ETV Bharat / city

অৰুণাচল প্ৰদেশৰ বিধায়ক ক’লনিক ক’ভিড চিকিৎসালয়লৈ ৰূপান্তৰ কৰাক লৈ বিৰোধিতা - ৰাজ্যখনৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডু

অৰুণাচল প্ৰদেশৰ বিধায়ক ক’লনি কোভিড-19 চিকিৎসালয়লৈ ৰূপান্তৰ কৰাক লৈ স্থানীয় লোকৰ বিৰোধিতা ৷ এই সন্দৰ্ভত স্বাস্থ্য মন্ত্ৰীৰ প্ৰতিক্ৰিয়া ৷

Arunachal Pradesh MLA Colony conversion of Covid to medical treatment,Oppose local people

author img

By

Published : Jul 18, 2020, 8:56 PM IST

Updated : Jul 18, 2020, 9:31 PM IST

তেজপুৰ, 18 জুলাই : অৰুণাচল প্ৰদেশৰ ৰাজধানী ইটানগৰত দৈনিক বৃদ্ধি পাইছে মহামাৰী কৰ'ণা ভাইৰাছৰ সংক্ৰমণ । এই সংক্ৰমণৰ বাবে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে যোৱা 15 জুলাইত ৰাজধানী চহৰৰ চিমপুত নৱ নিৰ্মিত বিধায়ক ক’লনিখন ক’ভিড-19 চিকিৎসালয়লৈ ৰূপান্তৰিত কৰাৰ কথা ঘোষণা কৰাৰ পিছতেই স্থানীয় ৰাইজৰ প্ৰতিবাদ সাব্যস্ত কৰে ।

অৰুণাচল প্ৰদেশৰ বিধায়ক ক’লনিক ক’ভিড চিকিৎসালৈ ৰূপান্তৰ কৰাক লৈ বিৰোধিতা

অৰুণাচল প্ৰদেশ চৰকাৰে কেবিনেট আৰু বিধায়ক সকলৰ সিদ্ধান্তৰ পাছতেই এই কথা ঘোষণা কৰিছিল ৷ কিন্তু এই সিদ্ধান্তৰ বিৰোধীতা কৰিছে চিমপুস্থিত স্থানীয় ৰাইজে ৷

উল্লেখ্য যে, অৰুণাচল প্ৰদেশৰ পশ্চিম লোকসভাৰ সাংসদ তথা কেন্দ্ৰীয় ক্ৰীড়ামন্ত্ৰী কিৰেণ ৰিজিজুৱেও এই পদক্ষেপ গ্ৰহণ কৰাৰ বাবে টুইট যুগে প্ৰশংসা কৰিছিল ।

প্ৰায় 6 হাজাৰৰ অধিক লোকৰ বসতিস্থল চিমপু অঞ্চলত বৰ্তমানলৈকে কোনো স্থানীয় লোকৰ মাজত কৰ’ণা মহামাৰীৰ সংক্ৰমণ হোৱা নাই ৷ যাৰ বাবে যদি ইয়াত কৰ’ণা ৰোগীৰ চিকিৎসা কৰিবলৈ আৰম্ভ কৰা হয় তেনেহলে অঞ্চলৰ লোক সকলৰ মাজত সংক্ৰমণৰ সম্ভাৱনা বৃদ্ধি হোৱাৰ আশংকা কৰিয়ে স্থানীয় লোক সকলে বিধায়ক ক’লনি লৈ যোৱা পথ বন্ধ কৰি দিয়ে ।

এই সমগ্ৰ ঘটনাৰ পাছত ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী আলো লিবাঙে স্পষ্টভাৱে জনায় যে, ৰাজ্যখনত মাত্ৰ এখন সাধাৰণ চিকিৎসালয়ৰ বাদে আছে নাহৰলাগুণত 40 খন বিচনাযুক্ত তম ৰিবা মেডিকেল কলেজ ইনষ্টিটিউট ৷ কিন্তু ৰোগীৰ সংখ্যা বৃদ্ধি হোৱাৰ বাবে বিধায়ক সকলৰ ক’লনি সম্পূৰ্ণ স্বাস্থ্য সন্মত আৰু ইয়াক বৰ্তমানলৈ ব্যৱহাৰ কৰা হোৱা নাই সেইবাবে এইটো চিকিৎসালৈ ৰূপান্তৰ কৰাত সহায়ক হ’ব । আনহাতে ৰাজ্যিক স্বাস্থ্য সচিব, স্বাস্থ্য মন্ত্ৰী চিকিৎসকৰ দল ইতিমধ্যে বিধায়ক ক’লনি পৰিদৰ্শন কৰাৰ পিছতো জনসাধাৰণৰ মাজত তৎপৰতা বৃদ্ধি পাইছে আৰু ক’লনি ৰ পথ বন্ধ কৰি দিছে ।

লগতে চাওক-বিহাৰত ভয়ংকৰ ৰূপ ধাৰণ বানপানীৰ, 30টা খণ্ড প্ৰভাৱিত

Last Updated : Jul 18, 2020, 9:31 PM IST

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.