ETV Bharat / city

ভূপেন হাজৰিকাৰ মৃত্যুবাৰ্ষিকী উপলক্ষে বান থিয়েটাৰত সাংস্কৃতিক অনুষ্ঠান

ভূপেন হাজৰিকাৰ মৃত্যুবাৰ্ষিকী উপলক্ষে বাণ থিয়েটাৰে আয়োজন কৰে সাংস্কৃতিক অনুষ্ঠান ৷

বান থিয়েটাৰত ভূপেন হাজৰিকাৰ মৃত্যুবাৰ্ষিকী আয়োজন
author img

By

Published : Nov 6, 2019, 2:34 PM IST

তেজপুৰ, 6 নৱেম্বৰ: অসমৰ ত্ৰিমূৰ্তি জ্যোতিপ্ৰসাদ আগৰৱালা,বিষ্ণু ৰাভা আৰু ফণী শৰ্মাৰ পাচতে মঙলবাৰে সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ মৃত্যুবাৰ্ষিকীত সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰে বান থিয়েটাৰ পৰিয়ালে ৷ সংস্কৃতিৰ কৰ্মস্থলী ঐতিহাসিক তেজপুৰৰ বান থিয়েটাৰ পৰিয়ালে দিনজোৰা কাৰ্যসূচীৰ অন্তত নিশা বৰ্ণিল সাংস্কৃতিক কাৰ্যসূচী অনুষ্ঠিত কৰে ৷

ভূপেন হাজৰিকাৰ মৃত্যুবাৰ্ষিকী
বান থিয়েটাৰত সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন

উল্লেখ্য যে,তেজপুৰৰ বান থিয়েটাৰত অসমৰ ত্ৰিমূৰ্তিয়ে অৰ্কেষ্ট্ৰাৰ আয়োজন কৰিছিল আৰু ডঃ ভূপেন হাজৰিকাৰ সাংস্কৃতিক জগতৰ ইয়াতে শিপা মেলিছিল ৷ সেয়েহে বান থিয়েটাৰত সুধাকণ্ঠৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয় ৷ বান থিয়েটাৰৰ সম্পাদক জিতুমণি দেৱ চৌধুৰীয়ে এই সম্পৰ্কত কয় যে, মহান শিল্পীগৰাকীৰ প্ৰতি নতুন প্ৰজন্মৰ মাজত এক চেতনা জাগ্ৰত কৰা আৰু তেওঁৰ সৃষ্টিৰাজিক চিৰসেউজ কৰি ৰখাৰ প্ৰয়াসেৰে এই অনুষ্ঠানৰ আয়োজন কৰা হৈছে ৷

বান থিয়েটাৰত ভূপেন হাজৰিকাৰ মৃত্যুবাৰ্ষিকী

আনহাতে,বিশিষ্ট গীতিকাৰ,সুৰকাৰ তথা বান থিয়েটাৰৰ সভাপতি বংকিম শৰ্মাই মন্তব্য কৰে যে,নৱ প্ৰজন্মৰ মাজত ডঃ ভূপেন হাজৰিকাক জীয়াই ৰাখিবৰ বাবে বান থিয়েটাৰত প্ৰতি বছৰে নৱ প্ৰজন্মৰ বাবে এই মঞ্চ প্ৰদান কৰা হয় । অনুষ্ঠানত ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতাৰ বিচাৰক হিচাপে উপস্থিত থাকে সু-গায়িকা তথা ৰত্নাকৰ ছবিৰ কন্ঠশিল্পী গায়ত্ৰী হাজৰিকা ৷

আৰু পঢ়ক : চৰকাৰে গোপনে RCEP স্বাক্ষৰিত কৰিব বিচাৰিছিল : পি. এল.পুনিয়া

Intro:তেজপুৰ,৬ নৱেম্বৰ: অসমৰ ত্ৰিমূৰ্তি জ্যোতি, বিষ্ণু আৰু নটসূৰ্য ফণী শৰ্মাৰ পিছতে ভাৰতৰত্ন সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ সংস্কৃতিৰ কৰ্মস্থলী এইতিহাসিক তেজপুৰৰ বান থিয়েটাৰ পৰিয়ালে দিনজোৰা কাৰ্য্য সূচীৰ অন্তত নিশা এক নানাৰঙী সংস্কতিক কাৰ্যসূচী গ্ৰহণ কৰে ।

Body:১৪৯৮-৯৯ চনত আৰম্ভ হোৱা অৰ্কেষ্ট্ৰা এক সুৰ সমলয় পিছলৈ তেজপুৰৰ ত্ৰিমূৰ্তিয়ে এই বান থিয়েটাৰত আৰম্ভ কৰিছিল আৰু যত ডঃ ভূপেন হাজৰিকাই সংস্কৃতি জগতৰ শিপা মেলিদিছিল ,তাতেই বান থিয়েটাৰৰ প্ৰচেষ্টাত সুধাকণ্ঠ ৰ প্ৰতি স্বৰ্দ্ধাঞ্জলি জ্ঞাপন কৰে ।
বান থিয়েটাৰৰ সম্পাদক জিতুমণি দেৱ চৌধুৰীয়ে কয় যে এই মহান শিল্পী গৰাকীৰ প্ৰতি নতুন প্ৰজন্মৰ মাজত এক চেতনা জাগ্ৰত কৰি তেওঁৰ সৃষ্টি ৰাজী চিৰ সেউজ কৰো ৰখাৰ প্ৰয়াস ।
bite: জিতুমণি দেৱ চৌধুৰী ।
আনহাতে বিশিষ্ট গীতিকাৰ সুৰকাৰ তথা বান থিয়েটাৰৰ সভাপতি বংকিম শৰ্মাই মন্তব্য কৰে যে নৱ প্ৰজন্মৰ মাজত ডঃ ভূপেন হাজৰিকাৰ বিষয়ে অধ্যয়ন কৰিবলৈ আৰু তেওঁৰ গীত পৰিবেশন পৰিৱেশন কৰি অধিক জানিবলৈ বান থিয়েটাৰত প্ৰতি বছৰে নৱ প্ৰজন্মৰ বাবে এই মঞ্চ দিয়া হয় । অনুষ্ঠানত বৰ্তমানৰ সু গায়ক গীতা যি শেহতীয়া কৈ যতীন বৰা ৰ ৰত্নাকৰ ছবিখনত কণ্ঠদান কৰিছে তেওঁ ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতাৰ বিচাৰক হিচাপে উপস্থিত থাকে ।

Conclusion:প্ৰণৱ কুমাৰ দাস
তেজপুৰ
৬/১১/১৯

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.