ETV Bharat / city

Drive against drug: তেজপুৰত ব্ৰাউন চুগাৰসহ এজন আটক - মাৰাত্মক ব্ৰাউন চুগাৰ

শোণিতপুৰ আৰক্ষীয়ে ভিতৰসুঁতিৰ পৰা নুৰ কালাম নামৰ এজন যুৱকক মাৰাত্মক ব্ৰাউন চুগাৰসহ কৰিলে আটক(Drug peddler arrested in Sonitpur) । ধৃত যুৱকৰ পৰা আৰক্ষীয়ে ড্ৰাগছভৰ্তি বহুকেইটা কণ্টেইনাৰো কৰিছে উদ্ধাৰ ৷

Drive against drug: তেজপুৰত ব্ৰাউন চুগাৰসহ এজন আটক

author img

By

Published : Jan 21, 2022, 10:17 PM IST

তেজপুৰ, ২১ জানুৱাৰী : শোণিতপুৰ আৰক্ষীয়ে জিলাখনৰ ভিতৰসুঁতি অঞ্চলত চলোৱা এক অভিযানত ব্ৰাউন চুগাৰসহ এজন যুৱকক আটক কৰিবলৈ সক্ষম হৈছে (Drug peddler arrested in Sonitpur) ৷ আটকাধীন নুৰ কালাম নামৰ যুৱকজনৰ পৰা আৰক্ষীয়ে ৬ টা প্লাষ্টিকৰ ড্ৰাগছভৰ্তি কণ্টেইনাৰৰ লগতে বহুকেইটা খালী কণ্টেইনাৰো উদ্ধাৰ কৰিছে (Drive against drug)৷

জিলাখনৰ আৰক্ষী অধীক্ষক ডাঃ ধনঞ্জয় পি ঘনৱাতে জনোৱা মতে, শোণিতপুৰ আৰক্ষীৰ এই অভিযানত উদ্ধাৰ হোৱা ব্ৰাউন চুগাৰখিনিৰ পৰিমাণ ১.১১ গ্ৰাম ৷ ইতিমধ্যে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰাৰ লগতে অধিক তথ্যৰ বাবে যুৱকজনক জেৰা অব্যাহত ৰাখিছে ।

মন কৰিবলগীয়া যে, শোণিতপুৰ জিলাৰ পাছমাইল ভিতৰসুঁতি আৰু ইয়াৰ দাঁতি কাষৰীয়া অঞ্চলত ড্ৰাগছ আৰু ব্ৰাউন চুগাৰৰ অবাধ প্ৰচলন হৈ অহাৰ তথ্য বিভিন্ন সময়ত পোহৰলৈ আহিছে যদিও, বৰ্তমানেও মূল নায়কৰ তথ্য লাভ কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষী । আনহাতে জিলাখনত ইতিমধ্যে কেবাটাও স্থানত ড্ৰাগছৰ ৰমৰমীয়া বেহা চলি থকাৰো অভিযোগ উত্থাপিত হৈছে ।

লগতে পঢ়ক: ক্লাছলৈ বুলি ওলাই যোৱা পৰিস্মীতা প্ৰকৃততে ক’ত হেৰাল ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.