ETV Bharat / city

যিকোনো মূহুৰ্তত জাহ যাব পাৰে জৰাসৰ নৈৰ মাথাউৰি - 15 no national highway

ফেনে ফোটোকাৰে বাঢ়ি অহা জৰাসৰ নৈয়ে ভাবুকি আনিছে ৰঙাপৰা সমষ্টিৰ দীঘলীগাঁও,বামগাঁও চাহ বাগিচাৰ লগতে উচ্চ ক্ষমতা সম্পন্ন বৈদ্যুতিক খুটালৈ ৷ মাথাউৰি ভাঙিলে জাহ যাব ১৫নং ৰাষ্ট্ৰীয় ঘাইপথ ৷

যিকোনো মূহুৰ্তত জাহ যাব জৰাসৰ নৈৰ মাথাউৰি
author img

By

Published : Jul 20, 2019, 12:29 PM IST

ৰঙাপাৰা, 20 জুলাই : চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশ আৰু বিগত কিছুদিন ধৰি ৰাজ্যত থকা মুষলধাৰ বৰষুণৰ ফলত বালিপাৰাৰ কাষেৰে বৈ যোৱা জৰাসৰ নৈখনে সম্প্ৰতি ফেনে ফোটোকাৰে বাঢ়ি কালৰূপ ধাৰণ কৰিছে ৷ দীঘলীগাঁৱ অঞ্চলত নৈখনে ব্যাপক খহনীয়াৰ সৃষ্টি কৰিছে ৷ নৈখনৰ পাৰত থকা মথাউৰিটোৰ কিছু অংশ ইতিমধ্যে বাঢ়নি পানীত জাহ গৈছে ৷ প্ৰত্যেক বছৰে মাথাউৰিটো বাঢ়নি পানীয়ে চপৰা চপৰে খহাই নিয়াত নৈপৰীয়া ৰাইজ বাৰুকৈ আতংকিত হৈ পৰিছে ৷ উল্লেখযোগ্য যে মথাউৰিটো সুৰক্ষাৰ বাবে কেইবালাখ টকা ব্যয় কৰি এটা বান্ধৰ নিৰ্মাণ কৰা হৈছিল কিন্ত অপৰিকল্পিত বা ঠিকাদাৰৰ চৰম গাফিলতিৰ বাবেই বান্ধটো সঠিক ভাবে নিৰ্মাণ কৰা ন'হল ৷ আনকি তিনি কোটি টকা ব্যয়েৰে নৈখনৰ পাৰত ’জিঅ’ বেগৰ বান্ধ নিৰ্মাণ কৰা হৈছিল কিন্তু নিৰ্মাণৰ সময়ত কাষতে থকা মাটিখিনি খন্দাৰ বাবেই বৰ্তমান মথাউৰিটোত সৃষ্টি হৈছে খহনীয়াৰ ৷ অনাগত দিনত জৰাসৰ নৈৰ বাঢ়নি পানীয়ে মথাউৰিটো ভাঙি পেলালে দীঘলীগাঁও,বামগাঁও চাহ বাগিচা,নৈখনাৰ কাষৰ পথাৰৰ মাজত থকা উচ্চ ক্ষমতা সম্পন্ন বৈদ্যুতিক খুটাটোৰ লগতে ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ ব্যাপক ক্ষতিসাধন কৰিব ৷ ৰাজ্য চৰকাৰৰ জলসম্পদ বিভাগক পুনৰ সঠিক ৰূপত এটা বান্ধ নিৰ্মাণ কৰিবলৈ দাবী জনাইছে ৰাইজে ৷

Intro:জৰাসৰ নৈৰ বাঢ়নি পানীয়ে ভাবুকি কঢ়িয়াইছে ৰঙাপৰা সমষ্টিৰ দীঘলীগাঁও,বামগাঁও চাহ বাগিচাৰ লগতে উচ্চ ক্ষমতা সম্পন্ন বৈদ্যুতিক খুটালৈBody:ৰঙাপৰাঃ চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশ আৰু অঞ্চলটোত হৈ থকা মুষলধাৰ বৰষুণৰ ফলত ৰঙাপৰা সমষ্টিৰ বালিপৰাৰ কাষেৰে বৈ যোৱা জৰাসৰ নৈখনে সম্প্ৰতি ফেনে ফোটোকাৰে বাঢ়ি কালৰূপ ধাৰন কৰিছে। দীঘলীগাঁৱত নৈখনে খহনীয়াৰ সৃষ্টি কৰিছে। নৈখনৰ পাৰত থকা মথাউৰিটোৰ কিছু অংশ বাঢ়নি পানীয়ে খহাইছে।প্ৰত্যেক বছৰে নৈখনৰ বাঢ়নি পানীয়ে চপৰা চপৰে খহাই নিয়াত নৈপৰীয়া ৰাইজ বাৰুকৈ আতংকিত হৈ পৰিছে। মথাউৰিটো সুৰক্ষাৰ বাবে কেইবালাখ টকা ব্যয় কৰি এটা বান্ধৰ নিৰ্মান কৰা হৈছিল ৷ কিন্ত অপৰিকল্পিত বা ঠিকাদাৰৰ চৰম গাফিলতিৰ বাবেই বান্ধটো সঠিক ভাৱে নিৰ্মান ন’হল ৷ আনকি তিনি কোটি টকাৰে নৈখনৰ পাৰত ’জি অ’ বেগৰ বান্ধ নিৰ্মানৰ সময়ত কাষতে থকা মাটিখিনি খন্দাৰ বাবেই আজি মথাউৰিটো খহনীয়াৰ সৃষ্টি হৈছে বুলি ৰাইজ অভিযোগ কৰিছে ৷ অনাগত দিনত জৰাসৰ নৈৰ বাঢ়নি পানীয়ে মথাউৰিটো ভাঙি পেলালে দীঘলীগাঁও,বামগাঁও চাহ বাগিচা, নৈখনাৰ কাষৰ পথাৰৰ মাজত থকা উচ্চ ক্ষমতা সম্পন্ন বৈদ্যুতিক খুটাটোৰ লগতে ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ক্ষতিসাধন কৰিব ৷ ৰাজ্য চৰকাৰৰ জলসম্পদ বিভাগক নৈৰ পাৰত পুণৰ সঠিক ৰূপত এটা বান্ধ নিৰ্মানৰ কৰিবলৈ ৰাইজে দাবী জনাইছে।Conclusion:PANKAJ NAH, RANGAPARA, FOR ETV BHARAT ASOM .
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.