ্তমানৰ বিধায়ক পদ্ম হাজৰিকাৰ ভয়ত কম্পমান হৈ থকা ৰাইজে ২০২১ৰ নিৰ্বাচনত হাজৰিকাক উচিত প্ৰত্যুত্তৰ দিবৰ বাবে চক্ৰবেহু ৰচনা কৰিছে আৰু এই চক্ৰবেহুত সোমালে হাজৰিকা নিঃশেষ হ'ব বুলি দাবী কৰে ৰিপুন বৰাই ।

আনহাতে,বিজেপি নেতৃত্বাধীন চৰকাৰখনে কংগ্ৰেছ দলক ভয় কৰি আহিছে আৰু কংগ্ৰেছে সভা-সমিতি পতাত বাধা প্ৰদান কৰি আহিছে। কিন্তু তাৰ বিপৰীতে ৰাজ্যৰ মুখ্যমন্ত্ৰীকে আদি কৰি বিভিন্নজনে সভা পাতিলে সামাজিক দুৰত্ব ভংগ নহয় নেকি বুলি এক প্ৰশ্ন উত্থাপন কৰে ৰিপুণ বৰাই । প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি আঁচনিত বাকী থকা কিস্তিৰ ধন অতি সোনকালে প্ৰকৃত কৃষক সকলক মোকলাই দিবলৈ চৰকাৰক আহ্বান জনায় ৰিপুণ বৰাই । তাৰোপৰি অখিল গগৈক কাৰাগাৰৰ পৰি অতিশীঘ্ৰে মুকলি কৰি দিবৰ বাবেও দাবী জনাই সভাপতি জনে । লগতে অখিল গগৈৰ মুক্তিৰ বাবে কংগ্ৰেছে নিজাববীয়াকৈ আইনী প্ৰক্ৰিয়া আৰম্ভ কৰা বুলি সদৰি কৰাৰ লগতে ৰাজ্য খনত চৰকাৰে কৰ'ণাৰ নামত ল'ৰা-ধেমালিহে কৰি আছে বুলি চৰকাৰক তীব্ৰ কটাক্ষ কৰে কংগ্ৰেছৰ সভাপতি জনে ৷

লগতে পঢ়ক- কৰ'ণাৰ কৱলত এইবাৰ ওদালগুৰি জিলা কাৰাগাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.