ETV Bharat / city

বায়ুসেনাই উদ্ধাৰ কৰিলে AN-32ৰ ককপিট ভইচ ৰেকৰ্ডাৰ, এফ ডি আৰসহ ব্লেকবক্স

author img

By

Published : Jun 14, 2019, 2:56 PM IST

অৰুণাচলত ভূপতিত হোৱা বায়ুসেনাৰ অভিশপ্ত AN 32 বিমানৰ ব্লেকবক্স উদ্ধাৰ কৰিছে উদ্ধাৰকাৰী বাহিনীয়ে ৷ আনহাতে নিহত বায়ুসেনাকেইজনৰ মৃতদেহৰ উদ্ধাৰ কাৰ্যত বাধাৰ সৃষ্টি কৰিছে প্ৰতিকূল বতৰে ৷

অভিশপ্ত AN 32ৰ বায়ুসেনাসকল

তেজপুৰ, ১৪ জুনঃ বায়ুসেনাৰ ধ্বংসপ্ৰাপ্ত AN-32 বিমানৰ দুৰ্ঘটনাস্থলীৰ পৰা ককপিট ভইচ ৰেকৰ্ডাৰ আৰু ফ্লাইট ডাটা ৰেকৰ্ডাৰ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে বায়ুসেনাই ৷ ইয়াৰ উপৰিও বায়ুসেনাই অক্ষত অৱস্থাত উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে বিমানখনৰ ব্লেকবক্স ৷

আনহাতে বায়ুসেনাৰ শ্বহীদসকলৰ মৃতদেহ বৰ্তমান সময়লৈকে এয়াৰলিফ্ট কৰিব পৰা নাই বায়ুসেনা কৰ্তৃপক্ষই ৷ এইক্ষেত্ৰত প্ৰতিকূল বতৰে ব্যাপক অসুবিধাৰ সৃষ্টি কৰিছে বুলি জনাইছে বায়ুসেনাৰ মুখপাত্ৰ উইং কামাণ্ডাৰ ৰত্নাকৰ সিঙে ৷

উল্লেখ্য যে, ককপিট ভইচ ৰেকৰ্ডাৰ হৈছে এক যন্ত্ৰ যিয়ে বিমানৰ ভিতৰত সকলো কথোপকথন ৰেকৰ্ড কৰি ৰাখে ৷ আনহাতে ককপিট ভইচ ৰেকৰ্ডাৰৰ দৰেই ফ্লাইট ডাটা ৰেকৰ্ডাৰো একেধৰণৰেই এক যন্ত্ৰ যিয়ে বিমানৰ উৰণ সম্পৰ্কীয় প্ৰায় 88বিধ তথ্য যেনে, সময়, উচ্চতা, বিমানৰ গতিবেগ আদি ৰেকৰ্ড কৰি ৰাখে ৷ কিছুমান ফ্লাইট ডাটা ৰেকৰ্ডাৰে বিমানৰ উৰণ সম্পৰ্কীয় প্ৰায় এহেজাৰবিধ তথ্য সংৰক্ষণ কৰিব পাৰি ৷

AN -32 ৰ  ককপিট ভইচ ৰেকৰডাৰ আৰু এফ ডি আৰ  উদ্ধাৰ 
এতিয়াও বাকী উদ্ধাৰ কাৰ্য 

তেজপুৰ,১৪ জুন : বায়ুসেনাৰ ধ্বংস পাপ্ত বিমানৰ ককপিট ভইচ ৰেকৰডাৰ CVRআৰু ফ্লাইট ডাটা ৰেকৰডাৰ  FDR   আজি উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে দুৰ্ঘটনাস্থলীৰ পৰা ৷
বায়ু সেনাৰ শ্বহীদ সকল এতিয়াও ধ্বংসপাপ্ত স্থানতে ৰখা হৈছে প্ৰতিকূল বতৰে উদ্ধাৰ কাৰী দলক যথেষ্ট বাধাৰ সৃষ্টি কৰাৰ বাবে এই মুহুৰ্তলৈকে  এয়াৰ লিফ্ট কৰিব পৰা হোৱা নাই বুলি জনাইছে প্ৰতিৰক্ষা বিভাগৰ মুখপাত্ৰ উইং কামাণ্ডাৰ ৰত্নাকৰ সিঙে ৷
সেনা , বায়ু সেনা আৰু ৰাজ্যিক পৰ্বতাৰোহীৰ দলে এতিয়াও সক্ষম হোৱা নাই দুৰ্ঘটনা স্থলীৰ পৰা উথিবলৈ ৷
আনহাতে বৃহস্পতিবাৰে ৰাজ্যিক প্ৰশাসনৰ পৰা আৰু ৩ জন পৰ্বতাৰোহীক উক্ত স্থানলৈ প্ৰৰণ কৰে ,পূৰ্বে বায়ু সেনাৰ ৯ জন , সেনাৰ ৪ জন আৰু ৰাজ্যিকৰ ২ জনৰে মুঠ ১৫ জনীয়া দল প্ৰেৰন কৰিছিল , বৰ্তমান মুঠ ১৮ উদ্ধাৰকাৰীয়ে দুৰঘটনাস্থলিত অৱস্থান কৰি আছে ৷ প্ৰৱল বৃষ্টি পাত আৰু ঘন কুঁৱলীয়ে   উদ্ধাৰ কাৰ্যত আজিও অসুবিধাৰ সৃষ্টি কৰিছে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.